৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam July 21/2023:-
1. দুদিনীয়া উত্তৰ-পূব ভ্ৰমণসূচীৰে অসমত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ।
গুৱাহাটীত অনুষ্ঠিত পৰোক্ষ কৰ আৰু শুল্ক বিভাগৰ ‘ইনভেষ্টেচাৰ সমাৰোহ- ২০২৩’ত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে।
অনুষ্ঠানত ৰাষ্ট্ৰপতি বঁটাপ্ৰাপক CBICৰ ২৯গৰাকী বিষয়া-কৰ্মচাৰীক সম্বর্ধনা জ্ঞাপন কৰে।
2. জম্মু-কাশ্মীৰত অসমৰ CRPF জোৱানৰ মৃত্যু।
হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় CRPF জোৱান টংকেশ্বৰ দাস।
মৃত জোৱানজনৰ ঘৰ মৰিয়নিত।
3. গহপুৰ ডফলাগড় চাহ বাগিচাত মন্ত্ৰী সঞ্জয় কিষাণ।
সুখমন মুণ্ডাৰ পৰিয়ালৰ কাষত উপস্থিত হয় মন্ত্ৰীগৰাকী।
১০ জুলাইত চাহ ফেক্টৰীৰ মেচিনত সোমায় মৃত্যু হোৱা মুণ্ডাৰ পৰিয়ালক ৮ লাখ ৪২ হাজাৰ টকা প্ৰদান কৰে।
4. বকোৰ বদলাত অঘটন।
দলঙৰ পৰা বাইকসহ পানীত পৰে আৰোহী।
জৰাজীৰ্ণ কাঠৰ দলং পাৰ হওঁতে সংঘটিত হয় এই ঘটনা।
5. হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল’গান মহিলা কংগ্ৰেছৰ।
মণিপুৰ কাণ্ডক লৈ ৰাজীৱ ভৱনত প্ৰতিবাদ সাব্যস্ত কৰে মহিলা কংগ্ৰেছে।
6. বিধায়ক তেৰছ গোৱালা অসুস্থ।
সম্প্ৰতি দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বিধায়কগৰাকী।
7. মহাৰাষ্ট্ৰৰ ৰায়গড়ত ভয়ংকৰ ভূমিস্খলন।
ৰায়গড়ৰ ইৰশালৱাড়ী গাঁৱত খহি পৰে প্ৰকাণ্ড পাহাৰ।
১৬টা মৃতদেহ উদ্ধাৰ কৰে NDRF-এ।
ভূমিস্খলনত ১০০ৰো অধিক লোক আবদ্ধ হৈ থকাৰ আশংকা।
পাহাৰৰ মাটিত পোত গৈছে ৪০টাৰো অধিক বাসগৃহ।
ঘটনাস্থলীত NDRFৰ উদ্ধাৰ অভিযান অব্যাহত।
8. নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে নগাঁৱত আৰক্ষীৰ অভিযান।
কটকীগাঁৱৰ পৰা ২০টা চাবোনৰ বাকচত ২৭৭গ্ৰাম হেৰ’ইন জব্দ কৰে।
আৰক্ষীয়ে আটক কৰে ৩ ড্ৰাগছ সৰবৰাহকাৰীক।
9. জুৰীয়াত মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা।
বেজালি কৰিবলৈ আহি মৃত্যুক সাবটিলে এজনে।
জুৰীয়াৰ তিনিচুকীয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা।
ঘটনাক লৈ জুৰীয়া চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।
10. চাকৰিৰ প্ৰলোভনেৰে হাৰিয়ানাত বিক্ৰী অসমৰ যুৱতী।
প্ৰতাৰণাৰে বিয়া কৰোৱাৰ অভিযোগত হাৰিয়ানাৰ জিন্দত ৩ ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু।
গুৱাহাটীত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰ বলি ডিব্ৰুগড়ৰ ২২ বছৰীয়া যুৱতী।
11. শিলচৰৰ সোনাবাড়ীঘাটত পিষ্টলসহ গ্ৰেপ্তাৰ এজন যুৱক।
গোপান সূত্ৰৰ ভিত্তিত ৰাঙিৰখাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক।
এখন মাৰুতি বাহনত তালাচী চলাই জব্দ কৰে পিষ্টল।
ধৃত যুৱকজন বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহৰে জড়িত।
12. মণিপুৰ ঘটনাৰ মূল অভিযুক্তৰ বাসগৃহত অগ্নিসংযোগ।
অভিযুক্ত হুইৰাম হেৰদাস সিঙৰ বাসগৃহত অগ্নিসংযোগ কৰে মেইৰা পাইবিৰ সদস্যই।
থাউবাল জিলাৰ ইয়াইৰিপক অঞ্চলত থকা বাসগৃহ অগ্নিসংযোগ।
13. DGPৰ কঠোৰ নিৰ্দেশৰ পাছতে শৰীৰচৰ্চাৰ ওপৰত গুৰুত্ব আৰোপ অসম আৰক্ষীৰ।
BMI পৰীক্ষাৰ বাবে সাজু হৈছে গোলাঘাট আৰক্ষী।
শাৰীৰিক ব্যায়ামত ব্যস্ত আৰক্ষী নিৱেশৰ বিষয়া-কৰ্মী।
14. সংঘৰ্ষজৰ্জৰ মণিপুৰত তীব্ৰতৰ সেনা-আৰক্ষীৰ অভিযান।
ৰাজ্যখনৰ ১২৯টা স্থানত স্থাপন তালাচী চকী।
সংঘৰ্ষত জড়িতৰ অভিযোগত ৬৫৭জন লোকক আটক।
আৰক্ষীৰ তালাচীত মাৰণাস্ত্ৰ, গোলা-বাৰুদ জব্দ কৰে।
পূব ইম্ফলৰ পৰা আৰক্ষীয়ে জব্দ কৰে মাৰণাস্ত্ৰখিনি।
15. ৰহাৰ চাপৰমুখত আৰক্ষীৰ গুলীচালনা।
দুধৰ্ষ ড্ৰাগছ মাফিয়াক ধৰিবলৈ শূন্যলৈ গুলী আৰক্ষীৰ।
জব্দ কৰে ড্ৰাগছভৰ্তি ২০টা চাবোনৰ বাকচ।
চাপৰমুখ আৰু কামপুৰ আৰক্ষীৰ এই অভিযান।
চাপৰমুখ আৰু কামপুৰ আৰক্ষীৰ এই অভিযানত আটক কৰে ৩ ড্ৰাগছ মাফিয়াক।
16. দৰঙৰ খাৰুপেটীয়াৰ ৰাজপথত দপদপাই জ্বলি উঠে এখন ট্ৰাক৷
গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী আছিল ট্ৰাকখন৷
যান্ত্ৰিক বিজুতিৰ বাবে জ্বলি উঠে ট্ৰাকখন৷
17. কন্যাক ৰে’লত উঠাই দিবলৈ আহি ৰে’লৰ চেপাত মাতৃৰ মৃত্যু।
মৃত মহিলাগৰাকী গোৱৰ্ধনাৰ চুৰাতন নেছা।
বৰপেটাৰোড ৰে’ল ষ্টেচনত সংঘটিত হয় এই ৰে’ল দুৰ্ঘটনাটো।
18. নাজিৰাৰ গেলেকী হাতিপটীৰ তৈলখাদত বিধ্বংসী অগ্নিকাণ্ড৷
SKP RIG NUMBER 152ৰ তৈলখাদত জুই৷
কথমপি প্ৰাণৰক্ষা ১৫ গৰাকীকৈ কৰ্মচাৰীৰ৷
যান্ত্ৰিক বিজুতিৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ড৷
19. সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত নিৰ্বাচন আয়োগৰ শুনানিৰ আজি অন্তিমটো দিন।
৯খনকৈ জিলাৰ অভিযোগ-প্ৰতি অভিযোগ গ্ৰহণ কৰে নিৰ্বাচন আয়োগৰ দলে।
20. যোৰাবাটত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ।
হস্তিনাপুৰত পথ নিৰ্মাণত ঠিকাদাৰে লুন্ঠন চলোৱাৰ অভিযোগ।
অতি নিম্ন মানেৰে পথ নিৰ্মাণ কৰি চৰকাৰী ধন হৰলুকিৰ চেষ্টা ঠিকাদাৰৰ।
যোৰাবাট আৰক্ষী চকীত ঠিকাদাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে স্থানীয় ৰাইজে।