ঘোষণা হ’ল নিৰ্বাচনৰ দিন, তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব অসম বিধানসভা নিৰ্বাচন

Spread the love

ঘোষণা হ’ল নিৰ্বাচনৰ দিন, তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব অসম বিধানসভা নিৰ্বাচন

Assam February 27:

অৱশেষত ঘোষণা হ’ল অসম বিধানসভা নিৰ্বাচনৰ দিন।

বহু জল্পনা-কল্পনাৰ ওৰ পেলাই নিৰ্বাচন আয়োগে ঘোষণা কৰিলে নিৰ্বাচনৰ দিন।

সেই অনুসৰি অসমত অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।

প্ৰথম পৰ্যায়ত অনুষ্ঠিত হবলগীয়া ভোট গ্ৰহণ পৰ্বত মুঠ ৪৭টা সমষ্টিক সাঙুৰি লোৱা হ’ব।

একেদৰে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত ১ এপ্ৰিলত।

১ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠানত ৩৯টা সমষ্টিক সাঙুৰি লোৱা হ’ব।

আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৬ এপ্ৰিলত।

সেইদৰে ৬ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ পৰ্বত অসমৰ ৪০টা সমষ্টিক সাঙুৰি লোৱা হ’ব বুলি জানিব পৰা গৈছে।

আনহাতে ২ মে’ত ভোট গণনা কৰা হ’ব।

ইফালে অসম বিধান সভা নিৰ্বাচনলৈ সৰু-বৰ প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে।

সৰ্বসাধাৰণ ভোটাৰক নিজৰ ফলীয়া কৰিবলৈ ৰাজনৈতিক দলসমূহে ন ন পন্থা অৱলম্বন কৰা দেখা গৈছে।

ছাইকেল যাত্ৰা, বাছ যাত্ৰা, বাইক যাত্ৰাৰ লগতে পদযাত্ৰাৰ জৰিয়তেও ৰাজনৈতিক দলসমূহে ভোটাৰক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰি গৈছে।

আনহাতে ৰাজনৈতিক দলসমূহে প্ৰতিদ্বন্দি প্ৰতিপক্ষক যিয়ে যেনকৈ পাৰিছে তীৰ্যক বাক্যবাণ নিক্ষেপ কৰি গৈছে।

ইটো দলে সিটো দলৰ বিৰুদ্ধে আক্ৰমনাত্মক স্হিতি গ্ৰহণ কৰি নিৰ্বাচনী ৰণাঙ্গণত অৱতীৰ্ণ হবলৈ ইতিমধ্যে যাবতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

ভোট যোদ্ধত অৱতীৰ্ণ হবলৈ ৰাজনৈতিক দলসমূহে বাছি লৈছে কিছুমান বিশেষ বিশেষ ইছু, সেয়া হৈছে,— এটা দলে যদি শৰাইঘাটৰ শেষ ৰণৰ শ্লোগান আওঁৰাইছে, আন এটা দলে আকৌ মোগল, সভ্যতা, মিঞা মিউজিয়াম, নীলা লুঙী আদিৰ প্ৰসঙ্গ টানি আনিছে।

এটা দলে যদি নাগৰিকত্ব সংশোধনী আইনৰ পক্ষে উকালতি কৰি আছে, আন দলে আকৌ নাগৰিকত্ব আইনৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে।

কোনোবাই যদি মিঞাৰ ভোট নালাগে বুলি কৈছে আন একাংশই আকৌ মিঞাৰ ভোটৰ বাবে বলিয়া হৈ পৰিছে।

এয়াই হৈছে অসমৰ ৰাজনীতি।

দেশ তথা দহৰ উন্নয়নৰ কথা নকৈ ৰাজনেতা সকলে আবোল তাবোল বকি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব বিচাৰিছে।

নিৱনুৱা সমস্যা, বান গৰাখহনীয়াৰ সমস্যাকে ধৰি এশএবুৰি সমস্যাৰে জৰ্জৰিত অসমৰ বন্ধ হৈ থকা কল-কাৰখানাবোৰ পুনৰুজ্জীৱিত কৰাৰ কথা চিন্তা নকৰি ৰাজনৈতিক দলসমূহে কিছুমান অপ্ৰাসংগিক মাত-কথাৰে অযথা পানী ঘোলা কৰা দেখা গৈছে।

মুঠতে শাসনৰ গাদীত বহিবলৈ ৰাজনৈতিক দলবোৰে ৰাজ্যৰ মুল সমস্যাবোৰৰ পিনে পিঠি দি জংক-পংক বহু কিবাকিবি নিমিলা অংক কৰি গৈছে।

পিছে ভোটাৰ ৰাইজ ইমান বুৰ্বক নহয়, ৰাজনৈতিকভাবে সচেতন অসমৰ ভোটাৰ ৰাইজে সকলো বুজি পায়।

প্ৰসংগক্ৰমে উল্লেখ্য যে, সম্প্ৰতি শদিয়াৰ পৰা ধুবুৰীলৈ কেৱল নিৰ্বাচনৰ গুঞ্জন।

কোন হাৰিব, কোন জিকিব, কোন দল কেনে কোৱা, কোন প্ৰাৰ্থী কিমান স্বচ্ছ, শিক্ষিত, নিকা, দুৰ্নীতিমুক্ত, কৰ্মদক্ষ, নিৰ্ভীক-নিৰপেক্ষ তথা ৰাইজৰ প্ৰতি কিমান দ্বায়বদ্ধশীল আদি বিষয়লৈ ভোটাৰৰ মাজত বু বা চলি আছে।

এইবাৰ ভোটাৰ ৰাইজে সকলো বিষয়বস্তু ভালদৰে আঁতিগুৰি মাৰি বিচাৰ-বিবেচনা কৰি নিজৰ বহুমূলীয়া ভোটাধিকাৰ সাব্যস্ত কৰিব।

 

By:জুলহাছ আলী আহমেদ R News India 24 

Leave a Reply

Your email address will not be published. Required fields are marked *