এই এটি দুঃসংবাদ, লুৰীণজ্যোতি গগৈৰ মাতৃৰ দেহাৱসানঃ

Spread the love

Assam, April 1: 

হয় আমি জনাব বিচাৰিছোঁ এই আজিৰ দিনটোৰ এটা দুঃসংবাদ, প্ৰাক্তন ছাত্ৰ নেতা তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাতৃ দুলু গগৈ আৰু নাই।

বুধবাৰে নিশা ডিব্ৰুগড়ৰ স্হিত সঞ্জীৱনী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে লুৰিণজ্যোতিৰ মাতৃ দুলু গগৈয়ে।

যোৱা সোমবাৰে দুলু গগৈক সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ সঞ্জীৱনী ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হৈছিল।

ইপিনে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ বোধেৰে দিনৰ ভাগত হাজোত আছিল৷

নিশাটো তেওঁ গুৱাহাটীতে নিশাটো কটোৱাৰ কথা আছিল যদিও মাতৃৰ বিয়োগৰ খবৰ পাই ততাতৈয়াকৈ ডিব্ৰুগড়লৈ ৰাওনা হৈছে।

উল্লেখ্য যে, সোমবাৰা পুৱা নিজ বাসগৃহত অসুস্থ হৈ পৰিছিল লুৰিণজ্যোতিৰ মাতৃ দুলু গগৈ।

পুৱা উচ্চ ৰক্তচাপত ভুগি অসুস্থ হৈ পৰা দুলু গগৈক ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত তেওঁ আজি নিয়তিৰ ওচৰত হাৰ মানিলে।

যুৱ নেতা লুৰিণজ্যোতি গগৈ মাতৃ দুলু গগৈৰ প্ৰস্হানত এতিয়া সৰ্বত্ৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

আমিও তেখেতৰ বিদেহী আত্মাৰ চিৰাশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

 

 জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট : R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *