গৰম পানী খালে কি কি বিপদত পৰিব পাৰে জানে নে ?
পানীয়েই হৈছে প্ৰাণীৰ প্ৰাণঃ
কেঞ্চাৰ, ব্লাড প্ৰেচাৰ, পেৰালাইচিচ, ডাইবেটিজ আদি মাৰাত্মক ৰোগৰ বাবে গৰম পানী অতি উত্তম।
পানীয়ে আমাৰ শৰীৰক শক্তি দিয়ে।
পানীয়েই ঔষধ।
জানোঁ আহক গৰম পানী আমাৰ শৰীৰৰ বাবে কিমান উপকাৰীঃ
1.গৰম পানীয়ে মানুহক চাপ আৰু উদ্বেগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
2.পুৱা শুই উঠি খালী পেটত গৰম পানী খালে কৌষ্ঠকাঠিন্য ৰোগৰ পৰা পৰিত্ৰান পাই আৰু পেট চাফা হৈ থাকে।
3.নিয়মিত গৰম পানী সেৱন কৰিলে বাত বিষ নহয়।
4.আপুনি যদি ছালৰ যিকোনো ৰোগত ভুগি আছে আৰু আপোনাৰ ছালৰ যদি উজ্জলতা নাইকিয়া হৈ গৈছে তেন্তে গৰম পানী খাওঁক।
5. ছালৰ উজ্জলতা বৃদ্ধি আৰু খৰ- খজুৱতি আদি সমস্যাৰ পৰা বাছি থাকিবৰ বাবে গৰম পানী উত্তম।
6.মাহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত পেট বিষ হলে এক গিলাচ গৰম পানীৰ লগত এক চামুচ ঘিউ মিহলাই লৈ খালে এই বিষৰ পৰা উপশম লাভ কৰে।
7. হাত ভৰি জিন জিনাই থাকিলে গৰম পানী খালে অতি সোনকালে ভাল হয়।
8.খালি পেটত ৰাতিপুৱা গৰম পানী খালে প্ৰসাৱ সম্বন্ধীয় ৰোগৰ পৰা উপশম পায় আৰু বৃক্ক পৰিস্কাৰ হৈ থাকে।
9. পেটত হোৱা গেছৰ বাবে যদি গাৰ বিষ হয়, তেন্তে গৰম পানী খালে গেছৰ সমস্যা ঠিক হোৱাৰ লগতে বিষ কমি যায়।
10. গৰম পানীয়ে শৰীৰৰ পৰা অলাগতিয়াল বিষাক্ত পদাৰ্থসমূহ নিঃসৰণত সহায় কৰে।
11.গৰম পানীয়ে শৰীৰৰ তেজ চলাচল ঠিক ৰাখে আৰু ঘামৰ মাধ্যমেৰে বেয়া বস্তু সহজতে উলিয়াই দিব পাৰে।
গতিকে নিয়মিয়াকৈ গৰম পানী খাওঁক আৰু শৰীৰটো ভালে ৰাখক।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24