মৃত্যুৰ বাটেৰে গুচি গ’ল ৪ জন অভিন্ন বন্ধুঃ ৰোহিত দাস, ঋষভ দাস, অংকুৰজ্যোতি বৰা, ৰাহুল সেনাপতি।

Spread the love

জীৱনটো হৈছে এখন যুদ্ধক্ষেত্ৰ আৰু মৃত্যু হৈছে ইয়াৰ পৰিসমাপ্তি।

জীয়াই থাকিবলৈ প্ৰত্যেকেই জীৱন যুঁজত যুঁজিবলগীয়া হয়।
তাত হয়তো কোনোবাজন জয়ী হয় আৰু কোনোবাজন হয় পৰাজয়।

মৃত্যুৰ বাটেৰে গুচি গ’ল ৪ জন অভিন্ন বন্ধু।
কাৰ, কেতিয়া মৃত্যু হ’ব এয়া কোনেও কব নোৱাৰে।

চৌদিশে প্ৰচণ্ড বৰষুণ। গাড়ীৰ সন্মুখৰ গ্লাছ কেইখনত কিন কিন কৈ বৰষুণৰ টোপালবোৰ।
খিৰিকীখন মেলি দিলেই শীতল বতাহ এজাকে মন প্ৰাণ চুই যোৱা বতৰ।

প্ৰকৃতিৰ এনে অনন্য ৰূপৰ মাজেৰে আগবাঢ়িল ৫ জন বন্ধু।
মাজে মাজে সন্মুখৰ আইনাখন চাফা কৰি লয় বৰষুণৰ বাট।
৫ জন বন্ধুৰ মাজত চলিছিল কথাৰ আড্ডা- সমাজ, ৰাজনীতি, বৰষুণ, বানপানী অনেক।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ আঁচনি।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন। 

যোৰহাটৰ পৰা গুৱাহাটীৰ অভিমুখে আহি থকা বাহনখনে এঠাইত নিয়ন্ত্ৰন হেৰুৱাই পেলাই।
সেই ঠাইখিনি আছিল কলিয়াবৰৰ কাঞ্চনজুৰি
৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে আহি থকাৰ সময়তে কাঞ্চনজুৰি পথৰ পৰা বাগৰি দ’ খাৱৈত পৰে বাহন খন।

লাহে লাহে দ’ খাৱৈৰ বুকুত অদৃশ্য হবলৈ ধৰা বাহনখনৰ আইনা ভাঙি এজন বন্ধু ওলাই আহিবলৈ সক্ষম হল যদিও শৰীৰ আঘাত প্ৰাপ্ত হয়।

লগৰ কেইজনক সহায় কৰিবলৈ যাওঁতে সম্পূৰ্ণৰূপে বাহনখন ডুব যায়। যাৰ ফলত কৰুণ মৃত্যুক সাৱতি লয় আন ৪ জন বন্ধুৱে

এই শোকাৱহ দুৰ্ঘটনাই আজি ম্ৰিয়মান কৰি তুলিছে সমগ্ৰ ৰাজ্যবাসীক।

দুৰ্ঘটনাত প্ৰাণ হেৰুৱা ৪ জন বন্ধু ৰোহিত দাস, ঋষভ দাস, অংকুৰজ্যোতি বৰা, ৰাহুল সেনাপতি।
আনহাতে প্ৰাণৰক্ষা পৰিল শচীন বৰদলৈ

চকুৰ সন্মুখতে ৪ জন বন্ধুৰ শোকত ভাগি পৰিছে শচীন।

বন্ধুৰ জীৱন ৰক্ষা কৰিব নোৱাৰা দুখে ম্ৰিয়মান কৰি তুলিছে।

গাড়ীৰ চিল্টবেল্ট পৰিধান কৰি থকাৰ বাবেই বন্ধুকেইজন ওলাই আহিব নোৱাৰিলে বুলি সন্দেহ কৰিছে শচীনে।

ইফালে যুৱক কেইজনৰ মৃত্যু শুনি কান্দোনৰ ৰোল উঠিছে ৰোহিত, ঋষভ, অংকুৰ আৰু ৰাহুলৰ পৰিয়ালত। এই ভয়ংকৰ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱতি লোৱাত শোকাস্তদ্ধ হৈ পৰিছে।

তেওঁলোকক অশ্ৰুসিক্ত শ্ৰুদ্ধাঞ্জলী জনাইছোঁ।
অজান দেশত শান্তিৰে থাকক চিৰকাল।

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *