৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam may 12/2023:-
1. যুগ্ম জীৱনৰ পাতনি মেলাৰ মন মেলিছে অসমৰ দুগৰাকী যুৱতীয়ে।
নাম এলিজা আহমেদ আৰু মণিষা ৰাভা।
সঁচা ভালপোৱাক পূৰ্ণাংগ ৰূপ দি দুয়োগৰাকী যুৱতীৰ মাজত আজি সম্পন্ন হয় আঙুঠি পিন্ধোৱা পৰ্ব।
জানিব পৰা মতে, এলিজা আহমেদ নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাৰ্চ হিচাপে কৰ্মৰত আৰু মণিষা ৰাভা এগৰাকী বিউটিচিয়ান।
2. আজি বৰেণ্য সাহিত্যিক,সাংবাদিক হোমেন বৰগোহাঞিৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী৷
Rnewsindia24 তৰফৰ পৰা একাঁজলি শ্ৰদ্ধাঞ্জলী।
3. আজি আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস।
এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি গুৱাহাটীৰ চানমাৰিস্থিত ৰেড ক্ৰছ হাস্পতালৰ নাৰ্ছসকললৈ বিশেষ সন্মান।
জিলা কংগ্ৰেছৰ তৰফৰ পৰা এই সন্মান প্ৰদান কৰে নাৰ্ছসকলক।
4. আজি ঘোষণা হোৱা CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৯৩.১২ শতাংশ৷
২৪ ফেব্ৰুৱাৰীৰ পৰা ১০ মাৰ্চলৈ অনুষ্ঠিত হৈছিল পৰীক্ষা৷
৩৪ লাখ ৮০ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত, ইয়াৰে ২১ লাখ ৪০ হাজাৰ ছাত্ৰী, ১৩ লাখ ৪০ হাজাৰ ছাত্ৰ৷
উত্তৰ-পূবৰ ৩৪৩ টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা৷
5. কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত অসুস্থ৷
শিল্পীগৰাকীক মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি হৈ আছে।
কণ্ঠশিল্পীগৰাকীয়ে ছ’চিয়েল মিডিয়াত সদৰী কৰে এই কথা৷
6. কাৰ্বি ৰজা ৰামছিং ৰংহাঙৰ দেহাৱসান৷
জনগোষ্ঠীটোৰ সৰ্বোচ্চ সামাজিক পদাধিকাৰী আছিল ৰামছিং৷
দীৰ্ঘদিনৰে পৰা অসুস্থতাত ভুগি আছিল ৰামছিং ৰংহাং৷
৭৫ বছৰ বয়সত হামৰেণৰ নকবে তেৰাং গাঁৱত শেষনিশ্বাস ত্যাগ কৰে৷
7. ৰাজ্যৰ সকলো বিদ্যালয়লৈ ছেবাৰ কঠোৰ নিৰ্দেশনা৷
ছেবাৰ প’ৰ্টেলত আপলোড কৰিব লাগিব নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ নম্বৰ৷
৩১ মে’ৰ পূৰ্বে আপলোড কৰিবলৈ কঠোৰ নিৰ্দেশনা ছেবাৰ৷
বছৰেকীয়া পৰীক্ষাৰ নম্বৰ প’ৰ্টেলত আপলোড কৰিবলৈ জাননী৷
প’ৰ্টেলত পৰীক্ষাৰ নম্বৰ আপলোড নকৰিলে বহিব নোৱাৰিব মেট্ৰিকত৷
নতুন শিক্ষানীতিৰ আধাৰত এই নিৰ্দেশনা ছেবাৰ৷
8. মহানগৰীৰ বশিষ্ঠ চাৰিআলিত ভয়ংকৰ ঘটনা৷
নিৰ্মাণৰত উৰণ সেতুৰ সমীপতে দুৰ্ঘটনাগ্ৰস্ত ক্ৰেন৷
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় এগৰাকী যুৱতী৷
কথমপি প্ৰাণ ৰক্ষা বহু লোকৰ।
9. আজিৰে পৰা ঢকুৱাখনাত ঐতিহাসিক ফাটবিহু৷
তিনিদিনীয়াকৈ ম’হঘূলি চাপৰিত অনুষ্ঠিত কৰা হয় ফাটবিহু৷
ফাটবিহুক লৈ উখল-মাখল চাৰিকড়ীয়াৰ পাৰৰ ম’হঘুলি চাপৰি৷
10. হাইলাকান্দিৰ ৰতনপুৰ বজাৰত ভয়াৱহ অগ্নিকাণ্ড৷
অগ্নিকাণ্ডত জাহ গ’ল ২০খনৰো অধিক দোকান৷
অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰে যদিও ভস্মীভূত হয় বহুকেইখন দোকান৷
11. সোণাপুৰৰ মৰকদোলাত বিধ্বংসী অগ্নিকাণ্ড৷
ধূপকাঠী, আইচক্ৰীমৰ শলা বনোৱা কাৰখানাত অগ্নিকাণ্ড৷
এচেন্ট বেম্বো ইণ্ডাষ্ট্ৰী নামৰ প্ৰতিষ্ঠানটোত হয় এই অগ্নিকাণ্ড৷
12. কাছাৰৰ কালাইনত ভয়ংকৰ ঘটনা৷
নাবালিকাক ধৰ্ষণ কৰি বিহ পান কৰোৱাই হত্যা৷
আনোৱাৰ উদ্দিন নামৰ ৫০ বছৰীয়া এটা লম্পটৰ কামনাৰ বলি নাবালিকা।
13. বিদ্যালয়ৰ ব্লেকব’ৰ্ডত চোৰে “love you, মই চোৰ” বুলি লিখি লৈ গ’ল ১১খন চিলিং ফেন, ৪টা কম্পিউটাৰ,৪টা পানী মটৰ, ১.৫ লাখ টকাৰ বাচন, ২টা পানী ফিল্টাৰ, ২টা চিলিণ্ডাৰ আৰু অন্যান্য বহু সামগ্ৰী৷
এই ঘটনা সংঘটিত হৈছে ছিপাঝাৰৰ লেঙা-কুৰুৱা আদৰ্শ হাইস্কুলত।
14. গুজৰাটৰ আহমেদাবাদৰ ভেজলপুৰত অঘটন৷
হঠাৎ খহি পৰে এটা ৩ মহলীয়া অট্টালিকা৷
অট্টালিকাটোৰ পৰা ২৬ গৰাকী লোকক সুকলমে উদ্ধাৰ কৰা হৈছে।
ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ দল৷
15. ধেমাজিৰ অসম-অৰুণাচল সীমান্তৰ জয়ৰামপুৰত ভয়ংকৰ অগ্নিকাণ্ড।
বিদ্যুৎ পৰিবাহী তাঁৰৰ পৰা ভয়াৱহভাৱে বিয়পিছে জুই।
কাষৰীয়া গাঁৱলৈও ভাবুকি কঢ়িয়াই আনিছে এই জুয়ে।
16. ISSF বিশ্বকাপত ৰূপৰ পদক অৰ্জন কৰে শ্বুটাৰ হৃদয় হাজৰিকা আৰু নেঞ্চীয়ে।
আজাৰবাইজানত হৈছিল ISSF বিশ্বকাপ।
17. শিশু নিৰ্যাতনকাৰী ডাঃ সংগীতা দত্তক পুনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।
৫ দিনৰ বাবে সংগীতাক আৰক্ষীৰ জিম্মাত দিলে POCSO আদালতে।
18. ‘সকলোৱে কয় দুলিয়াজান ধনী ঠাই কিন্তু ইয়াত এটা চিনেমা হল নাই, ৰাস্তাৰো অৱস্থাই নাই; বৰ দুখৰ কথা’।
দুলিয়াজানৰ বিহু অনুষ্ঠানত এই মন্তব্য জুবিন গাৰ্গৰ।
19. গুৱাহাটীৰ সমীপৰ চাংসাৰিত বিদেশী চিগাৰেটভৰ্তি ট্ৰাক জব্দ কৰা হয়।
সীমা শুল্ক বিভাগৰ অভিযানত জব্দ কৰে চিগাৰেটভৰ্তি এখন ট্ৰাক।
কোৰিয়া–ইণ্ডোনেচিয়াৰ পৰা সৰবৰাহ কৰা হৈছিল চিগাৰেটখিনি।
20. গোৱালপাৰাত মৃতকৰ সকামত চালানী মাছ খাই এজনৰ মৃত্যু।
লগতে ডেৰ শতাধিক লোক অসুস্থ হয়।
দিপীলাতো বিয়া ঘৰৰ ভোজভাত চালানী মাছ খাই শিশুসহ ১৩ জন লোক আক্রান্ত হৈছে।
Post navigation
Go Top