অম্বুবাচী মেলাঃ

Spread the love

অম্বুবাচী হৈছে প্রাচীন কালৰে পৰাই অসমত প্ৰচলিত হৈ অহা এক লোকাচাৰ।

ই এক ঋতুকালীন কৃষিভিত্তিক উৎসৱ।

অসমৰ গুৱাহাটী কামাখ্যা মন্দিৰত আজিৰে পৰা ম্পূৰ্ণ ভাৱে আৰম্ভ হৈছে অম্বুবাচী মেলা।

প্ৰতিবছৰে জুন মাহত অৰ্থাৎ আহাৰ মাহৰ ৭ তাৰিখৰ পৰা ইয়াক উদযাপন কৰা হয়।

অম্বুবাচী শব্দটো “অম্বু” আৰু “বাচী” দুটা শব্দৰ পৰা উৎপত্তি হৈছে। অম্বু মানে হৈছে পানী আৰু বাচী মানে হৈছে প্ৰস্ফুটিত হোৱা। অম্বুবাচীৰ অৰ্থ হৈছে ব্যাপক পানীৰ সঞ্চাৰ হোৱা।

ই পৃথিৱীত হ’বলগা বৰষুণৰ সম্ভাৱনীয়তাক প্ৰকাশ কৰে আৰু ইয়াৰ পৰাই পৃথিৱীৰ উৰ্বৰতা বৃদ্ধি হয় আৰু উৎপাদনক্ষম হয়।

অম্বুবাচীক নামনি অসমত “আমতি” বা “আমেতি” আৰু উজনি অসমত “সাত লগা” বুলি কয়।

সকলো কৃষিমূলক কাম-কাজ যেনে হাল বোৱা, খান্দা, শস্য ৰোৱা আৰু শস্যৰ পৰিবহন এই সময়ত বন্ধ ৰখা হয়।

বিধৱা, ব্ৰহ্মচাৰী আৰু ব্ৰাহ্মণ সকলেও ৰন্ধা-বঢ়া বন্ধ ৰাখে।

চতুৰ্থ দিনা অৰ্থাৎ অম্বুবাচী সমাপ্ত হোৱাৰ দিনা ঘৰৰ সকলো বাচন-বৰ্তন, কাপোৰ আদি ধুই পেলোৱা হয় আৰু সেইবোৰত শান্তি পানী চটিওৱা হয়, এই সকলো শুদ্ধিৰ কাম কৰাৰ পাছত আৰু প্ৰয়োজনীয় ৰীতি নীতি সমূহ সম্পূৰ্ণ কৰাৰ পাছত কামাখ্যা দেৱীক প্ৰাৰ্থনা কৰা হয়।

এই সকলোবোৰৰ পাছত মঠ-মন্দিৰত প্ৰৱেশ কৰাটো শুভ বুলি জ্ঞান কৰা হয়।

সমূহ অসমবাসীলৈ অম্বুবাচী মেলাৰ শুভেচ্ছা জনালোঁ।

 

#সংগীতাৰ প্রতিবেদন #Rnewsindia24

Leave a Reply

Your email address will not be published. Required fields are marked *