COVID-19

দেশত পুনৰ লক ডাউন জাৰি কৰা হ’ব নেকি?

Spread the love

COVID-19 হয়, এই প্ৰশ্ন এতিয়া সৰ্বত্ৰ : : দেশত পুনৰ লক ডাউন জাৰি কৰা হ’ব নেকি?
দেশত কৰোনাৰ ভাইৰাছৰ তাণ্ডৱ কিছু পৰিমাণে হ্ৰাস পাইছিল যদিও বিগত ১৮ নৱেম্বৰৰ পৰা পুনৰ ঠায়ে ঠায়ে দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা, মৃত্যুৰ সংখ্যাও বাঢ়িছে। বিশেষকৈ দিল্লীত কভিড-১৯’ ৰ প্ৰকোপ যথেষ্ট পৰিমাণে বৃদ্ধি পাবলৈ ধৰিছে। একেদৰে কেৰালা, মহাৰাষ্ট্ৰতো দ্ৰুত হাৰত বৃদ্ধি পাইছে কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। মহামাৰী কৰোনা ভাইৰাছৰ মহা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত পুনৰ ল’ক ডাউন ঘোষণা কৰাৰ গুণাগঁথা কৰি আছে আম আদমী পাৰ্টিৰ নেতৃত্বাধীন অৰবিন্দ কেজৰিৱাল চৰকাৰে। এই সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ক অৱগত কৰিছে দিল্লী চৰকাৰে। কেৱল তলাবন্ধই নহয়, সান্ধ্য আইন জাৰি কৰাৰ বিষটোও ন্যায়ালযক জনাইছে। উল্লেখ্য যে, যোৱা ২৪ ঘণ্টাত দিল্লীত কভিড-১৯ত আক্ৰান্ত হৈছে ৫,৮৭৯ জন লোক আৰু মৃত্যুক আঁকোৱালি লৈছে ১১ জনকৈ লোকে। ইফালে মহাৰাষ্ট্ৰতো কৰোনা ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৫,৮৭৯ জন লোক কৰোনাৰ দ্বাৰা আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে। তদুপৰি কেৰেলাৰ অৱস্থাও বেয়া, ততো দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে কৰোনা ৰোগীৰ সংখ্যা। পৰিস্থিতি যাতে ইয়াতকৈ বেয়াৰ ফালে ঢাল নাখায় তাৰ প্ৰতি নজৰ ৰাখিয়েই পুনৰ দিল্লীত আকৌ এবাৰ ল’ক ডাউনৰ চিন্তা-চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। কৰোনা ভয়াবহতাৰ এই সময়ছোৱাত যদি অসম সহ দেশবাসী সজাগতা-সচেতন নহয় তেন্তে পুনৰ আন এক লক ডাউনৰ যাতনা ভুগিবলৈ প্ৰস্তুত তথা ভাল হ’ব।—

জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট

Leave a Reply

Your email address will not be published. Required fields are marked *