অখিল গগৈক মুক্তিৰ দাবী লুৰিণজ্যোতি গগৈৰ

লুৰিণজ্যোতি গগৈৰ
Assam, Dec10 : কৃষক নেতা অখিল গগৈক অতি শীঘ্ৰে মুক্তি দিব লাগে বুলি দাবী জনাইছে প্ৰাক্তন ছাত্ৰ নেতা লুৰিণজ্যোতি গগৈয়ে ৷ ফেচিবাদী চৰকাৰখনে বিনা কাৰণত কৃষক নেতা অখিল গগৈক কাৰাবন্দী কৰি ৰাখিছে বুলি লখিমপুৰত অনুষ্ঠিত এক বিদায় সম্বৰ্ধনা অনুষ্ঠানত ভাগ লৈ বুধবাৰে এই দৰে কয় প্ৰাক্তন ছাত্ৰ নেতা লুৰিণজ্যোতি গগৈয়ে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে AJPত যোগদান সন্দৰ্ভত কোনো মন্তব্য নকৰিলেও তেওঁ কয়ঃ ৰাজনৈতিক দলত যোগদান সন্দৰ্ভত অচিৰেই অসমৰ ৰাইজক অৱগত কৰিব৷ অসমৰ অন্যতম শক্তিশালী জাতীয় সংগঠন আছুৰ পৰা বাহিৰত থাকি তেওঁ নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাব আৰু অসমৰ শিক্ষা তথা সংস্থাপনৰ সমস্যা সমাধানৰ বাবে সৰব ভূমিকা পালন কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে৷ তাৰোপৰি উঠি অহা যুৱপ্ৰজন্মক স্বাৱলম্বী কৰি তোমাৰ বাবে বিজ্ঞানসন্মত বিশেষ পৰিকল্পনা যুগুত কৰি ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিব তেওঁ৷
ইফালে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী জ° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ প্ৰসংশা কৰাৰ সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়ঃ কোনো ব্যক্তিৰ প্ৰসংশা, তিৰস্কাৰ বা তোষামোদক মই কেতিয়াও গুৰুত্ব দিয়া নাই, নিদিওঁ। তেওঁ লগতে কয়ঃ অসমৰ অসমীয়া জনসাধাৰণে কেনেকৈ মনত ৰাখিব, প্ৰশংসা অথবা তিৰস্কাৰ কৰিব সেইটোহে মোৰ বাবে গুৰুত্ব বিষয়৷ আপোচহীন প্ৰাক্তন ছাত্ৰ নেতা লুৰিণজ্যোতি গগৈৰ স্পষ্ট কথাঃ অসম তথা অসমীয়া জাতীয় জীৱনৰ লগত বহু দিনৰ পৰা দেহে কেহে লাগি থকা মৌলিক সমস্যাসমূহ সমাধানৰ বাবে যিদৰে মাত মাতিছিল, সংগঠনৰ বাহিৰত থাকিও একেদৰে মাত মাতি যাব৷ চৰকাৰত থকা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক ফেচিষ্ট, প্ৰতাৰক আখ্যা দি তেওঁ যে, প্ৰতাৰণাৰ দিন উকলিল, এতিয়া আৰু এনে প্ৰতাৰণা কেতিয়াও কৰিবলৈ দিয়া নহ’ব। প্ৰসংগত; হিন্দু-মুছলমান শব্দ দুটাক নিৰ্বাচনী হাথিয়াৰ হিচাবে লৈ ভোট যুদ্ধত অৱতীৰ্ণ হব বিচৰা শাসনাধিষ্ঠ বিজেপি দলে এতিয়া লুৰিণজ্যোতি গগৈক কি উত্তৰ দিয়ে সেইটোহে হ’ব লক্ষনীয় বিষয়।—
জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট R News India 24