সাংবাদিক জুলহাছ আলী আহমেদ সহ ৰাজ্যৰ ৫০ জন লোকলৈ ‘কৰ’না যোদ্ধাৰ সন্মান

Spread the love

সাংবাদিক জুলহাছ আলী আহমেদ সহ ৰাজ্যৰ ৫০ জন লোকলৈ ‘কৰ’না যোদ্ধাৰ সন্মান

 Assam December 24:  ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী ‘চমাচাৰ ২৪ x ৭ আৰু ফিজিঅথেৰাপি কনফেডাৰেচন অৱ ইণ্ডিয়াৰ প্ৰশংসনীয় পদক্ষেপ

প্ৰতিদিন নিউজ ভাৰত আৰু টাইম লুইতৰ যৌথ উদ্যোগত নগাঁও অনুষ্ঠিত বিশেষ অনুষ্ঠানত এই সন্মান প্ৰদান কৰা হয়

কৰ’না মহামাৰীৰ সময়ত জীৱনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি মানৱীয় সেৱা আগবঢ়োৱা জাগীৰোডৰ জনপ্ৰিয় লিখক তথা সমাজ সচেতন ব্যক্তি জুলহাছ আলী আহমেদলৈ আগবঢ়োৱা হৈছে ‘কৰ’না যোদ্ধা’ সন্মান৷ সংবাদ গোষ্ঠী চমাচাৰ 24 x 7 আৰু ফিজিঅথেৰাপি কনফেডাৰেচন অৱ ইণ্ডিয়াই যৌথ ভাৱে আগবঢ়োৱা সন্মান আনুষ্ঠানিকভাৱে প্ৰদান কৰিবলৈ বৃহস্পতিবাৰে নগাঁও আমোলাপট্টী’স্হিত নাট্য মন্দিৰত এখন বিশেষ সভা অনুষ্ঠিত কৰা হয়৷ ‘টাইম লুইত’ আৰু ‘প্ৰতিদিন নিউজ ভাৰত’ গোষ্ঠীয়ে আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাংবাদিক পৰিষদ, অসম ৰাজ্যিক সমিতিৰ কেন্দ্ৰীয় আলোচনী সম্পাদক জুলহাছ আলী আহমেদক গামোছা, শৰাই আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷ সভাত কৰ’না যোদ্ধাৰ সন্মান লাভ কৰা আন ৫০ জন বিশিষ্ট ব্যক্তিকো অনুৰূপ সন্মান দিয়া হয়৷ জাগীৰোডৰ জনপ্ৰিয় লিখক জুলহাছ আলী আহমেদ সেই তালিকাৰ এটা উল্লেখযোগ্য নাম৷ প্ৰণিধানযোগ্য যে, লকডাউনৰ সময়ত যেতিয়া মানুহৰ খাদ্য সংকটে দেখা দিছিল, বিশেষকৈ ৰমজান মাহত জুলহাছ আলী আহমেদে দুখীয়া মানুহৰ ঘৰে ঘৰে গৈ সাধ্যানুসাৰে খাদ্য আৰু লাগতিয়াল বস্তু যোগান ধৰিছিল তাৰোপৰি লেখা-মেলাৰ জৰিয়তেও কৰোনা সজাগতা সৃষ্টি কৰিছিল৷ বৃহস্পতিবাৰে নগাঁৱত সেই সন্মান লাভ কৰি নিৰপেক্ষ লেখক জুলহাছ আলী আহমেদে উদ্যোক্তাসকলক কৃতজ্ঞতা জনায় আৰু এনে ধৰণৰ স্বীকৃতিয়ে অনাগত দিনত অধিক কাম কৰিবলৈ প্ৰেৰণা যোগায় বুলি মন্তব্য কৰে৷ সত্ৰীয়া নৃত্য, তিৱা নৃত্য, বিহু নিত্য আদি সাংস্কৃতিক কাৰ্যসূচীৰে সৌন্দৰ্য বৃদ্ধি কৰা অনুষ্ঠানটো শুভাৰম্ভ কৰে নগাঁওৰ জেষ্ঠ সাংবাদিক তথা শিক্ষাবিদ ড° আবু হানিফাই। প্ৰতিদিন নিউজ ভাৰতৰ মূখ্য সম্পাদক মুস্তাফা কামাল আৰু টাইম লুইতৰ বিষয়ববীয়া সকলে পৰিচালনা কৰা অনুষ্ঠানত উপস্থিত আছিল Dr. Ravi Shankar Ravi (National president of physiotherapy confederation of India),
Dr. M.K. Vajpayee (Vice chairman of internatonal human rights commission & vice-chancellor of capital university),
Dr. Anil Verma (Group editor, Samachar 24 x 7, delhi.

কেমেৰামেন গাজিবুৰ ৰহমানৰ সহযোগত জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *