বিটিচিৰ পিছত এইবাৰ বিজেপিৰ টাৰ্গেট তিৱা স্বায়ত্ত পৰিষদ

Assam December 11: তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন সন্নিকট, ইয়াকে লৈ এতিয়া প্ৰচাৰ অভিযান তুংগত উঠিছে।
পৰিষদ দখলৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই ককালত টঙালি বন্ধা পৰিলক্ষিত হৈছে। ভোটাৰৰ মন জয়ী কৰিবলৈ ৰাজনৈতিক দলসমূহে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দিয়া দেখা গৈছে। পুৰণি গানকে আকৌ এবাৰ বজাই ভোটাৰক নিজৰ ফলীয়া কৰিবলৈ উঠি পৰি লাগিছে প্ৰতিটো ৰাজনৈতিক দলেই। নিজৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ টেটু ফালি ফালি আভুৱা ভৰা ভাষনৰ ফুলজাৰি আওৰাই থকা দেখা গৈছে নিৰ্বাচনী প্ৰচাৰ সভাসমূহত। ইটো দলে সিটো দলক তিৰ্যক বাক্যবানেৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। মুঠৰ ওপৰত প্ৰাকে প্ৰকাৰে পৰিষদ গঠন কৰাই ৰাজনৈতিক নেতাসকলৰ লক্ষ্য। কি কংগ্ৰেছ, কি এজিপি কি বিজেপি সকলো দলেই পৰিষদ গঠন কৰিব বুলি আত্মবিশ্বাসী। এই সন্দৰ্ভত বিজেপিৰ যুৱ নেতা জয়নাল আলীয়ে কয় যে, এই তিৱা স্বায়ত্ত পৰিষদ বিজেপি দলেই, সৎ আৰু সত্যত থকাৰ বাবেই হেনো বিজেপি দল বিপুল ভোটত জয়লাভ কৰিব। শুক্রবাৰে ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত পাৰ্থী জীবন কহৰৰ প্ৰচাৰ অভিযান চলাবলৈ গৈ এই মন্তব্য কৰে জাগীৰোড বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপ সভাপতি জয়নাল আলীয়ে। পিছে বিজেপি প্ৰকৃতাৰ্থত কিমান সৎ আৰু সত্যবাদী দল সেইটো ফলাফলৰ পিছতহে কব পৰা যাব।—
কেমেৰামেন গাজিবুৰ ৰহমানৰ সহযোগত, জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট R News India 24