ৰাহুল গান্ধীয়েই পুনৰ সভাপতি হ’ব পাৰে কংগ্ৰেছ দলৰ।

Spread the love

Rahul Gandhi ৰাহুল গান্ধীয়েই পুনৰ সভাপতি হ’ব পাৰে কংগ্ৰেছ দলৰ।

Assam December 8:   নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ পৰৰ্ৱতী সভাপতি কোন হ’ব এই লৈ জল্পনা কল্পনাৰ চলি থকাৰ মাজতে ফুহৰলৈ আহিছে এই তথ্য; যুৱৰাজ খ্যাত ৰাহুল গান্ধীয়েই হ’ব পাৰে কংগ্ৰেছ দলৰ সভাপতি। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, শীঘ্ৰে কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকত অনুষ্ঠিত হ’ব। এই বৈঠকৰ পিছতে ছোনিয়া তনয় ৰাহুল গান্ধীক সভাপতিৰ মুকুট পিন্ধাবলৈ উপ–নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব। খৱৰ মতে, ভোটদান প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ ইতিমধ্যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অতিকমেও ২০০০জন নিৰ্বাচিত সদস্যৰ পৰিচয় পত্ৰ প্ৰস্তুত কৰা হৈছে। এইসকলে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব। দেশৰ অতি পুৰণি দলটোৱে যোৱা লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়বৰণ পিছত ২০১৯’ত সকলো দায়িত্ব মূৰ পাতি যুৱৰাজ ৰাহুল গান্ধীয়ে সভাপতিৰ পদ ত্যাগ কৰিছিল। তেতিয়াৰ পৰা মাতৃ ছোনিয়া গান্ধীয়েই দলটোৰ অন্তৱর্তী সভানেত্ৰী হিচাপে দায়িত্ব চম্ভালি আছে।
দীৰ্ঘকাল গান্ধী পৰিয়ালৰ কব্জাত থকা কংগ্ৰেছ দলটো পৰিয়ালকেন্দ্ৰিক তথা নেহৰু-গান্ধী পৰিয়ালৰ কবলৰ পৰা কেতিয়াও মুক্ত নহয় বুলি সৰ্বত্ৰ বু বা চলি থকাৰ সময়তে ৰাহুল গান্ধীক পুনৰ সভাপতিৰ দায়িত্ব দিয়াৰ পৰিকল্পনাই বিশেষ তাৎপৰ্য বহন কৰিছে। ইফালে আগন্তুক অসম বিধানসভা নিৰ্বাচনলৈ লক্ষ্য কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে অসমত চাৰিজনকৈ পৰ্যবেক্ষক নিযুক্তি দিছে। চলিত বৰ্ষত অনুষ্ঠিত হবলগীয়া ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে ককালত টঙালি বান্ধা কংগ্ৰেছ দলে সাম্প্ৰদায়িক ফেচিবাদী দল বিজেপিক পৰাভূত কৰিবলৈ ৰণনীতি প্ৰস্তুতৰ অংশ হিচাপেই ৰাষ্ট্ৰীয় চাৰিজন পৰ্যবেক্ষক নিয়োগ কৰিছে। পিছে শাসকীয় দলটোক পৰাভূত কৰা ইমান সহজ নহব যদিহে সৰু-বৰ ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ নহয়। সচেতন মহলৰ অভিমত; অসমৰ পৰা অকৰ্মণ্য চৰকাৰখনক বিদায় সম্ভাষন জনাবলৈ হলে— ৰাইজৰ দল, অসম জাতীয় পৰিষদ, এআইইউডিএফ, বিপিএফ, আম আদমী পাৰ্টি, চিপিএম, চিপিআই (এম) আদি সৰু-বৰ সকলো দল লগ লাগি মহা জোট বন্ধন কৰিব লাগিব, নহলে বিজেপিক ৰোধিব পৰা সম্ভৱ নহব।

 

 জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট, R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *