৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com Assam August 30/2023:- 

1. আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে মালিগাঁৱৰ নীলাচল উৰণসেতু।
৪ লেনযুক্ত উৰণসেতুখনৰ দৈৰ্ঘ্য ২.৬ কিলোমিটাৰ।
৪২০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে সেতুখন।
উৰণসেতু মুকলি অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকী মন্ত্ৰী-সাংসদ-বিধায়কৰ লগতে বহু গণ্যমান্য ব্যক্তি।Himanta Biswa Sarma

2. অৱশেষত ASP শুভলক্ষ্মী দত্তক নিলম্বন।
বন কৰা মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগত নিলম্বন কৰে বিষয়া গৰাকী।

3. ডিব্ৰুগড়ত নিৰ্মাণ হ’ব নেচাৰ’পেথী হাস্পতাল।
জকাই অঞ্চলত হ’ব ১০০খন বিছনাযুক্ত হাস্পতাল।
হাস্পতালখনৰ স্থান পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

4. মণিপুৰত পুনৰ গুলীচালনা।
বিষ্ণুপুৰ, চূৰাচান্দপুৰ জিলাত আক্ৰমণ-প্ৰত্যাক্ৰমণত নিহত হয় ২ জন।
বিষ্ণুপুৰ জিলাত সান্ধ্য আইন জাৰি কৰিছে প্ৰশাসনে।

5. গুৱাহাটীত বন্ধ হ’ব ডিজেল চালিত চিটী বাছ।
জানুৱাৰীৰ পৰা গুৱাহাটীত চলিব ASTCৰ ইলেক্ট্ৰিক বাছ।
ASTCয়ে ক্ৰয় কৰিব ২০০খন ইলেক্ট্ৰিক বাছ।

6. নগৰবেৰাৰ জামলাইত দুদিনীয়াকৈ অনুষ্ঠিত হয় পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা।
প্ৰতিযোগিতাত ১০খনকৈ নাৱে অংশগ্ৰহণ কৰে।

7. অংকিতা দত্তলৈ CBIৰ চমন।
আজি কলকাতাস্থিত CBI কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ।
সাৰদা কেলেংকাৰিৰ গোচৰত হাজিৰ হোৱাৰ নিৰ্দেশ।
প্ৰয়াত পিতৃ অঞ্জন দত্ত মালিকানাধীন অনুভূতি প্ৰিণ্টাৰ্ছৰ নাম সাঙোৰ খোৱাৰ বাবে অংকিতাক তলব।

8. ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব প্ৰথম পৰ্যায়ৰ EVM, VVPATৰ পৰীক্ষা।
সম্পন্ন হ’ব ৫৫ হাজাৰ EVM পৰীক্ষা।
প্ৰয়োজনত অনা হ’ব অতিৰিক্ত EVM ।
প্ৰক্ৰিয়াটোত নিয়োজিত হ’ব প্ৰায় ২০০গৰাকী ECIL অভিযন্তা।
আমন্ত্ৰণ জনোৱা হ’ব ৰাজনৈতিক দলৰ প্ৰতিনিধিকো।
নিৰ্বাচন আয়ুক্ত কাৰ্যালয়ৰ সূত্ৰই সদৰী কৰে এই কথা।

 

Mising Autonomous Council
Mising Autonomous Council

 

9. পাণবজাৰ মহিলা আৰক্ষী থানাত অগ্নিকাণ্ড।
শ্বৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হয় এই ঘটনা।
অগ্নিকাণ্ডত আঘাতপ্ৰাপ্ত হোৱা নাই কোনো লোক।
ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী।

10. গোলকগঞ্জত আৰক্ষীৰ অভিযান।
চোৰাং গৰুসহ সৰবৰাহকাৰীক আটক কৰে।
বিলাসী বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৩টা চোৰাং গৰু।

11. নতুন দিল্লীত জাৰি ১৪৪ ধাৰা।
১৫ দিনৰ বাবে জাৰি কৰা হয় ১৪৪ ধাৰা।
ড্ৰোন উৰণত নিষেধাজ্ঞা দিল্লী প্ৰশাসনৰ।
G20 বৈঠকৰ বাবে জাৰি কৰা হ’ল এই নিৰ্দেশনা।
দুদিনৰ বাবে বন্ধ থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান।

12. সূৰ্যৰ দিশে উৰা মাৰিবলৈ সাজু আদিত্য-L1।
প্ৰায় সকলো যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে ISRO-এ।
লঞ্চ ৰিহাৰ্চেল আৰু বাহনৰ আভ্যন্তৰীণ পৰীক্ষা সম্পন্ন।
২ ছেপ্টেম্বৰত উৎক্ষেপণ কৰিব আদিত্য-L1।

13. ধুবুৰী জিলাৰ ফুটকীবাৰীত নৱজ্যোতি ফুটবল টুৰ্ণামেণ্টৰ সামৰণি।
ফাইনেল খেলখনৰ শুভাৰম্ভণী কৰে বিটিআৰ চৰকাৰৰ ইএম অৰূপ কুমাৰ দে’ই।

14. বঙাইগাঁৱৰ বীৰপাৰাত বিধ্বস্ত পথক লৈ প্ৰতিবাদ।
জাকৈ মাৰি, ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।

15. ‘নিৰ্বাচন আহিছে বাবে দুশ টকা কমাইছে, নিৰ্বাচন গ’লে আকৌ বঢ়াব।’
চিলিণ্ডাৰৰ দাম হ্ৰাসক লৈ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ ।

16. কাছাৰৰ লাইলাপুৰত আৰক্ষীৰ অভিযান।
জব্দ কৰে ১০,৮০০ কেজি বাৰ্মিজ চুপাৰি।
অবৈধ চুপাৰি সৰবৰাহ কৰা ১০জনক চালক-সহায়কক গ্ৰেপ্তাৰ কৰে কাছাৰ আৰক্ষীয়ে।

17. কোকৰাঝাৰত BPFৰ বৃহৎ যোগদান কাৰ্যসূচী।
BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত UPPL আৰু বিজেপিৰ শতাধিক সদস্যৰ যোগদান BPFত।

18. অৰুণাচলৰ ভালুকপুং চেচাত ভয়ংকৰ ভূমিস্খলন।
বিগত ৪ দিন ধৰি ভূমিস্খলনৰ ফলত আৱদ্ধ হয় শতাধিক যান-বাহন।
আৱদ্ধ হৈ পৰে পাঁচ শতাধিক যাত্রী।

19. চোৰাং কাঠৰ বিৰুদ্ধে হাইলাকান্দিত বন বিভাগৰ অভিযান।
অভিযানত জব্দ কৰে বুজন পৰিমাণৰ অবৈধ চেগুন কাঠ।
লগতে বন বিভাগে জব্দ কৰে এটা কাঠফলা মেচিন।

20. তিনিচুকীয়াত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ।
এখন ছুইফট ডিজায়াৰ বাহনৰ পৰা জব্দ কৰে ৫ কোটি টকাৰ ড্ৰাগছ।

 

Sangita Dutta

By:  News Editor Sangita Dutta

Leave a Reply

Your email address will not be published. Required fields are marked *