এতিয়াৰে পৰা অতীত হ’ল চৰকাৰী মাদ্ৰাছা
অতীত হ’ল চৰকাৰী মাদ্ৰাছা
Assam, December 31:
ব্ৰিটিছৰ দিনৰ পৰা চলি অহা চৰকাৰী মাদ্ৰাছাসমূহ সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত হব, নাথাকিব ধৰ্মীয় পাঠ্যক্ৰম
এই সংক্ৰান্তত অসম বিধানসভাৰ শীতকালীন অধিবেশনত গৃহীত হ’ল এখন বিধেয়ক।
আছাম ৰিপিলিং বিলখন গৃহীত হোৱাৰ লগে লগে ৰাজ্যত বন্ধ হৈ পৰিল মাদ্ৰাছা শিক্ষা ব্যৱস্থা৷ ৰাজ্যত চৰকাৰীভাৱে চলিছিল প্ৰায় ৭ শতাধিক চৰকাৰী মাদ্ৰাছা৷ এই মাদ্ৰাছাসমূহ বন্ধ কৰিব বিচৰা কাৰ্যক কংগ্ৰেছ আৰু এআইইউডিএফ দলে তীব্ৰ বিৰেধিতা কৰে৷ বিৰোধী দল দুটাৰ তীব্ৰ বিৰোধিতা স্বত্বেও শাসক পক্ষই বিধেয়কখন গৃহীত কৰে, অৱশ্যে দীৰ্ঘদিন ধৰি চলি থকা ৰাজ্যৰ মাদ্ৰাছা শিক্ষা ব্যৱস্থা বন্ধ কৰি গৃহীত কৰা নতুন বিধেয়কখন আইনত পৰিণত হোৱাক লৈ এআইইউডিএফে আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিছে৷ এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এআইইউডিএফ দলে আদালতৰ কাষ চাপিলেও ন্যায়ালয়ৰ ৰায় আইনৰ সপক্ষে থাকিব৷ অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, এয়া আমাৰ কাৰো পক্ষে যুঁজ নহয়৷ ৮৩% শিক্ষাৰ্থীয়ে ধৰ্মীয় শিক্ষা বিপৰীতে মত পোষণ কৰিছিল বুলিও তেওঁ মন্তব্য কৰে৷ মাদ্ৰাছা শিক্ষা বিলুপ্তি হোৱাৰ লগে লগে মাদ্ৰাছা বৰ্ডৰ পৰিক্ষাও নাথাকিব। ২০২২ চনৰ পৰা মাদ্ৰাছা ব’ৰ্ডৰ পৰীক্ষা নাথাকিব বুলি মন্তব্য কৰি শিক্ষা, স্বাস্থ্য তথা বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়ঃ এতিয়াৰে পৰা বিদ্যালয়সমূহত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিযুক্তি দিয়া হ’ব৷ বৰ্তমানে কৰ্মৰত শিক্ষকসকলে বিজ্ঞান, অংক শিকাব লাগিব৷ যদি নোৱাৰে তেন্তে সেই শিক্ষকসকলক পৃথক চৰকাৰী কাৰ্যালয়ত নিয়োগৰ ব্যৱস্থা কৰা হ’ব৷ আইনৰ সপক্ষে চাফাই গাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ইছলামৰ আটাইতকৈ প্ৰিয় বন্ধুজনেই হৈছে ড° হিমন্ত বিশ্ব শৰ্মা৷ মন্ত্ৰী শৰ্মাৰ মতে এই নতুন আইন ব্যৱস্থাই ধৰ্মীয় শিক্ষাৰ পৰিৱৰ্তে ইছলামধৰ্মী লোকৰ শিক্ষাৰ্থীক চিকিৎসক, অভিযন্তা সৃষ্টি কৰিব৷ তাৰ পিছতো হিমন্তৰ স্পষ্ট কথা, বিজেপিক তেওঁলোকৰ ভোট নালাগে৷ বিজেপিক জনীয়া, বাঘবৰ প্ৰয়োজন নাই৷ প্ৰয়োজনত বিজেপিৰ মিছন 100 নহয়, 0 হওক তাতে আক্ষেপ কৰিবলগীয়া নাই৷ তথাপি পিচপৰা জাতিটোৰ উত্তৰণ ঘটিব লাগে। কিছুদিন আগলৈকে যিজন হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ ধৰ্মাৱলম্বী লোকক টাৰ্গেট কৰি নানা তিৰ্যক মন্তব্য কৰিছিল আজি সেইজন হিমন্ত বিশ্ব শৰ্মাই ইছলাম ধৰ্মাৱলম্বী লোকক বুকুৰ আপোন বুলি ভাৱি লোৱা বিষয়টোয়ে সম্প্ৰতি বিশেষ তাৎপৰ্য বহন কৰিছে।
জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট R News India 24