ৰাখীবন্ধন- পবিত্ৰতা আৰু আৱেগ-বিশ্বাসৰ বৈচিত্ৰময় সমন্বয় ।
Rnewsindia24.com
সূতাৰ মাহাত্ম্যক ক’ত বিশ্বাস কৰা নহয় ! পুৰণি কালৰে পৰা সনাতনী পৰম্পৰাত বিশ্বাসীসকলে কেঁচা সূতাৰ বান্ধোনক বিশ্বাস কৰে ।
বিশ্বাস কৰে ‘কচ্চে ধাগে’ বা কেঁচা সূতাৰ মাহাত্ম্যক শিখ আৰু ইছলাম ধৰ্মাৱলম্বী সকলেও ।
বৌদ্ধবিহাৰৰ শুকুলা সূতাডালে মনলৈ আনে অপাৰ প্ৰশান্তি ! সূতাডাল যেন আমাৰ পৰা আমালৈ থকা টানৰ প্ৰতীক ! সূতাডাল যেন আমাৰ পৰা পৰমাত্মালৈ থকা অদৃশ্য সূত্ৰৰ প্ৰতীক , সূতাডাল যেন মৰম আৰু বিশ্বাসৰ আৱেষ্টনী !
সেইদৰে, ঐশ্বৰিক প্ৰাৰ্থনাৰ অপাৰ শক্তি নিহিত একোডাল সুন্দৰকৈ সজোৱা কেঁচা সূতাৰ সৈতে সংপৃক্ত পৰম্পৰাগত আৰু ধৰ্মীয় বিশ্বাসকেই নহয় ; এক গভীৰ আৱেগকো প্ৰতিনিধিত্ব কৰে সনাতনীসকলৰ পবিত্ৰ ‘ৰাখীবন্ধন’ উৎসৱে ।
পৌৰাণিক কথাৰ আঁত ধৰি ৰাখীবন্ধনৰ উৎপত্তিৰ সন্ধান কৰিলে বহু কাহিনী-উপকাহিনীৰ সমল পোৱা যায় ।
যিদৰে, প্ৰথম কাহিনী অনুসৰি এবাৰ শ্ৰীবিষ্ণুৱে বামন অৱতাৰ ধৰি মহাপ্ৰতাপী দানৱ ৰজা বলিক তিনিপদ ভূমি বিচাৰিছিল ।
সেই চক্ৰান্তত পৰি বলি ৰজাই ৰাজ্য হেৰুৱাই পাতাললৈ গমন কৰিবলগীয়া হয় ।
বলি ৰজায়ো তেতিয়া পাতালতেই তেওঁৰ সৈতে অতিথিৰ ৰূপত বাস কৰিবলৈ শ্ৰীবিষ্ণুক কথাৰেই বান্ধি পেলায় ।
উপায়হীন হৈ লক্ষ্মীদেৱীয়ে নাৰদ মুনিৰ কাষ চাপেগৈ ।
নাৰদ মুনিৰ উপদেশ মতে, লক্ষ্মীদেৱীয়ে বলিক ৰাখী বান্ধি উপহাৰত পুনৰ শ্ৰীবিষ্ণুকেই বিচাৰি সেই বিপৰ্যয় নাশ কৰে ।
অৰ্থাৎ – সেয়ে আজিও এডাল ‘ৰাখী’য়ে কাৰোবাৰ আহিবলগীয়া বিপৰ্যয় নাশ কৰিব পাৰে বুলি বিশ্বাস কৰা হয় ।
আকৌ, অন্য এক কাহিনী অনুসৰি এবাৰ ইন্দ্ৰলোক অধিকাৰ কৰিবলৈ তথা প্ৰতিশোধী হৈ ইন্দ্ৰক নাশ কৰাৰ বাবে বৃত্তাসুৰ নামৰ এজন অসুৰৰ বৰ উপদ্ৰৱ চলিছিল ।
দেৱৰাজ ইন্দ্ৰৰ সেই সংকটৰ সময়ত দেৱৰাজৰ ভগ্নী ইন্দ্ৰাণীয়ে ককায়েকৰ মণিবন্ধত যুদ্ধলৈ ওলোৱাৰ আগতে নিজ তপোবলসমৃদ্ধ এডাল ৰক্ষাসূত্ৰ বা ‘ৰাখী’ বান্ধি ভগ্নীসুলভ শুভ-মনোবাঞ্চাৰে তেওঁক সকলো সংকট, মৃত্যুভয়, বিপদ-আপদৰ পৰা ৰক্ষা কৰিছিল ।
এই কথাৰে আঁত ধৰি ভগ্নীৰ হাতেৰে পিন্ধোৱা এডাল ৰাখীয়ে ভাতৃক মৃত্যুভয়, যুদ্ধভয়,ৰোগ-পীড়া,সংকট,সকলো বিপদ-আপদ, দুৰ্ঘটনা আদিৰ পৰা ৰক্ষা কৰিব পাৰে বুলি জনবিশ্বাস আছে ।
মহাভাৰতৰ কাহিনীলৈ লক্ষ্য কৰিলে , শ্ৰীকৃষ্ণৰ হাতত এবাৰ দকৈ আঘাত লাগে , ৰক্তাক্ত সেই হাতত দ্ৰৌপদীয়ে তুৰন্তে নিজৰ আঁচলৰ এক অংশ ফালি বান্ধি দিয়ে ।
শ্ৰীকৃষ্ণয়ো এই স্নেহত অভিভূত হৈ দ্ৰৌপদীৰ প্ৰতি ভাতৃসুলভ দায়িত্ব স্বীকাৰ কৰি লয় ।
অৰ্থাৎ – প্ৰতীকি ৰূপত, স্নেহৰ প্ৰকোপত নিজৰ পিন্ধি থকা বস্ত্ৰকো ফালি ভগ্নীয়ে পিন্ধোৱা এডাল ‘ৰাখী’য়ে যেন ভাতৃৰ সকলো প্ৰকাৰৰ শাৰীৰিক আৰু মানসিক আঘাতকেই নিমিষতেই নিঃশেষ কৰিব পাৰে !
আনহাতে,
মহাভাৰত যুদ্ধৰ সময়ত ৰজা যুধিষ্ঠিৰেও হেনো নিজ সৈন্যসকলৰ সুৰক্ষাৰ্থে তেওঁলোকৰ মণিবন্ধত ৰক্ষাসূত্ৰ বান্ধিছিল ।
তাৰমানে, ‘ৰাখী’ৰ তাৎপৰ্য ইমান বিচিত্ৰ যে কেৱল নাৰীয়েই পুৰুষক পিন্ধাব লাগে বুলি থকা ধাৰণাটোকো ই ক’ৰবাত নস্যাৎ কৰি মানুহৰ ৰক্ষাৰ বাবে মানুহৰ থকা বিজয়-প্ৰাৰ্থনাৰ মহানতাক স্বীকাৰ কৰে ।
পাছলৈ, ঐতিহাসিক সময়ৰ পাতত ৰাখীবন্ধনৰ সৈতে মেৱাড়ৰ ৰাণী কৰ্ণাৱতী আৰু মোগল সম্ৰাট হুমায়ুনৰ কাহিনীও পোৱা যায় ।
জনশ্ৰুতি অনুসৰি মেৱাড়ৰ মহাৰাজ ৰাণাসিংহৰ মৃত্যুৰ পাছত ৰাণী কৰ্ণাৱতীয়ে ৰাজ্যভাৰ স্বীকাৰ কৰিবলগাত পৰে ।
সেই সময়তে গুজৰাটৰ শাসক বাহাদুৰ শ্বাহে মেৱাড় আক্ৰমণৰ বাবে উদ্যত হয় ।
নিৰূপায় হৈ ৰাণী কৰ্ণাৱতীয়ে হুমায়ুনক ভাতৃজ্ঞান কৰি তেওঁলৈ এডাল ৰাখী পঠিয়াই দি সহায় বিচাৰে ।
হুমায়ুন ইতিমধ্যেই আন এখন যুদ্ধৰ মাজত থকাৰ বাবে তৎকালীন ভাবে ৰাণীক সহায় কৰিবলৈ অসমৰ্থ হয় যদিও যতমান সোনকালে সম্ভৱ মেৱাড় উদ্ধাৰ কৰি ৰাণীক সহায় কৰিবলৈ ওলায় ।
পাছে,দুৰ্ভাগ্যক্ৰমে হুমায়ুন উপস্থিত হয়গৈ মানে মেৱাড়ৰ দুৰ্গ বাহাদুৰ শ্বাহে দখল কৰাৰ লগতে, ৰাণী কৰ্ণাৱতীয়ে ‘জোহৰ’কৰি প্ৰাণত্যাগ কৰে ।
ইমানৰ পাছতো , হুমায়ুনে কৰ্ণাৱতীয়ে বন্ধা ৰাখীৰ মাহাত্ম্য আৰু পৱিত্ৰতাৰ মোল বুজি, তাৰ সন্মান ৰাখি বাহাদুৰ শ্বাহৰ সৈন্যক খেদি পঠিয়াই মেৱাড়ত ৰাণী কৰ্ণাৱতীৰ পুত্ৰক পুনৰ সংস্থাপিত কৰে ।
এই কথাই ৰাখীবন্ধনৰ পৰম্পৰাই সকলো ধৰ্মীয় বিভেদ নেওচি, জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে, সকলোৰে উৰ্দ্ধত ভাতৃ-ভগ্নীৰ সম্পৰ্কত বিশালতা আৰু মহানতাৰ কথা সোঁৱৰাব পাৰে বুলি অৰ্থৱহ এক বাৰ্তা বহন কৰে ।
ৰূপকথাসমূহ বাদ দিও, ঐতিহাসিক আৰু প্ৰাক্-ঐতিহাসিক পটভূমিলৈ চালে আজিৰে পৰা প্ৰায় ৬০০০ বৰ্ষ পূৰ্বেই আৰম্ভ হোৱা ৰাখীবন্ধনৰ পবিত্ৰ পৰম্পৰাক আজিকোপতি সনাতনী ভাৰতীয়সকলে শ্ৰদ্ধা,বিশ্বাস,ভক্তি আৰু নিবিড় অনুভূতিৰে পালন কৰি আহিছে ।
পৌৰাণিক কথা আৰু ধৰ্মীয় দিশলৈ লক্ষ্য কৰিলে, প্ৰাৰ্থনা আৰু শুভাকাঙ্ক্ষাৰ শক্তিৰে সমৃদ্ধ একোডাল কেঁচাসূতাৰ বান্ধোনে এডাল ৰক্ষাসূত্ৰ হৈ ‘বৰ্ম’ৰ দৰে কাৰোবাক ৰক্ষা কৰিব পাৰে বুলি বিশ্বাস কৰা হয় ।
কিছু লোকে ৰাখীবন্ধন উৎসৱে ভগ্নীৰূপী ‘নাৰী’ক ভাতৃৰূপী ‘পুৰুষে’ ৰক্ষা কৰাটোকে সূচাই ‘পুৰুষতান্ত্ৰিকতা’ক প্ৰতিনিধিত্ব কৰে বুলি এক সম্পূৰ্ণ ভুল ধাৰণা বিয়পালেও, ৰাখীবন্ধনৰ প্ৰকৃত অৰ্থ – ৰাখী বান্ধোঁতাৰ শুভ-প্ৰাৰ্থনা আৰু শুভ-আকাঙ্ক্ষাৰ আশ্চৰ্য শক্তিৰে পিন্ধোঁতাৰ সুৰক্ষা আৰু মংগল কামনা কৰাহে ।
বাদ বাকী স্বাভাৱিকতেই, পুৰুষ-নাৰী নিৰ্বিশেষে আপোন ভাতৃ বা ভগ্নীৰ সৰ্বতোপ্ৰকাৰৰ সুৰক্ষাৰ বাবে তৎপৰ হৈ উঠিব, যিকোনো পৰিস্থিতিতেই ।
মূলতঃ হিন্দু বা সনাতনীসকলৰ বোলা হয় যদিও, ৰাখীবন্ধনৰ পবিত্ৰতা,উৎসাহ-উদ্দীপনা আৰু অন্তৰ্নিহিতঃ অনুভূতিৰে প্ৰভাৱিত হৈ আজি ভাৰতৰ সকলো প্ৰান্ততে,জাতি-ধৰ্ম-বৰ্ণ-সাংস্কৃতিক আৰু আদৰ্শগত পাৰ্থক্য নিৰ্বিশেষে প্ৰায় আটায়েই এই উৎসৱক আঁকোৱালি লৈছে ।
আনহাতে, ভাৰতীয় দৰ্শনৰ ‘বিশ্ব ভাতৃত্ববোধ’ৰ সংজ্ঞায়ো জগতকেই উদ্বুদ্ধ কৰিব পাৰিছে ।
সেয়ে, আজিৰ ৰাখীবন্ধনৰ এই পবিত্ৰ ক্ষণত Rnewsindia24ৰ তৰফৰ পৰা সকলো ভাতৃ-ভগ্নীৰ লগতে, হৃদয়ত আন দহজনৰ প্ৰতি নীৰৱ শুভাকাঙ্ক্ষাৰ বীজ ৰোপণ কৰিব পৰা আটাইলৈকে ৰাখীবন্ধনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
By: Rituparna Sarma