Mising Autonomous Council

Kapé MAC

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Mising Bane Kebang

১/ মিচিং জনগোষ্ঠীৰ বাবে এটি ঐতিহাসিক দিন।

২৮/০৯/২০২৪ তাৰিখে সশস্ত্ৰ সংগ্ৰাম এৰি আনুষ্ঠানিক ভাৱে মূল সূঁতিৰ সৈতে সংযুক্ত হয় LDCM ।

জনাই কৃষ্টি ভৱন প্ৰাঙ্গণত সমগ্ৰ মিচিং জাতীয় সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত মিচিং জনগোষ্ঠীৰ পিতৃ সংগঠন মিচিং বানৌ কেবাঙৰ সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰে।

সভাত আনুষ্ঠানিকভাৱে LDCMক মূল সূঁতিলৈ আদৰণি জনোৱা হয়।

Mising Bane Kebang

সভাপতি পৰমানন্দ চায়েঙীয়াই LDCM ক আদৰনি জনাই Rnewsindia24ত কয় যে LDCM ৰ এই সিদ্ধান্তক সন্মান জনাইছোঁ। এইয়া এক ঐতিহাসিক মূহুৰ্ত। বিশ্বৰ কোনো প্ৰান্তত আজিৰ দৰে এনে অনুষ্ঠান অনুষ্ঠিত হোৱা নাই।

প্ৰথম বাৰৰ বাবে সশস্ত্ৰ সংগ্ৰামক বিশ্বাস কৰা এটা গোটে সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি জাতীয় সংগঠনৰ সৈতে আলোচনাত মিলিত হৈ আনুষ্ঠানিক সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰা কাৰ্য্যসূচী।

আজি আমি গৌৰৱান্বিত প্ৰথম বাৰৰ বাবে মিচিং জনগোষ্ঠীত এই কাৰ্য সম্পন্ন হৈছে।

এই কাৰ্যই সাতামপুৰুষীয়া মিচিং জনগোষ্ঠীৰ সু-সমাজ ব্যৱস্থা তথা শান্তিপ্ৰিয় জনগোষ্ঠী হিচাপে পৰিচিত হৈ অহা সেই ব্যৱস্থাক প্ৰমাণিত কৰিছে।

আমাৰ বিভিন্ন সময়ত পৰিলক্ষিত হৈছে যে, এনে গোট বা সংগঠন সমূহে ৰাজনৈতিক ভাৱে চৰকাৰী পক্ষৰ সৈতে আলোচনাত মিলিত হয় বা আত্মসমৰ্পনৰ কাৰ্য্যসূচী গ্ৰহণ কৰে।

কিন্তু তাৰ পৰিৱৰ্তে আজি মিচিং জনগোষ্ঠীৰ সমাজ ব্যৱস্থাই এক সুকীয়া নিদৰ্শন দাঙি ধৰিলে। আমাৰ মাজৰ যি একাংশই সশস্ত্ৰ সংগ্ৰামক বিশ্বাস কৰিছিল আজি এওঁলোকে দঃঞি পঃলক সাক্ষী কৰি জাতীয় সংগঠন তথা মিচিং জনগোষ্ঠীৰ মূল সূঁতিৰ সৈতে চামিল হয়।

এই কাৰ্য মিচিং জনগোষ্ঠীৰ উন্নয়নত এক সুকীয়া মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈ ৰ’ব।

Mising Bane Kebang

Mising Bane Kebang

LDCM ৰ প্ৰতিষ্ঠাপক সভাপতি ৰোহন পাতিৰে Rnewsindia24 ত মন্তব্য প্ৰকাশ কৰে যে, আমি এই সিদ্ধান্ত জাতিৰ স্বাৰ্থত গ্ৰহণ কৰিছোঁ।

এসময়ত আমি জাতিৰ স্বাৰ্থত সশস্ত্ৰ সংগ্ৰাম গঢ়ি তুলিছিলো আৰু আজি জাতিৰ স্বাৰ্থত সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰিছোঁ।

মিচিং জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্য নোপোৱা পৰ্যন্ত আমাৰ সংগ্ৰাম চলি থাকিব।

আমি সংগ্ৰাম ত্যাগ কৰা নাই।

মিচিং বানৌ কেবাঙৰ নেতৃত্বত জাতীয় সংগঠনে মিচিং জনগোষ্ঠীৰ এক সুন্দৰ গণতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰতিষ্ঠাৰ যি সংগ্ৰাম, এই সংগ্ৰামত আমি সমভাগী হ’ব বিচাৰিছোঁ।

মিচিং জনগোষ্ঠীক আৰ্থ সামাজিক, শৈক্ষিক, ৰাজনৈতিক তথা সৰ্বতোপ্ৰকাৰৰ এক স্বাৱলম্বী সমাজ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত আমি সংকল্পবদ্ধ হৈছোঁ।

পূৰ্বেও আমি জাতিৰ স্বাৰ্থত সংগ্ৰাম কৰিছোঁ আৰু ভৱিষ্যতেও কৰিম।

লগতে সমূহ যুৱ-প্ৰজন্মক আহ্বান জনাইছোঁ – ছয় মিচিং জাতীয় সংগঠনৰ যি সুন্দৰ গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম, এই সংগ্ৰামত হাত উজান দিয়াৰ বাবে।

আনহাতে, ৰৌগৃঃ ৰৌগাম মিচিং জাতীয় ক্ষেত্ৰ পৰিচালনা আৰু মিচিং জনগোষ্ঠীৰ বিভিন্ন স্পৰ্শকাতৰ সামাজিক বিষয়ক লৈ পূৰ্বে বানে কেবাঙে প্ৰস্তাৱ গ্ৰহণ কৰি থোৱা কাৰ্য্যসূচী সমূহ অতিশীঘ্ৰে কাৰ্যকৰী কৰাৰ কথা সদনক অৱগত কৰে সভাপতি পৰমানন্দ চায়েঙীয়াই।

সভাত উপস্থিত থাকে জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু আৰু ছয় মিচিং জাতীয় সংগঠনৰ সমূহ কেন্দ্ৰীয় বিষয়ববীয়া।

 

Mising Autonomous Council

২/ ২৭/০৯/২০২৪ তাৰিখে খানাপাৰাৰ ভিভান্টা তাজত ড০ অৰবিন্দ পানাগাৰিয়াৰ অধ্যক্ষতাত ১৬ নং বিত্ত আয়োগে এখনি বৈঠক অনুষ্ঠিত কৰে।

বৈঠকত মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, কাৰ্য্যবাহী সদস্যদ্বয় জহান দলে আৰু পুৰুষোত্তম দলে উপস্থিত থাকি মিচিং স্বায়ত্বশাসিত পৰিষদ তথা মিচিং জনগোষ্ঠীৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে উত্থাপন কৰে।

 

Paramananda Chayengia

৩/ ২৮/০৯/২০২৪ তাৰিখে জনাই আৱৰ্ত ভৱনত জনাই মহকুমাৰ নৱ নিযুক্ত মহকুমাধিপতি IAS আনন্দ মালহোট্ৰা ক সাক্ষাৎ কৰি বিশেষ আলোচনাত মিলিত হয় মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

উপস্থিত থাকে MMK ৰ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং।

Nila Kanta Doley

৪/ ২৪/০৯/২০২৪ তাৰিখে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া আঁচনি চেৰেপাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৫৯ নং নামনি চেৰেপাই প্ৰাথমিক বিদ্যালয় পকী দেৱাল, নামনি কুমাৰবাৰী মুৰংঘৰ শুভাৰম্ভ কৰে ৩০ নং চাংগা মাজুলী সমষ্টিৰ সাধাৰণ সদস্য নিলকান্ত দলে ।

উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে গনশক্তি, MMK, TMMK, TMPKৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

Mising Autonomous Council

৫/ ২১/০৯/২০২৪ তাৰিখে গোগামুখ চেতিয়া গাঁৱস্থিত RLRC ৰ পাটকাই দক্ষতা বিকাশ প্ৰতিষ্ঠানত মিচিং স্বায়ত্বশাসিত পৰিষদৰ পৃষ্ঠপোষকতাৰে প্ৰশিক্ষণ প্ৰদান কৰা আতিথ্য ব্যৱস্থাপনাৰ দ্বিতীয় বেটছৰ ছাত্ৰ-ছাত্ৰী বিদায় অনুষ্ঠান অনুষ্ঠিত কৰে।

অনুষ্ঠানটি আত ধৰে চত্ৰ মেদকে।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

Paramananda Chayengia

উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দিলীপ কুমাৰ ঝাহ, পাটকাই দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ প্ৰশিক্ষক সকলৰ লগতে সমূহ ছাত্ৰ ছাত্ৰী।

উল্লেখ্য যে, অনুষ্ঠানত প্ৰতিটো বিভাগৰ পৰা নিৰ্বাচিত হোৱা ১২ গৰাকী শ্ৰেষ্ঠ ছাত্ৰ ছাত্ৰীক উদগণিমূলক বঁটাৰে পুৰস্কৃত কৰা হয়।

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *