তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

Spread the love

তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

Assam, December 11:  এইবাৰ পৰিষদত গঠনৰ বাবে ককালত টঙালি বান্ধিছে কংগ্ৰেছ দলে

তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানেই নিৰ্বাচন কেন্দ্ৰিক গৰম বতাহ বলিবলৈ ধৰিছে তিৱা পৰিষদীয় অঞ্চলত। বিজেপি, এজিপিৰ সমান্তৰালকৈ কংগ্ৰেছ দলেও তিৱা স্বায়ত্ত পৰিষদত দখলৰ বাবে নিৰ্বাচনী যুদ্ধত জপিয়াই পৰা দেখা গৈছে। বিটিচি নিৰ্বাচনৰ পিছত এতিয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনলৈ সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। বাদ পৰি ৰোৱা নাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলো। ভোটাৰক আকৰ্ষিত কৰিবলৈ ন ন কৌশল অৱলম্বন কৰা দেখা গৈছে কংগ্ৰেছক। ৰিপুণ বৰাৰ দাবী এইবাৰ তিৱা স্বায়ত্ত পৰিষদ অকলেই গঠন কৰিব কংগ্ৰেছ দলে। এক নিৰ্বাচনী প্ৰচাৰ সভাত এই আত্মবিশ্বাসৰ কথা প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই। ৩১নং লালুংপাৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰি আৰু ৩০ নং নামবৰ সমষ্টিৰ প্ৰাৰ্থী শুক্লেশ্বৰী বৰদলৈ হৈ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে কয়ঃ বিটিচি নিৰ্বাচনত কংগ্ৰেছ দলে ভাল ফল দেখুৱাব আৰু তিৱা স্বায়ত্ত পৰিষদও গঠন কৰিব।

 

Gopi Kanta Medhi

সম্প্ৰতি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ সভাত ৰিপুণ বৰাৰ সৈতে দেখা গ’ল ৰাজ্যৰ জনপ্ৰিয় শিল্পী বাবু বৰুৱা, অজয় ফুকন আৰু টানা দেৱৰাজক। নিৰ্বাচনী সভাত উপস্থিত থকা সৰ্বসাধাৰণক মোহিত কৰিবলৈ শিল্পী কেইগৰাকীয়ে গীত গোৱা পৰিলক্ষিত হয়। মুঠৰ ওপৰত তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ খেল জমিছে। পিছে এই খেলত কোন দলে কাক গোল দিয়ে সেইটো জানিবলৈ আৰু কেইটামান দিন অপেক্ষা কৰিব লাগিব।—

Dilip Gogoi

জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *