ক্ষন্তেকীয়া জীৱনকলৈ কিহৰ ইমান দাম্ভিকতা ?
Assam, April 17
ক্ষণস্থায়ী জীৱনকলৈ কিহৰ ইমান গৌৰব-অহংকাৰ?
দুদিনৰ বাসিন্দা জানিওঁ আমি কিয় অনাহকত দন্দত জপিয়াই পৰোঁ?
কিয়ইবা পাৰস্পৰিক সম্পৰ্ক ছিন্ন হ’ব পৰা কামবোৰ কৰোঁ?
আমিবোৰে হিংসা-বিদ্বেষ তথা ধৰ্ম-জাতপাতৰ ভেদাভেদ পৰিহাৰ কৰি একগোট হৈ থাকিব নোৱাৰোঁনে?
আমাৰ কি হ’ল যে, আমি একঈশ্বৰৰ সৃষ্টিজীৱ হৈয়ো ইজনে সিজনক হিংসা, ঘৃণা বা ইৰ্ষা কৰোঁ।
কেতিয়াবা এবাৰ ভাবি চাইছোঁ’নে যে, আমি এই পৃথিৱীখনৰ স্হায়ী বাসিন্দা নহয়।
প্ৰাণবায়ু উৰি যোৱাৰ লগে লগেই দেখোন আমাৰ নশ্বৰ দেহ ‘বায়ু-মাটিৰ সৈতে চিৰতৰে বিলীন হৈ যাব’।
কোনো সন্দেহ নাই যে, এদিন নহয় এদিন আমি সকলোৱেই নিজৰ অৰ্জিত ধন-সম্পদ, পিতৃ-মাতৃ, ভাই-ভনী, স্ত্ৰী, পুত্ৰ-কন্যাসহ আপোনজনক এৰি থৈ যাব লাগিব।
তাৰ পাছতো কিয় আমি অস্থায়ী মোহ-মায়াত মত্ত হৈ ভোগ-বিলাসিতাৰ জীবন অতিবাহিত কৰিবলৈ লৈছোঁ?
কেৱল ইমানেই নহয়, খন্তেকীয়া জীৱন যাত্রাৰ বাবে আমিবোৰে যে আৰু ক’ত কি কৰি আছোঁ সেয়া বহলাই কোৱা নিষ্প্ৰয়োজন।
হত্যা, হিংসা, ধৰ্ষণ, লুণ্ঠন, অপহৰণ আদি অসামাজিক পাপ কাৰ্য কৰিবলৈও একেবাৰে কুন্ঠাবোধ নকৰা হৈছোঁ।
পিছে এয়াই মনুষ্য জাতিৰ চৰিত্ৰ হোৱা উচিত আছিল নেকি?
এই মায়াৱী ধৰাৰ বুকুত কেইদিননো জীয়াই থাকিম আমি?
যি কেইদিনেই জীয়াই নাথাকো কিয়, আহক আমি সকলোৱে হিংসা, প্রতিহিংসা, বিদ্বেষ আৰু পৰস্পৰৰ বিৰুদ্ধে গ্ৰহণ কৰা আক্রমণাত্মক স্হিতি পৰিত্যাগ কৰি, ‘গুৰুসেৱা/ ঈশ্বৰ সেৱা/ শৰণ/ ইশ্বৰনাম শ্ৰৱণ/ কীৰ্ত্তন/ ভকতসেৱা/ শাস্ত্ৰ অধ্যয়ন/ অহিংসা আচৰণ/ সহিষ্ণুতা পৰায়ণ/ সত্যানুসৰণ/ ৰিপু দমন/সুদৰ্শন/ ব্ৰহ্মজ্ঞান/ সপ্ৰেম ভকতি/ আত্মদৰ্শন/ আচাৰ আৰু ন্যায়াপৰায়ণতাৰ দৰে তত্ব সমূহ উপলব্ধি কৰি সমাজৰ পৰা অজ্ঞানতা গুচাই পোহৰৰ সন্ধান দিবলৈ প্ৰয়াস কৰোঁ’।
এনে কৰিলে অৱশ্যেই এদিন নহয় এদিন সমাজত শান্তি, মৈত্ৰী প্ৰতিষ্ঠা হ’ব আৰু নাথাকিব ধৰ্ম, জাত-পাত তথা উচ্চ-নীচৰ বৈষম্য।
তদুপৰি আমাৰ প্ৰিয় দেশ তথা দহৰ সৰ্বাংগীন উন্নয়ন সাধিত হ’ব।
জুলহাছ আলী আহমেদ R News India 24