“সোণাপুৰত ভোগালী মেলা”

Spread the love

সোণাপুৰত ভোগালী মেলা

Assam, December 11:

আজি সোণাপুৰ নিউ মাৰ্কেটত গণকণ্ঠ ৰ উদ্যোগত উৎপাদিত সামগ্ৰীৰে ভোগালী মেলা অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখ যোগ্য যে অসমৰ বিভিন্ন প্ৰান্তৰ কৃষক ৰাইজৰ সহযোগত গণকণ্ঠ ৰ সদস্য তথা শুভাকাংক্ষীসকলে কৃষি জাত সামগ্ৰী উৎপাদন কৰে। উৎপাদিত কৃষি জাত সামগ্ৰী সমূহৰ বজাৰ দখল কৰাৰ প্ৰাৰম্ভিক কৰ্ম কৌশল হিচাপে ভোগালী মেলা কাৰ্যসূচী অনুষ্ঠিত কৰে । গণকণ্ঠ ৰ দ্বাৰা আয়োজিত ভোগালী মেলা কাৰ্যসূচী উপলক্ষে ডিমৰীয়া অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলৰ সন্মুখত দিনৰ ১১ বজাত সোণাপুৰ শাখা সাহিত্য সভাৰ সভাপতি অজিত দত্ত ,সম্পাদক ডাঃ চন্দন বৰুৱা , আৰু শিল্পী সমাজ ডিমৰীয়া ৰ উপ সভাপতি সতীশ কলিতায়ে ভোগালী মেলা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।

 

By: R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *