মন্ত্ৰী হ’ব লাগে এনেকুৱা, পীযূষ যেনেকুৱা!
Assam February 12:
মন্ত্ৰী দেখিছোঁ বহুত কিন্তু পীযূষৰ দৰে মন্ত্ৰী খুব কমেই নজৰত পৰে। মন্ত্ৰী পীযূষ হাজৰিকাৰ প্ৰশংসা কৰা কাৰণে বহুতে মোক বিজেপি দলৰ সমৰ্থক বা অন্ধ ভক্ত বুলি কবলৈ নেৰিব।
আচলতে মই কোনো দল-সংগঠনৰ সদস্য-সমৰ্থক নহয়।
পিছে মন্ত্ৰী পীযুষ হাজৰিকাৰ বিষয়ে দুআষাৰ লিখাৰ কাৰন আছে।
প্ৰথম কথা হ’ল তেওঁ মোৰ সমষ্টিৰ বিধায়ক, সেয়ে তেওঁৰ সমালোচনা কৰাৰ সমান্তৰালকৈ প্ৰশংসা কৰাটোও মোৰ দ্বায়িত্বত পৰে।
মন্ত্ৰী হিচাপে পীযূষ হাজৰিকা কিমান সফল কিমান বিফল সেইটো হলে মই নকওঁ, ৰাইজে বিচাৰ কৰিব কিন্তু তেওঁ কৰা ভাল কামৰ প্ৰশংসা নকৰিলেও কৃপনালি কৰা।
বিভিন্ন সময়ত তেওঁ বিতৰ্কৰ আবৰ্তত সোমাই পৰিলেও সময়ে সময়ে ভাল কাম কৰিও প্ৰশংসা বুলিবলৈ সক্ষম হৈছে।
বহুতক কোৱা শুনা যায় যে জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা এজন খঙাল, অহংকাৰী তথা সাম্প্ৰদায়িক লোক, তেনেকুৱা এগৰাকী ব্যক্তিয়ে এনেকুৱা কি কাম কৰিলে যাৰ বাবে আপুনি তেওঁৰ প্ৰশংসাত পঞ্চমুখ?
হয়, যুৱ মন্ত্ৰী হিচাপে পীযূষ হাজৰিকা খঙাল হোৱাটো স্বাভাৱিক পিছে খঙাল মানুহ এজনৰ হৃদয় অতি কোমল থাকে আৰু এনেকুৱা লোকেই মানুহৰ মৰ্ম বেদনা শ্ৰবণ, হৃদয়ংগম তথা অনুভৱ কৰি তাৰ পৰা পৰিত্ৰাণ দিয়াব পাৰে।
অৱশ্যে মোৰ দৃষ্টিত যুৱ মন্ত্ৰী পীযূষ হাজৰিকা কেতিয়াওঁ অহংকাৰী বা সাম্প্ৰদায়িক নহয়।
ৰাজনৈতিক পথাৰত পা ৰাখিলে কেতিয়াবা দুই এটা কথা কাৰোবাৰ সপক্ষে অথবা বিপক্ষে যাব পাৰে সেই বুলিয়েই ব্যক্তিজন খঙাল, অহংকাৰী বা সাম্প্ৰদায়িক হৈ নাযায়। মন্ত্ৰী পীযূষ হাজৰিকাই কৰা এনে বহু কাম আছে, যিয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
বুধবাৰে মন্ত্ৰীগৰাকী গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত জাগীৰোড ৰাম মন্দিৰ এলেকাত নিজৰ কনভয় ৰখাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আশেপাশে থকা দোকানী সকলক নিজৰ নিজৰ ঠাই চাফ-চিকুণ কৰি ৰাখিবলৈ কঠোৰ নিৰ্দেশ দিয়ে, অন্যথা ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিয়ে।
এগৰাকী মন্ত্ৰী হৈও তেওঁ কোনো ধৰণৰ সংকোচবোধ নকৰি দ্বিধাহীনভাৱে সংখ্যালঘু অধ্যুষিত অঞ্চলত গাড়ী ৰখাই এই দৰে চাফ-চিকুণতা বা পৰিস্কাৰ-পৰিচন্নতাৰ ওপৰত জোৰ দি দোকানী সকলক সতৰ্ক কৰি দিয়ে।
নেচনেল হাইৱেৰ দৰে এখন গুৰুত্বপূৰ্ণ আৰু সদা ব্যস্ত ৰাস্তাৰ কাষত একাংশ দোকানীয়ে বিভিন্ন ধৰণৰ জাৱৰ-জোথৰ আদি পেলাই ৰাষ্ট্ৰীয় ঘাই পথটোৰ দুয়ো কাষ ইমানেই লেতেৰা, মনিল তথা দুৰ্গন্ধময় কৰি ৰাখিছে যাৰ পৰিপেক্ষিতত আজি মন্ত্ৰীয়ে নিজেই দোকানী সকলক সতৰ্কবাণী শুনাবলৈ বাধ্য হয়।
ঠাইডোখৰৰ এই অশুচিতা পৰিবেশ জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ নজৰত নপৰিলেও অতি শোভন, সুবিন্যাস যুৱ মন্ত্ৰী পীযূষ হাজৰিকাৰ নজৰত ঠিকেই পৰিল।
মন্ত্ৰীগৰাকীৰ এই কৰ্মক সকলোৱে ভূয়সী প্ৰশংসা কৰা দেখা গৈছে।
মইয়ো তেখেতক চ্যেলুট জনাইছোঁ, কাৰণ তেওঁ ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী হোৱা স্বত্বেও আনক দি কৰাব পৰা কাম নিজে হাতে-কামে লাগি কৰি দেখুৱালে।
আজি বিশ্বায়নৰ যুগতো এচাম মানুহে কিছুমান বিচাৰহীন কাম কৰি থকা দেখা যায়। য’তে-ত’তে জাৱৰ জোথৰ পেলোৱা, থু-খেকাৰ পেলোৱা, নিৰ্বিচাৰভাৱে শৌচ-প্ৰস্ৰাৱ কৰা ইত্যাদি।
পিছে এনেবোৰ কাৰ্য্যই যে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় তাৰ প্ৰতি হলে কাৰো কাণসাৰ নাই।
সেয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ সপোনৰ স্বচ্ছ ভাৰত অভিযান আগন্তুক দিনৰ বাবে এক সুন্দৰ আঁচনি হ’ব পাৰে, য’ত সকলো স্তৰৰ ব্যক্তিৰ সন্মিলিত প্ৰচেষ্ঠাৰ অত্যন্ত প্ৰয়োজন।
এজন মন্ত্ৰী বা ব্যক্তিয়ে এই কাম এদিনতে কৰিব নোৱাৰে।
আমি সকলোৱে নিজৰ নিজৰ অঞ্চলত এই সন্দৰ্ভত সজাগতা সৃষ্টি কৰি এখন সুন্দৰ, সুশৃংখল, স্বচ্ছ, নিৰ্মল, নিকা সমাজ তথা ৰাষ্ট্ৰ গঢ়ি তুলিবলৈ আহোপুৰুষাৰ্থ কৰিব লাগিব।
নকলেওঁ হয় যে, মই মোৰ প্ৰায়ভাগ লিখনিতেই পৰিস্কাৰ-পৰিচন্নতাৰ ওপৰত জোৰ দি আহিছোঁ, তেনে অৱস্থাত মন্ত্ৰী পীযূষ হাজৰিকাই কৰা এই মহান কাৰ্যক সমৰ্থন নজনোৱাকৈ নাথাকিবি নোৱাৰিলোঁ।
মন্ত্ৰীজনে চাফ-চিকুণতাৰ সমানেই মাদক দ্ৰব্য নিৰ্মূলতো মনোযোগ দি আহিছে। আশা কৰোঁ অনাগত দিনতো তেওঁৰ এই ধাৰা অব্যাহত থাকিব।
জুলহাছ আলী আহমেদ R News India 24
I also salute Piyush!