শনিবাৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত সাহ
শনিবাৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত সাহ
Assam, December 25 : শনিবাৰে পুৱা ১১ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব অমিত শ্বাহ। ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত সাহ অসমলৈ আহি গুৱাহাটীস্থিত আমিন গাঁৱৰ পৰা ৮ হাজাৰ নামঘৰলৈ সাহায্য বিতৰন কাৰ্যসূচীত ভাগ লব। আনহাতে শ্ৰীমন্ত শংকৰ দেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১৫০ কোটি টকাৰ সাহায্য হিচাবে আগবঢ়াব বুলি জানিব পৰা গৈছে। ইফালে গুৱাহাটীত স্থাপন হ’বলগীয়া দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় আৰু আইন মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰিব তেওঁ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত সাহে আমিন গাঁৱতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মুখ্য সচিব বিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ সৈতে এক আলোচনাত মিলিত হ’ব। তদুপৰি বিজেপিৰ ক’ৰ কমিটীৰ সৈতেও বৈঠকত বহিব অমিত সাহ। তাৰ লগতে সদ্য অনুষ্ঠিত হৈ যোৱা বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ নৱনিৰ্বাচিত পাৰিষদসকলৰ সৈতেও বৈঠক কৰিব তেওঁ। নিশাটো অসমত কটাই দেওবাৰে পুৱা কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰি ইম্ফললৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অমিত সাহৰ অসম ভ্ৰমণকলৈ বিজেপিৰ অন্দৰমহলত উছা বিৰাজ কৰিলেও নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ দাবী জনাইছে সচেতন মহলে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি বিজেপিৰ অসম ৰাজ্যিক সমিতিক কল দুটাৰ পুনৰুজ্জীৱিত কৰাৰ প্ৰসংগ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ওচৰত উত্থাপন কৰিবলৈ আহ্বান জনাইছে সচেতন মহলটোৱে।
জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট R News India 24