বিধায়ক ভুৱন পেগুৰ মুকলি চিঠি
Assam February 23:
শ্ৰদ্ধেয় ৰাইজ,
জোনাই সমষ্টিত মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশাল সমাবেশৰ সফলতাৰ বাবে সকলোলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
এই কাৰ্যসূচীৰ প্ৰস্তুতিৰ ব্যস্ততাৰ মাজত যোৱা কেইদিনমান ধৰি গণ-মাধ্যমত মোৰ বিৰুদ্ধে এটা চক্ৰই অপপ্ৰচাৰ চলাই থকা লক্ষ্য কৰিও মই ব্যস্ততাৰ মাজত উত্তৰ দিব পৰা নাছিলোঁ।
২০ ফেব্ৰুৱাৰীত ভূমি অধিগ্ৰহন সংক্ৰান্তীয় এক উৰাবাতৰিক কেন্দ্ৰ কৰি বগীবিল সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত মেচাকি টঙানি গাঁৱৰ কিছু লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি গম পাই মই ততাতয়াকৈ গৈ ৰাইজৰ কাষ চাপো।
উত্তেজিত ৰাইজক ক্ষান্ত কৰিবলৈ আৰু বিষয়টো আন্তৰিকতাৰে নিষ্পত্তিৰ স্বাৰ্থত ৰাইজৰ মাজতে থিয় হৈ ৰাইজক ক্ষান্ত হবলৈ আহ্বান জনাও।
সকলোকে পথতে বহি বিষয়টো শান্তি পূৰ্ণ বাবে আলোচনা কৰাৰ বাবে একাংশ চিনাকি মহিলা প্ৰতিবাদকাৰীয়ে মোক অনুৰোধ জনোৱাৰ কাৰণে মই মহিলা সকলৰ সৈতে পথতে বহি পৰো।
সেই সময়তে উদ্দেশ্য প্ৰণোদিত বাবে কিছু দুস্কৃতিকাৰি আৰু উত্তেজিত সমৰ্থকে মই বহি থকা অৱস্থাতে মোক আক্ৰমণ কৰিবলৈ প্ৰচেষ্টা চলায়।
সেই সময়তে ধেমাজি উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰি ৰাইজক ক্ষান্ত কৰে আৰু প্ৰতিবাদ সামৰিবলৈ মান্তি কৰায়।
এই ঘটনাকে একাংশ দুষ্ট চক্ৰই ৰাজনৈতিক অভিসন্ধিৰে মই কিবা আঁঠু লৈ ক্ষমা খোজা বুলি অপ প্ৰচাৰ চলাই আসুৰিক তৃপ্তি লাভ কৰা লক্ষ্য কৰিছোঁ।
মই ইয়াতে সকলোকে অৱগত কৰিব বিচাৰো সেই ঘটনাত মোৰ কাকো ক্ষমা বিচৰাৰ কোনো কাৰণ নাছিল।
অন্যথা প্ৰতিবাদৰ খবৰ পাই মই নগলোহেতেন।
কিন্তু নিজৰেই একাংশ মিচিং মানুহে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত উত্তেজিত হৈ প্ৰতিবাদ কৰা খবৰ পাই আন্তৰিকতাৰে বিষয়টো বুজ লবলৈ উপস্থিত হৈছিলো।
ইমান দিনে মোৰ জাতীয় জীৱনত ৰাইজৰ যি সমস্যা নহওঁক নালাগে সদায় সন্মুখৰ পৰা নেতৃত্ব দি আহিছোঁ।
সেই দিনাও ৰাইজৰ সৈতে মুখামুখিকে বিবদমান বিষয়টো আলোচনা কৰিবলৈ আগবাঢ়ি গৈছিলো।
By: R News India 24