আজি সৈনিক দিৱস !
আজি সৈনিক দিৱস
Assam, December 16: প্ৰতি বছৰ ১৫ জানুৱাৰীৰ দিনটোতে ভাৰতীয় সেনা দিৱস হিচাপে পালন কৰি অহা হৈছে। ১৯৪৯ চনৰ ১৫ জানুৱাৰীৰ দিনটোতে ভাৰতীয় সেনাৰ প্ৰথম কামাণ্ডাৰ ইন চীফ কন্দনডেৰা এম. কাৰীয়াপ্পায়ে দখলদাৰ ব্ৰিটিছ কমাণ্ডাৰ ইন চীফ জেনেৰেল ছাৰ ফ্ৰান্সিছ বুটচাৰৰ পৰা আনুষ্ঠানিকভাৱে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল। (পিছলৈ তেওঁ ভাৰতৰ ফিল্ড মাৰ্শ্বাল পদলৈ উন্নীত হৈছিল)। সৈনিক দিৱসৰ লগত সংগতি ৰাখি দেশৰ বিভিন্ন প্ৰান্তত থকা সেনাবাহিনীৰ কাৰ্য্যালয়ৰ উপৰিও ৰাজধানী দিল্লীতো উলহমালহেৰে বিভিন্ন ধৰণৰ অনুষ্ঠান তথা পেৰেড অনুষ্ঠিত কৰি সেনাবাহিনীক সোৱৰণ কৰাৰ লগতে তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবলৈ যত্ন কৰি অহা হৈছে। দেশ মাতৃৰ জাগ্ৰত প্ৰহৰী ভাৰতীয় সেনাবাহিনীৰ এই পৱিত্ৰ দিৱসটো অতি জাকজমকতাৰে ইণ্ডিয়া গেটৰ কাষত থকা অমৰ জোৱান জ্যোতিতো কেন্দ্ৰীয়ভাৱে উৎযাপন কৰা হয়। বিশ্বৰ অন্যতম শক্তিশালী তথা সুশৃংখল সেনাবাহিনীক লৈ সমগ্ৰ ভাৰতবাসীয়েই গৰ্বিত। তেওঁলোকক লৈ দেশৰ প্ৰত্যেকজন নাগৰিক সন্তুষ্ট। সেনাবাহিনীৰ প্রতি দেশবাসীৰ আছে অশেষ শ্ৰদ্ধা আৰু অটল বিশ্বাস। বীৰ জোৱান সকলে বিভিন্ন প্ৰতিকূলকো নেওচি দেশবাসীক ভয়াবহ প্ৰাকৃতিক দুৰ্যোগৰ লগতে নানা অঘটনৰ সময়ত সুৰক্ষা প্ৰদান কৰি আহিছে। দেশৰ সাৰ্বভৌম, অখণ্ডতা, একতা, শান্তি আৰু নিৰাপত্তাৰ দ্বায়িত্বত নিয়োজিত আমাৰ সৈনিকসকলে সদায়েই একাগ্ৰতা আৰু নিৰপেক্ষতাৰ সৈতে নিৰৱচ্ছিন্নভাৱে দেশ তথা দহৰ সেৱা কৰি আহিছে। নিজৰ জীৱনকো তুচ্ছ কৰি দেশ মাতৃৰ হকে সদা সচেষ্ট বীৰ সৈনিক সকলৰ প্ৰতি সহমৰ্মিতা দেখুৱাৰ সলনি একাংশক বিভিন্ন সময়ত বিৰূপ মন্তব্য কৰা দেখা যায়। তাৰ পাছতো দেশৰ সৈনিক সকলে অকনো বিচলিত নহৈ নিষ্ঠাৰে কৰ্তব্য কৰি গৈছে। নিজৰ স্ত্রী, পুত্ৰ-কন্যা, পিতৃ-মাতৃ, পৰিয়াল-পৰিজন, আত্মীয়-স্বজন, ওচৰ চুবুৰীয়া, বন্ধু-বান্ধৱ লগৰীয়া তথা আপোনজনৰ প্ৰেম-ভালপোৱা, মৰম-চেনেহ সকলো বিসৰ্জন দি দেশ তথা দহৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকললৈ অন্তৰৰ অন্তঃস্থলৰ পৰা গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। এই জাৰৰ বতৰত আমাৰ নিৰাপত্তাৰক্ষী সকলে যি দৰে আমাক তথা আমাৰ প্ৰিয় ভাৰতবৰ্ষক সুৰক্ষা দি গৈছে সেয়া ভাৰতবাসীয়ে কদাপি পাহৰিব নোৱাৰিব। তেওঁলোকৰ ত্যাগ, আবেগ আৰু দেশপ্ৰেমক শত কোটি চ্যেলুট। আজিৰ এই পৱিত্ৰ সৈনিক দিৱস উপলক্ষে দেশৰ সকলো স্তৰৰ আৰু সকলো বিভাগৰ নিৰাপত্তাৰক্ষী তথা তেওঁলোকৰ পৰিয়াললৈ আন্তৰিক প্ৰীতি ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ। জয় হিন্দ, জয় জোৱান।
জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট R News India 24