আপুনি হাত-ভৰিৰ গাঁঠিৰ বিষত ভুগি আছে নেকি? যদি আছে এই কেইটা ঘৰুৱা উপায়েৰে গাঁঠিৰ বিষ নিৰাময় কৰক।
শীতকালত চুলি ফটা, চুলি সৰা, গাৰ বিষ, গাৰ ছাল শোতোৰা পৰা, গাঁঠি বিষ, ভৰি-হাত ফটা আদি বিভিন্ন সমস্যাই দেখা দিয়ে।
তাৰ ভিতৰত গাঁঠি বিষ কিয় হয়, কেনেকৈ নিৰাময় কৰিব পাৰি জানো আহক।
চিকিৎসকৰ মতে, শীতকালত গাঁঠিৰ বিষ অনুভৱ কৰাৰ এটা প্ৰধান কাৰণ হ’ল ৰ’দৰ অভাৱ, যিয়ে শৰীৰত ভিটামিন-ডি যোগান ধৰে।
ভিটামিন-ডিয়ে গাঁঠি, হাড় আৰু পেশী সুস্থ কৰি ৰখাত সহায় কৰে।
এইদৰে শীতকালত ভিটামিন-ডিৰ মাত্ৰা কম হোৱাটো গাঁঠি বিষৰ অন্যতম কাৰণ।
আন এটা কাৰণ হ’ব পাৰে শীতকালত উষ্ণতা কমি যোৱা, যাৰ বাবে বেৰ’মেট্ৰিক চাপো যথেষ্ট কমি যায়।
জানো আহক কেনেকৈ গাঁঠিৰ বিষৰ পৰা পৰিত্ৰান পাব পাৰোঁ-
ক) শৰীৰত শীতৰ প্ৰভাব নপৰাকৈ গৰম হৈ ৰখাতো সমস্যাৰ অন্যতম সমাধান।
ইয়াৰ কাৰণে গৰম কাপোৰ পৰিধান কৰক।
খ) ব্যায়ামে গাঁঠিৰ বিষ নিৰাময়ত সহায় কৰে।
যদি আপুনি সঘনাই ব্যায়াম কৰে, তেন্তে গাঁঠিবোৰ নমনীয় আৰু কোমল হৈ থাকিব।
তদুপৰি ব্যায়ামে তেজৰ সোঁত বৃদ্ধি কৰে আৰু গাঁঠিবোৰ তৈলাক্ত কৰাত সহায় কৰে।
ব্যায়াম কেৱল আপোনাৰ গাঁঠিৰ বাবেই উপকাৰী নহয়, ইয়াৰ দ্বাৰা আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যও উপকাৰ সাধন হ’ব।
গ) শৰীৰৰ কাৰণে উপযুক্ত সুষম আহাৰ গ্ৰহণ কৰাতো অতি প্ৰয়োজনীয়।
হাড় আৰু গাঁঠিৰ বাবে স্বাস্থ্যসন্মত আৰু সুষম খাদ্য গ্ৰহণ কৰিব লাগে, য’ত হাড়ৰ বাবে প্ৰয়োজনীয় পৰ্যাপ্ত পৰিমাণৰ পুষ্টি আৰু খনিজ পদাৰ্থ থাকে।
গতিকে, আপুনি যদি এই সমস্যাত ভুগি আছে অতিশীঘ্ৰে উল্লেখিত বিষয় কেইটা গ্ৰহন কৰক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
News Editor Sangita Dutta R News India 24