শিলভঙা গাঁওৰক্ষী বাহিনীলৈ প্ৰশংসা পত্ৰ
শিলভঙা গাঁওৰক্ষী বাহিনীলৈ প্ৰশংসা পত্ৰ
Assam, February: 9
মৰিগাঁও পবিতৰা ভৱনত প্ৰদান কৰা হয় এই প্ৰশংসা পত্ৰ।
শনিবাৰে মৰিগাঁও পবিতৰা ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান শিলভঙা গাঁওৰক্ষী বাহিনীলৈ ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ গাঁওৰক্ষী বাহিনীৰ স্বীকৃতি প্ৰদান কৰে অসম গাঁওৰক্ষী সংগঠকে।
অসম গাঁওৰক্ষী সংগঠকৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ২০২০ চনৰ থানা ভিত্তিত শ্ৰেষ্ঠ গাঁওৰক্ষী বাহিনীৰ স্বীকৃতি প্ৰদান কৰা হয় জাগীৰোড থানাৰ অধিনস্হ শিলভঙা গাঁওৰক্ষী বাহিনীক।
বাহিনীৰ হৈ প্ৰশংসা পত্ৰ গ্ৰহণ কৰে সভাপতি ৰমজান আলী, সাধাৰণ সম্পাদক আতাবুৰ ৰহমান, সদস্য ক্ৰমে, আব্দুল কাচেম, গাজিবুৰ ৰহমান আৰু দৈনদ্দিনে।
শনিবাৰৰ এই প্ৰশংসা পত্ৰ প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড° নন্দ সিং বৰকলা, অতিৰিক্ত আৰক্ষী অধীক্ষক সুভাশীষ বৰুৱা, মৰিগাঁও গাঁওৰক্ষী বাহিনীৰ অবৈতনিক সংগঠক মনিমালা, মৰিগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ বৰা, জাগীৰোড থানাৰ চক্ৰ সংগঠক দিগন্ত কলিতাৰ লগতে বহু গন্য মান্য ব্যক্তিসকল।
উল্লেখ্য যে জাগীৰোড থানাৰ অন্তৰ্গত শিলভঙা গাঁওৰক্ষী বাহিনীয়ে বিভিন্ন সময়ত জনসেৱামূলক কাম কৰাৰ লগতে সমাজৰ পৰা অসামাজিক কাৰ্য্যকলাপ নিৰ্মূল কৰিবলৈ আহোপুৰুষাৰ্থ কৰিছে।
শিলভঙা গাঁওৰক্ষী বাহিনীৰ সম্পাদক আতাবুৰ ৰহমানে শিলভঙাৰ দৰে এখন অনুন্নত আৰু শিক্ষাৰ ক্ষেত্ৰত পিছপৰা গাঁওখনলৈ যথেষ্ট পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে।
তদুপৰি বিগত লক ডাউনৰ সময়তো বাহিনীটোৰ সদস্যসকলে ৰাইজৰ সেৱাত ব্ৰতী হৈছিল।
এই প্ৰসংগত শিলভঙাৰ সমাজ সচেতন ব্যক্তি ছফিকুল ইছলাম আৰু গাঁওৰক্ষী বাহিনীৰ সম্পাদক আতাবুৰ ৰহমানে কি কয়, চাওক আমাৰ এই বিশেষ প্ৰতিবেদন।
কেমেৰামেন গাজিবুৰ ৰহমানৰ সহযোগত জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট R News India 24