“চ্যেলুট”
Assam January 2:
ডি.এছ.পি. কন্যাক চ্যেলুট চক্ৰ পৰিদৰ্শক পিতৃৰ। এগৰাকী পিতৃৰ বাবে ইয়াতকৈ গৌৰৱৰ বিষয় আৰু কি হ’ব পাৰে? আৰক্ষী বিভাগৰ উচ্চ পদবীত থকা নিজ কণ্যাক চ্যেলুট জনাই এইদৰে কয় পিতৃয়ে। এই ছবিখনলৈ মন কৰক, অন্ধ প্ৰদেশৰ গুণটোৰ জিলাৰ এই দৃশ্যটোয়ে সম্প্ৰতি চছিয়েল মেডিয়াত খলকনি সৃষ্টি কৰিছে। প্ৰাপ্ত খবৰ মতে অন্ধ প্ৰদেশৰ গুণটোৰ জিলাৰ চক্ৰ পৰিদৰ্শক হ’ল শ্যাম সুন্দৰ আৰু তেওঁৰ জীয়েক ইয়েণ্ডলুৰু জেছি প্রছন্তী অলপতে গুণটোৰ জিলাৰ উপ আৰক্ষী অধীক্ষক হিচাপে বদলি হয়। পিতৃয়ে ডি.এছ.পি. কণ্যান সন্মুখত পাই এই দৰে মন উজাৰি চ্যেলুট জনায়। আচলতে সন্তানৰ সফলতাই হৈছে পিতৃ-মাতৃৰ বৃহৎ জয়, সফলতা আৰু গৰ্বৰ বিষয়। সকলো পিতৃ-মাতৃয়েই নিজ সতি-সন্ততিক তুলি-তালি ডাঙৰ-দীঘল কৰি এজন ভাল মানুহ বা মানৱ সম্পদ ৰূপে গঢ়ি তুলিবলৈ নিজৰ সৰ্বস্ব বিলীন কৰি দিয়ে। শ্যাম সুন্দৰ তাৰ জলন্ত উদাহৰণ। জীয়েকক এগৰাকী মানৱসম্পদ ৰূপে গঢ়ি তুলি দেশমাতৃৰ নামত উৎসৰ্গা কৰিবলৈ আন্তৰিকতাৰে যিমান কষ্ট কৰিছিল আজি যেন সেই কষ্ট-ত্যাগ সফল হৈছে। কথাতে কয় নহয়, ‘চেষ্টাৰ অসাধ্য একো নাই’। একাগ্ৰতা, আন্তৰিকতা আৰু ঐকান্তিক সাধনাৰ মনোভাৱ থাকিলে অসম্ভৱকো সম্ভৱ কৰিব পাৰি। তাকেই যেন কৰি দেখোৱালে এই পিতৃ-কণ্যাই। এই গৰাকী মহিলা ডি.এছ.পি. ইয়েণ্ডলুৰু জেছি প্রছন্তী সমাজৰ বাবে আদৰ্শ হওঁক, প্ৰেৰণাৰ উৎস হৈ ৰ’ক। আমাৰ ফালৰ পৰা এই দুয়োগৰাকী পিতৃ-কণ্যাক আন্তৰিক অভিনন্দন। প্ৰসংগত; আজি আমাৰ লৰা-ছোৱালী কোনফালে ধাৱমান হৈছে? কি কৰিছে? ক’ত গৈছে? তাৰ প্ৰতি অভিভাৱক সকলৰ কানষাৰ আছেনে? অধিকাংশৰ ক্ষেত্ৰত নাই বুলি কলেই চলে। আজি বহিঃৰাজ্যৰ শিক্ষা, স্বাস্থ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ যিমান বিকাশ হৈছে তাৰ তুলনাত আমাৰ ৰাজ্যখন বহু পিছ পৰি আছে। ইয়াৰ প্ৰতি কাৰো ভ্ৰুক্ষেপ নাই। অভিভাৱকৰ হেমাহি আৰু চৰকাৰ-প্ৰশাসনৰ সোপা ঢিলা নীতিৰ বাবেই আজি আমাৰ ৰাজ্য বহু ক্ষেত্ৰত পিছ পৰি আছে। আমাৰ অতি মৰমৰ লৰা-ছোৱালীবোৰৰ শিক্ষাৰ প্ৰতি থকা অনীহা দূৰ কৰিবলৈ বিজ্ঞানসন্মত কোনো পৰিকল্পনা নথকাত আজি শিক্ষাৰ ক্ষেত্ৰখনে অগ্ৰগতি লাভ কৰা নাই। তাৰোপৰি ৰাজ্যত শিশু শ্ৰমিক আইন, শিক্ষা বাধ্যতামূলক আইন আৰু মাদক দ্ৰব্য নিবাৰণ আইন শক্তিশালীভাবে প্ৰয়োগ নকৰাত শিক্ষাৰ দিশটোৰ এই পয়ালগা অৱস্থা বুলিও ক’ব পাৰি। এই আইন তিনিটা ৰূপায়ন কৰিব পাৰিলে অপৰাধৰ মাত্ৰা নিম্নগামী হোৱাৰ লগতে শিক্ষাৰ ক্ষেত্ৰখনেও যথেষ্ট অগ্ৰগতি লাভ কৰিলেহেঁতেন। আজি আইনৰ গতিধাৰা লেহেমীয়া হোৱাত অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে, আমাৰ যুৱপ্ৰজন্ম ধংসৰ মুখলৈ গতি কৰিছে, নিচাজাতীয় দ্ৰব্যৰ অবাধ প্ৰচলনে আজি উঠি অহা নৱ প্ৰজন্ম পঙ্গু হৈ পৰিছে। যেতিয়ালৈ আমি মাদক দ্ৰব্য মুক্ত অসম গঢ়িব নোৱাৰিম তেতিয়ালৈ আমি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰিম, সেয়ে এই ক্ষেত্ৰত চৰকাৰ-প্ৰশাসনে বিশেষ মনোযোগ দিব লাগে।
জুলহাছ আলী আহমেদ R News India 24