হিমন্ত বিশ্ব শৰ্মাই মিঞাক অপমান কৰিছে, কৰিবই

Spread the love

Himanta Biswa Sarma হিমন্ত বিশ্ব শৰ্মাই মিঞাক অপমান কৰিছে, কৰিবই

Assam, February 5:

ৰাজ্যৰ অতি প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মিঞা মুছলমানক অপমান কৰিছে, আগলৈও কৰিব।

পিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ মিঞা মুছলমানে কৰাৰ প্ৰয়োজন নাই, কিয়নো তেওঁক এদিন অপমান কৰিব স্বয়ং পৰমাত্মা পৰমেশ্বৰে।

জীৱনত আমি বহু অহংকাৰী তথা প্ৰতিপত্তিশালী ৰজা-মহাৰজা দেখিছোঁ, দেখিছোঁ অনেক ঐশ্বৰ্যশালী, প্ৰাচুৰ্য্যময় তথা ব্যাপক ক্ষমতাৰ অধিকাৰী মহা শক্তিধৰ শাসক কিদৰে তচনচ হৈ গৈছে।

গতিকে ড° হিমন্ত বিশ্ব শৰ্মাৰ বিষয়টো ঈশ্বৰ-আল্লাহৰ ওপৰত স্পৰ্ধিত কৰি মিঞা মুছলমানে নিজৰ মাজতে আত্মসমালোচনা কৰা উচিত।

কিয় বাৰে বাৰে এই জাতিটোক টাৰ্গেট কৰি লোৱা হৈছে? কিয় এই দৰে মিঞা মুছলমান সকলক তুচ্ছ-তাচ্ছিল্য কৰি মানসিকভাৱে কষ্ট দিয়া হৈছে? কিয় ইতিকিং কৰা হয় এই পিছ পৰা জনগোষ্ঠীটোক? বিকশিত অসম গঢ়াৰ ক্ষেত্ৰত অপৰিসীম অৱদান ৰখা মিঞা মুছলমান সকলে আৰু কিমান দিনলৈ সহি থাকিব লাগিব এই অসহনীয় অপমান? অসমৰ ধাননি পথাৰখনক শস্য শ্যামলা কৰা পৰিশ্ৰমী মিঞা জাতিটো বাৰেপতি এই দৰে লাঞ্চিত, অপমানিত হৈয়েই থাকিব নে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰিব? সম্প্রতি এই বিষয়ে চিন্তা-গবেষণা তথা বিচাৰ-বিশ্লেষণ কৰাৰ সময় সমাগত।

মিঞা মুছলমানক অপমান কৰাজনক কেৱল সমালোচনাৰে থকা সৰকা কৰিলে বা নতুনকৈ ৰাজনৈতিক দলৰ জন্ম দিলেই সমস্যা সমাধান হৈ নাযায়।

নিজৰ সমস্যা নিজে সমাধান কৰিব নোৱাৰিলে আনে সেই সমস্যা কেতিয়াওঁ সমাধান কৰি নিদিয়ে।

প্ৰথমে নিজকে নিজে সংশোধন কৰিব লাগিব। নিজৰ মাজত আত্মসমালোচনা কৰিব লাগিব।

আমি অসমীয়া ভাষা জীয়াই ৰাখিছোঁ বুলি কৈ আত্মসন্তুষ্টি লভিলে নহব, প্ৰকৃত অসমীয়া হবলৈও যত্ন কৰিব লাগিব।

আজি যি কাৰণে মিঞাক একাংশই হিংসা, ঘৃণা কৰে সেই কাৰণসমূহ বিচাৰি উলিয়াই তাৰ সমাধানসূত্ৰ উদ্ভাৱন কৰিব লাগিব।

লিখা-পঢ়াৰ ওপৰত জোৰ দিয়াৰ সমান্তৰালকৈ পৰিস্কাৰ-পৰিচন্নতাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব পাৰিব।

মিঞা সমাজত যিসমূহ কুপ্ৰথা আজিও প্ৰচলিত হৈ আছে সেয়া নিৰ্মূল কৰিব লাগিব।

সাচ-পোছাকৰ ক্ষেত্ৰতো পৰিবতৰ্ন আনিব লাগিব। বাল্যবিবাহ, বহু বিবাহ, শ্বৰিয়ত বিৰোধী তালাক প্ৰথা, অধিক সন্তান জন্ম দিয়া বন্ধ কৰিব লাগিব।

তদুপৰি সমাজৰ পৰা জুৱা, মদ, ভাং ড্ৰাগছ, নাৰী নিৰ্যাতন, চুৰি-ডকাইতি, ঠগ-প্ৰৱঞ্চনা, দুৰ্নীতি-ভ্ৰষ্টাচাৰ, হিংসা, অপহৰণ, ধর্ষণ, হত্যাকে আদি কৰি সকলো ধৰণৰ অপৰাধ-অপকৰ্ম তথা অসামাজিক পাপ কাৰ্য নাইকিয়া কৰিবলৈ আহোপুৰুষাৰ্থ লাগিব।

বহু ঠাইত গো মাংস ভক্ষণ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰা দেখা নাযায় বাবেই হিন্দু ভাইসকলৰ আস্থা আৰু বিশ্বাসত আঘাত জন্মে, তাৰ প্ৰতিও সজাগ-সচেতন হ’ব লাগিব।

আজি-কালি লাভ জেহাদৰ প্ৰসংগও উত্থাপন হৈছে; বহু মুছলমানে নিজৰ নাম-ঠিকনা লুকুৱাই ৰাখি অন্য ধর্মৰ ছোৱালীক প্ৰেম জালত পেলাই সেই ছোৱালীজনীৰ জীৱন নষ্ট কৰাৰ গুৰুতৰ অভিযোগ উঠিছে।

এই সমূহৰ পিনে (যিবোৰ কাৰণত অধিকাংশ অমুছলমানেই মিঞা মুছলমানক ঘৃণা কৰে) কানষাৰ নিদি কেৱল আনক দোষাৰোপ কৰাটো মোৰ যুক্তিত নপৰে।

আজি হিমন্তই মিঞাক অপমান কৰিছে, কৰিব বুলি কোৱাৰ কাৰণে বহু মিঞাই খংত অগ্নিশৰ্মা হৈ পৰিছে, একাংশই লগ লাগি মুছলিম জাতীয় পৰিষদ নামৰ এটি ৰাজনৈতিক দলৰো জন্ম দিছে, পিছে অসমৰ ৩৫ শতাংশ মুছলমানে ৰাজনৈতিক দল গঠন কৰি মিঞাৰ কিমানখিনি উপকাৰ সাধন কৰিব পাৰিব আজিৰ তাৰিখত এইটো এটা লাখটকীয়া প্ৰশ্ন।

মোৰ বোধেৰে এই ধৰণৰ হঠকাৰী সিদ্ধান্তই আগন্তুক দিনত সংখ্যালঘু মিঞা মুছলমানক সংখ্যাগুৰু হিন্দুৰ পৰা আঁতৰাইহে ৰাখিব।

আজি হিমন্তই যদি মিঞাক লৈ ঠাট্টা-মস্কৰা কৰি আছে, আনফালে আকৌ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মিঞা মুছলমানৰ হৈ মাত মাতিছে, তেনেস্থলত কেৱল হিমন্তৰ কাৰণে গোটেই হিন্দু সম্প্ৰদায়ক বা বিজেপি দলটোকেই বেয়া পোৱা সমীচিন নহব।

কেৱল ড° হিমন্ত বিশ্ব শৰ্মাই যে মিঞাক অপমান কৰিছে তেনেকুৱা নহয়, সংখ্যালঘু উন্নয়ন বোৰ্ডৰ সভাপতি মমিনুল আওৱাল, খিলঞ্জীয়া মুছলিম পৰিষদৰ সভাপতি গৰাকীয়েও দেখোন মিঞাক বেয়াকৈ অপমান কৰিছে, তাকো হিমন্তত কৈ এখোপ বেছি, পিছে তেওঁলোকৰ ক্ষেত্ৰত আমি নিমাত কিয়? নে হিমন্ত হিন্দু হোৱাৰ বাবে তেওঁৰ বিৰুদ্ধাচৰণ কৰা হৈছে আৰু মমিনুল আওৱাল আৰু খিলঞ্জীয়া মুছলিম পৰিষদৰ সভাপতি গৰাকী মুছলমান হোৱাৰ বাবে তেওঁলোক দুয়োৰে প্ৰতি আদৰ জন্মিছে? এয়াও কিন্তু এক প্ৰকাৰ সাম্প্ৰদায়িক।

হয় এগৰাকী দ্বায়িত্বশীল মন্ত্ৰীয়ে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি এনেকুৱা মন্তব্য কৰা ঠিক নহয়, আমি প্ৰত্যেকেই তেওঁৰ সুমতি কামনা কৰা উচিত, তাকে নকৰি যদি তেওঁৰ পিছে পিছে দৌৰি থাকো তেন্তে জাতিটোৰ উত্তৰণ কদাপি সম্ভব নহয়।

 

জুলহাছ আলী আহমেদ R News India 24 

Leave a Reply

Your email address will not be published. Required fields are marked *