ঘৰুৱা উপায়েৰে ওখ কেনেকৈ হব পাৰি ?

Spread the love
Mising Autonomous Council
Mising Autonomous Council .

আপুনি চাপৰ নেকি? আপুনি চাপৰ কিয় হ’ল? আৰু অলপ ওখ হোৱা হলে আপোনাক আৰু ভাল লাগিলে হয়।
এইধৰণৰ বিভিন্ন প্ৰশ্নবোৰে আমাৰ মনত দোলা দি থাকে।

আচলতে চাপৰ মানুহজন কিছু কিছু ক্ষেত্ৰত সমস্যাৰো সন্মুখীন নোহোৱা নহয়৷

সাধাৰণতে মানুহৰ এটা বয়সৰ পাছত আৰু শাৰীৰিক গঠনৰ বৃদ্ধি নহয়৷
এই সময়টো পোন্ধৰৰ পৰা ওঠৰ বছৰ বয়সলৈ থাকে যদিও কিছুমান ব্যায়াম আৰু পুষ্টিকাৰক দ্ৰব্যৰ জৰিয়তেও ওখ হোৱাৰ সম্ভাৱনীয়তা থাকে৷

জানো আহক কেইটামান ঘৰুৱা উপায়েৰে আৰু অলপ ওখ হওঁ আহকঃ

1. আমাৰ বিকাশৰ কাৰণে ভিটামিন, প্ৰ’টিনযুক্ত শাক-পাচলি অতি প্ৰয়োজনীয়৷
আপুনি যদি নিয়মীয়াকৈ পুষ্টিযুক্ত আহাৰ খাই থাকে, তেনেহ’লে আপোনাৰ উচ্চতা বৃদ্ধি হব।

2. মেৰুদণ্ড পোণ কৰি খোজ কঢ়াৰ অভ্যাস কৰিব লাগে৷
এনে কৰিলে মেৰুদণ্ড টান হৈ পৰে, তেতিয়া লাহে লাহে উচ্চতা বৃদ্ধিত সহায়ক হয়৷

3. ওখ হ’বৰ বাবে চাইকেল চলাব লাগে আৰু সাঁতোৰিব লাগে।
সাঁতোৰাৰ ফলত আমাৰ শৰীৰৰ সকলো অংগৰে সঞ্চালন হয়৷

4. অতি কমেও আঠ ঘন্টা আপুনি সম্পূৰ্ণ পোন হৈ যদি শুৱে তেতিয়া উচ্চতা বৃদ্ধি হব।

5. মূৰ তুলি পোন হৈ খোজ কাঢ়িলে মেৰুদণ্ডত টান পৰে আৰু তেতিয়া লাহে লাহে উচ্চতা বৃদ্ধি হোৱাত সহায়ক হয়।

6. ব্যায়াম আমাৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজন।
ব্যায়াম কৰিলে উচ্চতা বৃদ্ধি হয়।

এই কেইটা উপায়েৰে যিকোনো বয়সতে আপোনাৰ উচ্চতা বৃদ্ধি কৰাব পাৰে।

গতিকে, এই কেইটা ঘৰুৱা উপায়েৰে আপুনি আপোনাৰ উচ্চতা বৃদ্ধি কৰক আৰু সুখ, আনন্দেৰে জীৱন অতিবাহিত কৰক।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদ ।

ধন্যবাদ।

 

কাংকান কায়োমৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *