পঁইতাভাতত এনে কি ৰহস্য আছে ? কেতিয়া, কিয়, খাব নালাগে।

Spread the love

উস্ঃ বৰ গৰম।
গৰম বুলি একো নোখোৱাকৈ থাকিব পাৰি নে?

বিশেষকৈ গৰমৰ দিনত অসমীয়া ৰাইজৰ প্ৰিয় খাদ্য

এইবিধ খাদ্য ইমান কষ্ট কৰিবও নালাগে।

ৰাতি আমি সকলোৱে ভাত খাই ভাতৰ চৰুত থাকি যোৱা ভাত কেইটাত অকন পানী দি থলেই হ’ল।

আইতা হ’তে আকৌ কোৱা শুনো, ভাতৰ চৰু কোনোদিনে খালি কৰিব নাপায়

ওৰে ৰাতি পানীত তিয়াই ৰাখি পিছদিনা খাবৰ বাবে ব্যৱহাৰ কৰা এক বিশেষ খাদ্য।

পানীত তিয়াই ৰখা বাবে ই সামান্য টেঙা হৈ পৰে।

নিশ্চয়! গমেই পাইছে মই কি খাদ্যৰ কথা কৈছোঁ।

সেইবিধেই হ’ল পঁইতা ভাত

কথাতে কয়- পঁইতা ভাতৰ জল, তিনি পুৰুষৰ বল
এই ভাতৰ লগত মাছ পোৰা পিটিকা, আলু পিটিকা, আচাৰ, খৰিছা, ভাজি, নেমু টেঙা থাকিলে উফ!

আপোনালোকৰ নিশ্চয় লোভৰ পানী পৰি গৈছে নহয়?

পঁইতাভাত খোৱা প্ৰাচীন কালৰ পৰা চলি আহিছে।

মোগলৰ শাসনকালত সামাজিক-সাংস্কৃতিক প্ৰতিষ্ঠানৰ সদস্যসকলে আয়োজন কৰা মুকলি অনুষ্ঠানৰ দৰ্শক আৰু শ্ৰোতাবৃন্দ সকলক পঁইতাভাত খুৱাইছিল

পঁইতা ভাতৰ পানী খিনিক পোতনি বুলি কোৱা হয়।

ঠাই বিশেষে পঁইতাভাতৰ নাম বেলেগ বেলেগ।

উৰিষ্যাত ‘পোখালো’, চীনত দেশত ‘জিউ নিয়াং, নামনি অসমত ‘পণ্টা’ ভাত আৰু উজনিত ‘পঁইতা’ ভাত, পশ্চিম বংগত ‘পান্তা’ ভাত, তামিলনাডুত ‘পাজহায়া চৰু’, কেৰালাত ‘পাজহাম কাঞ্জি’, ছত্তীছগঢ়ত ‘পাখালা ভাত’, আদি ।

এতিয়া জানো আহক পঁইতাভাত আমাৰ দেহৰ বাবে কিমান উপকাৰীঃ

1.পঁইতা ভাতত সৃষ্টি হোৱা বেক্টেৰিয়া আৰু লেক্টিক এচিডে কোষ্ঠ-কাঠিন্যৰ সমস্যা দূৰ কৰাত সহায় কৰে।

2. পঁইতা ভাতত লেক্টিক এচিডৰ পৰিমাণ বেছি থাকে বাবে মাতৃৰ দুগ্ধ বেছিকৈ নিঃসৰণ কৰাত সহায় কৰে।

3.পঁইতাভাতে দেহত সোনকালে বয়সৰ চাপ দূৰ কৰে।

4.পঁইতা ভাতত চৰ্বীৰ পৰিমাণ কম থাকে বাবে এই ভাত খালে মানুহ শকত নহয়।
5.পঁইতা ভাতে শৰীৰত তাপমাত্ৰাৰ ভাৰসাম্য বজাই ৰাখে৷

6.পঁইতাভাত খালে গেছৰ সমস্যা নাইকিয়া হয় আৰু বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰে।

7.ৰঙা চাউলৰ বা উখুৱা চাউলৰ পঁইতা ভাতত অধিক পৰিমাণৰ পটাচিয়াম থাকে।
তেনে পটাচিয়াম যুক্ত খাদ্যৰ দ্বাৰা মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে।

8. পঁইতা ভাতত উৎপন্ন হোৱা ভিটামিন-‘বি’ আৰু আন মাইক্ৰো-অৰ্গেনিজমবিলাকৰ বাবে পাকস্থলীত হোৱা দাগ নিৰাময় কৰাটো সহায়ক হয়।
ই পাকস্থলীৰ pH লেভেলৰো সমতা ৰক্ষা কৰে।

9. বিজ্ঞানীসকলৰ মতে ১০০ গ্ৰাম গৰম ভাতত ৩.৪ মিলিগ্ৰাম আয়ৰণ থাকে।

আনহাতে এৰাতি তিয়াই থোৱা পঁইতা ভাতত আয়ৰণৰ মাত্ৰা ৭৩.৯১ মিলিগ্ৰাম পোৱা যায়।

10.পঁইতাভাতত থকা বেক্টেৰিয়াবোৰে প্ৰোবায়োটিকৰ কাম কৰে আৰু আন খাদ্যৰ অৱশোষণত সহায় কৰে।

NE HYGIENE SOLUTIONS

SERVICES :-> Pest control Services
>House keeping Services
>Facility management
>Deep cleaning Services
>Supplying of Hygiene chemicals & Tools
>Marble polishing
>Sofa shampooing
>Glass cleaning

Phone No – 8861255323 / 9980130059
Email: Md@nehygienesolutions.com/Support@nehygienesolutions.com
Website : Nehygienesolitions.com

গতিকে গৰম দিনকেইটাতে পঁইতাভাত তৃপ্তিৰে খাই লওঁক,
ঠাণ্ডা দিনত এই ভাত খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক হ’ব পাৰে

আমি সকলোৱে আজিৰ পৰা পঁইতাভাত খোৱাৰ আৰম্ভ কৰি দিও আহক।

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *