নতুন বছৰৰ সংকল্প !
নতুন বছৰৰ সংকল্প!
Assam, December 31:
সুজলা সুফলা শস্য শ্যামলা অসমখনেই মোৰ ধৰিত্ৰী আই। এইখন লাচিত বৰফুকন আৰু বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকিৰ দেশ। বীৰ চিলাৰায়, মূলাগাভৰু, কনকলতা বৰুৱা, হুছেইন গাঁওবুঢ়া তথা সতি সাবিত্ৰীৰ এইখন বৰ অসমত শংকৰ-আজানৰ সম্প্ৰীতিৰ বান্ধোনেৰে বান্ধ খাই আছে বৃহত্তৰ অসমীয়া জাতি। শংকৰদেৱ আৰু চান্দ খাঁৰ মিলনভূমি অসম মুলুকত কাহানিওঁ নাছিল কোনো সাম্প্ৰদায়িকতাবাদ আৰু নাছিল কোনো জাতিগত ভেদভাৱ। যদিওঁ সাম্প্ৰদায়িক সম্প্ৰীতিৰ এইখন ৰাজ্যত সম্প্ৰতি একাংশ ভণ্ড, সাম্প্ৰদায়িক, সাৰ্থপৰ তথা বিভেদকামী ব্যক্তিয়ে ৰাজনৈতিক লাভালাভ আৰু সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ বাবে আমাৰ এই যাউতীযুগীয়া মিলাপ্ৰীতিৰ এনাজৰীডাল ছিঙি থানবান কৰিব বিচাৰিছে। (যিটো কাৰো কাম্য নহয়) তেনেস্থলত আমি হিন্দু-মুছলমান নিৰ্বিশেষে সকলোৱে ঐক্যবদ্ধ হৈ সেই তাহানিৰ ভাতৃত্ববোধৰ শিকলিডাল সুদৃঢ় আৰু চিৰযুগমীয়া কৰি ৰাখিব। গতিকে আহক আমি বিগত দিনবোৰৰ সকলো কথাই পাহৰি নতুন বছৰৰ আৰাম্ভনিৰ পৰাই পৰস্পৰৰ মাজত থকা প্ৰেম-ভালপোৱা, শ্ৰদ্ধা, বিশ্বাস, একতা আৰু সমন্বয়ৰ ৰছিডাল আৰু অধিক মজবুত কৰি ধৰি ৰাখিবলৈ সংকল্প লওঁ। মোৰ বিশ্বাস; অসমীয়াৰ আদৰ্শস্বৰূপ বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, শৰৎচন্দ্ৰ সিংহ, ভূপেন হাজৰিকা, চৈয়দ আব্দুল মালিক, ইছমাইল হুছেইন আদি মহান ব্যক্তিসকলৰ পদাংক অনুসৰণ কৰিব পাৰিলে নিশ্চিতভাৱে আমাৰ সুজলা সুফলা শস্য শ্যামলা ৰাজ্যখনত একতা, শান্তি, সমন্বয় আৰু প্ৰগতিৰ পথ প্ৰশস্ত হ’ব।
জুলহাছ আলী আহমে R News India 24