মাৰ্চৰ প্ৰথম সপ্তাহতে ঘোষণা হ’ব নিৰ্বাচনৰ দিন
Assam February 25:
মাৰ্চৰ প্ৰথম সপ্তাহতে ঘোষণা হ’ব পাৰে নিৰ্বাচনৰ দিন ধেমাজিত অনুষ্ঠিত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত এই ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
বানপানীৰ সময়ত অসম ভ্ৰমণ কৰিবলৈ আহৰি নোপোৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এমাহৰ ভিতৰত তৃতীয়বাৰৰ বাবে অসম ভ্ৰমণ কৰি গ’ল প্ৰধানমন্ত্ৰী গৰাকী।
অসম বিধান সভা নিৰ্বাচন সন্মুখত ৰাখি নৰেন্দ্ৰ মোদীয়ে সঘনাই অসত আহিবলৈ লৈছে।
সোমবাৰে ধেমাজিত অনুষ্ঠিত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভা সম্বুধি প্ৰধানমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে নিৰ্বাচন আয়োগে মাৰ্চৰ প্ৰথম সপ্তাহতে নিৰ্বাচনৰ দিন ঘোষণা কৰিব হ’ব পাৰে।
সোমবাৰে পুৱা অসমত উপস্থিত হৈ ধেমাজীৰ এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে। সভাৰ পৰাই প্ৰধানমন্ত্ৰী গৰাকীয়ে নিৰ্বাচন কেন্দ্ৰিক বহুকেইখন অভিলাষী আঁচনিও ঘোষনা কৰে।
তাৰেই অংশ হিচাপে সোমবাৰে পুৱা ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় উদ্বোধন কৰে।
অসমৰ শিক্ষা জগতখনলৈ অসামান্য বৰঙণি আগবঢ়াই প্ৰধানমন্ত্ৰী মোদীয়ে শুৱালকুছিত ১১৬ বিঘা এলেকাত ৫৪.৭১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰে।
আত্মনিৰ্ভ ভাৰতৰ সপোন সাকাৰ কৰিবলৈ দৃঢ় অৱস্থান গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তৈল আৰু গেছ খণ্ডত প্ৰায় ৩০০০ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ কথাও ব্যক্ত কৰে।
তদুপৰি ধেমাজিৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰক উৎসৰ্গা কৰে,—বঙাইগাঁও শোধনাগাৰৰ IOCL-INDMAX প্ৰকল্প, ডিব্ৰুগড়ৰ মধুবনত অইল ইণ্ডিয়া লিমিটেডৰ ছেকেণ্ডেৰী টেংক ফাৰ্ম আৰু তিনিচুকীয়াৰ মাকুমৰ হেবেদা গাঁৱত গেছ কমপ্ৰেছৰ ষ্টেচন।
অকস্মাৎ অসমৰ অসমৰ প্ৰতি দৰদ জন্মা নৰেন্দ্ৰ মোদীয়ে অসমৰ মুল সমস্যাবোৰৰ প্ৰতি পিঠি দি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ইখনৰ পিছত সিখন কৈ আচনি ঘোষনা কৰি চমক সৃষ্টি কৰিব বিচাৰিছে যদিও নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ পুনৰুজ্জীৱিত কৰাৰ বিষয়ে এটা টু শব্দও উচ্চাৰণ নকৰিলে।
বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ ক্ষেত্ৰতো নিমাত নৰেন্দ্ৰ মোদী কিন্তু কিয় ?
এই প্রশ্ন এতিয়া সৰ্বত্ৰ।
জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট R News India 24