প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৰ সমাধিক্ষেত্ৰ স্থানৰ ব্যৱস্থা কৰিব নোৱাৰিলে অসম চৰকাৰে।
বিৰোধি দলপতি Debabrata Saikia ৰ প্রতিকৃয়া
আজি ২৪ ঘণ্টা ওকলি যোৱাৰ পিছটো অসম চৰকাৰে গুৱাহাটী মহানগৰীৰ ভিতৰত সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ নশ্বৰ দেহটোৰ অন্ত্যেষ্টিক্ৰিয়া তথা উক্ত স্থানত এটা সমাধিক্ষেত্ৰ নিৰ্মাণৰ হকে এডোখৰ মাটিৰ ব্যৱস্থা কৰি নিদিয়াটো তথা সদিচ্ছা নেদেখুওৱাটো অতি দুৰ্ভাগ্যজনক। অসমক ১৫ বছৰ ধৰি সেৱা আগবঢ়ায় যোৱা, তথা অসমৰ অৰ্থনীতি, সামাজিক, সাংস্কৃতিক তথা প্ৰায় প্ৰতিটো ক্ষেত্ৰতেই এক আমোল পৰিবৰ্তন আনি অসমখনৰ বিকাশত স্মৰণীয় বৰঙণি আগবঢ়োৱা গগৈ ডাঙৰীয়াৰ মৃত্যুত যিটো সময়ত সমগ্ৰ ৰাজ্যবাসী স্তব্ধ তথা তেখেতৰ অনুৰাগীসকল ম্ৰিয়মান হৈ আছে, তেনে এক পৰিস্থিতিত চৰকাৰে নানান নীতি-নিয়ম, আইনৰ দোহাই দি এক প্ৰকাৰে এডোখৰ মাটিৰ প্ৰদান কৰিব নোৱাৰাৰ ইংগিত দিছে। যাৰ বাবে আমাৰ লগতে তেখেতৰ অজস্ৰ গুণমুগ্ধ মৰ্মাহত হৈছে।
আমি কংগ্ৰেছ দলৰ পৰা তেখেতৰ সমাধিক্ষেত্ৰৰ বাবে গুৱাহাটী মহানগৰীৰ ভিতৰত বিচাৰিছিলো আৰু মই জনাত মহানগৰীৰ ভিতৰত চচলৰ উপৰিও এনেকুৱা বহুকেইডোখৰ চৰকাৰী মাটি আছিল, যত আৱন্তন দিব পৰা গ’ল হৈ। কিন্তু চৰকাৰখনে গুৱাহাটীৰ বাহিৰত দিব খোজা কথাটো আমাৰ বাবে গ্ৰহণযোগ্য হোৱা নাই আৰু সেয়েহে পৰিয়ালৰ সদস্য সকলৰ লগতে আমাৰ দলে নৱগ্ৰহতে তেখেতৰ শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্ত ল’লে। চৰকাৰে অৱজ্ঞা কৰিলেও আগন্তুক সময়ত নিশ্চিত ভাৱে কংগ্ৰেছ দলৰ পৰা তেখেতৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ল’ব লগীয়া সকলো প্ৰচেষ্টা হাতত লোৱা হ’ব।
জাতি মাটি ভেটি ৰক্ষা কৰাৰ শ্লোগানি দি এই বিজেপি চৰকাৰ খনে জলসম্পদ বিভাগৰ নদী গৱেষণা কেন্দ্ৰৰ বাবে সংৰক্ষিত ৪ একৰ ভূমি, নীতি বহিৰ্ভূত ভাৱে বেদখল কৰি ৰাজ্যিক বিজেপিৰ ৯ মহলাৰ এক কাৰ্য্যালয়ৰ বাবে কেবিনেটৰ অনুমোদনেৰে ভূমি আৱন্তিত কৰিব পাৰে, কিন্তু আজি গগৈ ছাৰৰ সমাধিস্থলীৰ বাবে মহানগৰীৰ ভিতৰত এডোখৰ মাটি চৰকাৰে আৱন্তন দিব নোৱাৰে। সমগ্ৰ অসমৰ জনতাই আজি এই সন্দৰ্ভত চৰকাৰক প্ৰশ্ন কৰাটো প্ৰয়োজনীয়! কেনেকৈ এওঁলোক ইমান সহানুভূতিহীন হ’ব পাৰে?
চৰকাৰী ভূখণ্ড বেদখল কৰি বিজেপি দলৰ কাৰ্যালয়ৰ বাবে ভূমি অধিগ্ৰহণ কৰোতে সকলো নীতি-নিয়মক জলাঞ্জলি দিবলৈ কুণ্ঠাবোধ নকৰা চৰকাৰখনে এতিয়া নিয়ম-নীতিৰ কথা আওৰাই থকাটো অতিকৈ লজ্জাজনক।
By: R News India 24