rnewsindia24,

শংকৰ-আজানৰ মিলনভূমিত কিহৰ এই ভেদভাৱ?

Spread the love

সাম্প্ৰদায়িক সম্প্ৰীতিৰ ৰাজ্য অসম মুলুকত বিভেদকামী মন্তব্যই শোভা নাপায়। সম্প্ৰতি ভগৱান শ্ৰীকৃষ্ণৰ লীলাভূমিত এচাম উগ্ৰ সাম্প্ৰদায়িক মতাদৰ্শৰ লোকে হিন্দু-মুছলমানৰ জাউতিযুগীয়া ভাতিত্ববোধ, পৰস্পৰৰ মাজত থকা বিশ্বাস আৰু পাৰস্পৰিক সম্পৰ্ক বিনষ্ট কৰিবলৈ সৰ্ব্বতো প্ৰকাৰে ব্যৰ্থ চেষ্টা কৰি গৈছে। এইখন সূৰ্য উঠা দেশত কোনো, কিয় এই ধৰণৰ বিভেদকামী মন্তব্যৰে সমাজত অশান্তিৰ জুইকুৰা প্ৰজ্বলিত কৰিব বিচাৰিছে সেয়া কাৰোৰেই অজানা নহয়। সিহতে বিভিন্ন সময়ত ভিন্ন-ভিন্ন ছদ্মনাম দি সাম্প্ৰদায়িক সম্প্ৰীতিৰ সমাজখনত এনেকুৱা জঘন্য, ঘৃণনীয়, নিন্দনীয় সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই দি মুনাফা আদায় কৰিব বিচাৰিছে। এইখন সুজলা সুফলা শস্য শ্যামলা অসমৰ উন্নয়ন আৰু মৌলিক সমস্যাসমূহৰ প্ৰতি পিঠি যিসকল হিংসাকুৰীয় লোকে সমাজত অসহিষ্ণুতাৰ বাতাবৰণ সৃষ্টি কৰিবলৈ গভীৰ ষড়যন্ত্ৰ কৰি আছে, তেনে ষড়যন্ত্রকাৰীৰ চক্ৰবেহুত সুমাই নপৰি আমি হিন্দু-মুছলমান যিয়েই নহওঁক, কোনেও নিজৰ মাজত থকা একতা, বিশ্বাস আৰু মিলাপ্ৰীতি পাহৰি যাব নালাগিব। হিন্দু, মুছলিম, বৌদ্ধ, খ্ৰীষ্টান, শিখ, জৈন, বৈষ্ণৱ ধৰ্মাৱলম্বী ভাইসকলে ঐক্যবদ্ধ হৈ তেনে কাল-পিশাচক চিনাক্ত কৰি তেওঁলোকক বয়কট কৰিব লাগিব, সি লাগিলে যি ধৰ্মৰেই লোক নহক কিয়। এনে কৰিলে আমাৰ শান্তিপ্ৰিয় সমাজখনৰ পৰা চিৰদিনৰ বাবে অশান্তিৰ জুইকুৰা অৱশ্যেই নিৰ্বাপিত হ’ব আৰু তাৰ ঠাইত শান্তিৰ পুলি গজি উঠিব আৰু ধুমুহাৰ গতিত প্ৰগতিৰ বাট মুকলি হ’ব। এনেওঁ অসমবাসীয়ে হিংসা, ঘৃণা, বিদ্বেষ তথা অশান্তিৰ পৰিবৰ্তে শান্তি, সমন্বয় আৰু প্ৰগতি বিচাৰে। দেশ তথা দহৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত পৰস্পৰে পৰস্পৰক বিশ্বাসতলৈ চলিব বিচাৰে কিন্তু এচাম ধুৰন্ধৰ তথা অতি সাম্প্ৰদায়িক ব্যক্তিয়ে সেয়া কৰিবলৈ দিব নিবিচাৰে, তাৰ পাছতো তেনে শত বাধা-বিপত্তি নেওচি আমি জাতি, ধর্ম, বর্ণ, ভাষা, গোষ্ঠী নিৰ্বিশেষে হিংসা, ঘৃণা, বিদ্বেষ, বৈষম্য বৰ্জন কৰি এখন সুন্দৰ, সুশৃংখল, স্বচ্ছ, অপৰাধ মুক্ত তথা শান্তিপূৰ্ণ সমন্বয়ৰ অসম গঢ়াত ঐক্যবদ্ধ হ’ব, এয়াই সময়ৰ আহ্বান।—

জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)

One thought on “শংকৰ-আজানৰ মিলনভূমিত কিহৰ এই ভেদভাৱ?

Leave a Reply

Your email address will not be published. Required fields are marked *