ঋতুস্ৰাৱকে ধৰি বিভিন্ন ৰোগৰ পৰা পৰিত্ৰান পাবলৈ নিয়মীয়াকৈ এনেদৰে খাওঁক মানিমুনি।

Spread the love

মানিমুনিঃ হৈছে মগজুৰ সতেজতা, সক্ৰিয়তা
স্মৃতিশক্তি আদি গুণ সম্পন্ন।

মানিমুনিত মেলিক এচিড, এচকৰ্বিক এচিড, মেডেছিয়েটিক এচিড, ব্ৰাহ্মীনোচাইড, ভিটামিন-বি আৰু বহুতো খনিজ পদাৰ্থ পোৱা যায়।

জানো আহক মানিমুনিয়ে আমাৰ দেহত কি কি ৰোগ প্ৰতিৰোধ কৰে :-

1. মানিমুনিয়ে চৰ্মৰোগ- চ’ৰিয়’চিচ, খৰ, খহু,খজুৱতি,এলাৰ্জি, লুপাচ আদি নিৰাময় কৰে।

2. মানিমুনিয়ে মহিলাৰ জৰায়ুত ঘাঁ, বগাস্ৰাৱ হোৱাত ভাল কৰে।

3. মানিমুনিয়ে পুৰুষ-মহিলা উভয়ৰে যৌন ক্ষমতা বঢ়োৱাত সহায় কৰে।

4. মানিমুনিয়ে কম চুলি থকা লোকৰ চুলি গজাত সহায় কৰে আৰু চুলি সৰা ৰোধ কৰে।

6. মানিমুনি খালে হজম শক্তি বৃদ্ধি হয় আৰু মানিমুনিৰ ৰসে অৰুচি গুচাই।

7. মানিমুনিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, টোপনি স্বাভাৱিক কৰে, মানসিক উত্তেজনা নোহোৱা কৰে।

8. মানিমুনিয়ে গ্ৰহণী, কুষ্ঠ ৰোগ, পিত্ত ৰোগৰ বাবে অতিকৈ উপকাৰী।

9. মানিমুনি কাঁহ, জ্বৰ, টনচিলৰ অসুখ, শ্বাসজনিত বুকুৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।

10. মানিমুনিয়ে স্নায়ুতন্ত্ৰৰ উপকাৰিতা- মগজুৰ সতেজতা,সক্ৰিয়তা,
স্মৃতিশক্তি বঢ়ায় ৷

11. মহিলাৰ গৰ্ভনিৰোধক,অনিয়মীয়া ঋতুস্ৰাৱ হলে মানিমুনি খালে সুফল পোৱা যায়।

মানিমুনিৰ বৈজ্ঞানিক নাম “চেনটেলা ত্ৰিছয়াটিকা“।
মানিমুনি শাকৰ ৰস নিয়মীয়াকৈ খালে পেটৰ অসুখত কোনোদিনে ভুগিব নালাগে।

মানিমুনি শাক বিধ ৰুবও নালাগে, নিজে নিজেই হয়।

তথাপিও আমি অৱহেলা কৰোঁ।
মানিমুনি দুবিধ আছে – সৰু মানিমুনি আৰু বৰ মানিমুনি

ডাঙৰ মানিমুনিতকৈ সৰু মানিমুনিত বেছি উপকাৰী।

মানিমুনি কেঁচা চাটনি, ভাজি বা ৰস খিনি উলিয়াই, আঞ্জা বনাইও খাব পাৰি।

 

মানিমুনি খালে শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন হয়।

মানিমুনিয়ে আমাক দেহৰ বহুতো বেমাৰৰ পৰা বচাই ৰাখে।

গতিকে নিয়মীয়াকৈ মানিমুনি ৰস খাওঁক আৰু শৰীৰটো ভালে ৰাখক।

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *