২২ ডিচেম্বৰ, কনকলতা বৰুৱাৰ ওপজা 

Spread the love

২২ ডিচেম্বৰ, কনকলতা বৰুৱাৰ ওপজা ২২ ডিচেম্বৰ, কনকলতা বৰুৱাৰ ওপজা 

Assam,  December 22: ১৯২৪ চনৰ ২২ ডিচেম্বৰৰ দিনটোতেই দৰং জিলাৰ গহপুৰ মৌজাৰ বৰঙাবাৰীত এই গৰাকী মহান দেশ প্ৰেমিক তথা স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কনকলতা বৰুৱাৰ জন্ম হৈছিল। অসম আইৰ সুযোগ্য সন্তান, স্বাধীনতা সংগ্ৰামৰ আগৰণুৱা নেত্ৰী তথা সাহসিকতাৰ প্ৰতীক বীৰ কনকলতা বৰুৱাৰ জন্ম দিনত তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো। হে মহান দেশ প্ৰেমিক, অসম জীয়ৰী তুমি অনন্য, অতুলনীয়। তুমি ভাৰতীয় ত্ৰিৰংগা পতাকাৰ স্বাভিমান বোলন্দ কৰিবলৈ আৰু মাতৃভূমিক পৰাধীনতাৰ গুলামীৰ পৰা মুক্ত কৰিবলৈ বৃটিছবাহিনীৰ হাতত প্ৰাণ আহুতি দিলা। তোমাৰ বীৰংগনাক শত কোটি চালাম। হে ক্ৰান্তিকাৰী স্বেচ্ছাসেৱিকা তুমি যতেই আছা শান্তিত থাকা, তাৰে পৰাই দেশ মাতৃৰ সন্তানক আশীৰ্বাদ দিয়া,— যাতে দেশৰ হকে জীৱন বিসৰ্জ্জন দিব পৰা তোমাৰ নিচিনা লাখ লাখ কনকলতাৰ জন্ম হয় এইখন মুলুকত। আজি স্বাধীন ভাৰতৰ একতা, শান্তি আৰু প্ৰগতিৰ স্বাৰ্থতকৈ প্ৰধান্য পাবলৈ ধৰিছে ধৰ্ম, জাতপাতৰ প্ৰসংগই। যিখন ভাৰতবৰ্ষৰ স্বাধীনতাৰ কাৰণে হিন্দু-মুছলমান সকলোৱে মিলি আন্দোলনৰ আৱাজ বোলন্দ কৰিছিল। দেশ মাতৃক পৰাধীনতাৰ গ্লানিৰ পৰা মুক্তি দিয়াবলৈ হিন্দু-মুছলমান সকলোৱেই হাঁহি হাঁহি নিজৰ প্ৰাণ আহুতি দিবলৈ কুন্ঠাবোধ কৰা নাছিল। তেতিয়া জানো ধৰ্ম, জাতপাতৰ ভেদাভেদ আছিল? জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱেই ভেদাভেদ পাহৰি হাতে হাত ধৰি আই মাতৃৰ সেৱাত ব্ৰতী হৈছিল। ইজনে সিজনৰ দুখৰ সমভাগী হৈছিল। তেওঁলোকৰ মাজত আছিল পাৰস্পৰিক যোগসূত্ৰ, বিশ্বাস আৰু সুমধুৰ সম্পৰ্ক। আছিল পাকঘৰত বহি এখন কাঁহীত খানা খোৱাৰ দৃষ্টান্ত। দেশ স্বাধীন হোৱাৰ লগে লগে যেন সেই সুগন্ধিযুক্ত ভাতৃত্ববোধৰ পৰিবেশ সলনি হ’ল। পাকঘৰত তলা লাগিল, সম্পৰ্কত ফাট মেলিল, হিন্দু-মুছলমানৰ মাজত দুৰত্ব বৃদ্ধি পালে, অবিশ্বাসৰ প্ৰয়োভৰ ঘটিল। হিংসা, ঘৃণা, নিন্দা তথা বিদ্বেষৰ ভাইৰাছবিধে ছানি ধৰিলে সম্প্ৰীতিৰ সমাজখনক। এনেহেন প্ৰেক্ষাপটত কনকলতা বৰুৱাৰ দৰে নিৰ্ভীক, নিৰপেক্ষ আৰু সচাঁ অৰ্থত দেশ মাতৃক ভাল পোৱা ব্যক্তিৰ খুবেই প্ৰয়োজন,— যিয়ে সৰ্ব ধৰ্ম সমন্বয় প্ৰতিষ্ঠাৰ লগতে সাৰ্বভৌম ভাৰতবৰ্ষৰ অখণ্ডতা, একতা, শান্তি আৰু উন্নতিৰ স্বাৰ্থত আহোপুৰুষাৰ্থ কৰিব।

জুলহাছ আলী আহমেদ  R News India 24 
 জাগীৰোড, মৰিগাঁও (অসম)

Leave a Reply

Your email address will not be published. Required fields are marked *