মৃত্যুৰ কিৰিলি
Assam April 21 :
ফুটপাথতে জ্বলিছে কৰোনাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লোকৰ শৱদেহ 
কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ মৃত্যুবৰণ কৰা লোকৰ শৱদেহ সৎকাৰ কৰিবলৈ এতিয়া ঠাই নোহোৱা হৈছে।
সম্প্ৰতি কোভিড-১৯”ত আক্ৰান্ত হৈ অস্বাভাৱিক হাৰত মানুহৰ মৃত্যু হৈ আছে।
এক কথাত কবলৈ গলে দেশত যেন মৃত্যুৰ জোৱাৰ উঠিছে।
বৰ্তমান এনেকুৱা এটা পৰিস্থিতি উদ্ভৱ হৈছে যে, উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ফুটপাথতে মৃতদেহ সৎকাৰ কৰিবলগীয়া হৈছে।
ৰাজহুৱা শ্মশানবোৰত মৃতদেহ অন্তিম সৎকাৰ কৰি শেষ কৰিব নোৱৰা পৰিস্থিতি উদ্ভৱ হোৱাত গাজিয়াবাদ প্ৰশাসনে পথৰ দাঁতিতে মৃতদেহ সৎকাৰ কৰিবলৈ ঠিৰাং কৰিছে। সেই অনুসৰি কৰোনাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা ব্যক্তিক শ্মশানলৈ যোৱা পথৰ কাষতে সৎকাৰৰ ব্যৱস্থা কৰা হৈছে।
উল্লেখ্য যে, শ্মশান এটাত সৰ্বাধিক ১৫টা মৃতদেহহে সৎকাৰ কৰা হয়।
কিন্তু যোৱা বৃহস্পতিবাৰে ৪৬টা, শুকুৰবাৰে ৪৯টা আৰু শনিবাৰে ৪৭টা মৃতদেহ সৎকাৰৰ বাবে অনা হৈছিল বুলি খৱৰত প্ৰকাশ।
সেয়ে কৰোনাত আক্ৰান্ত হৈ এই দৰে ব্যাপক হাৰত মৃত্যু হোৱা লোকৰ মৃতদেহ সৎকাৰ কৰিবলৈ স্হানীয় জিলা প্ৰশাসনে অস্হায়ী ভাৱে সাজি উলিয়াইছে নতুন স্থান।
গাজিয়াবাদৰ বিভিন্ন শ্মশানৰ সমীপত বা নদীৰ পাৰত এই দৰে নতুকৈ বহুকেইটা অস্থায়ী স্থান নিৰ্মাণৰ খবৰ প্ৰকাশ পাইছে।
কৰোনা ৰোগীৰ মৃতদেহ জ্বলাবলৈ জিলা প্ৰশাসনৰ ফালৰ ফুটপাথত অস্থায়ীভাৱে নিৰ্মাণ কৰা স্থানত যোৱা দেওবাৰে শাৰী শাৰীকৈ মৃতদেহ সৎকাৰৰ ভাইৰেল হোৱা দৃশ্যই কঠিন বিপদতৰ ইংগিত বহন কৰিছে।
ইফালে কোভিড-১৯’ৰ দ্বিতীয়টো ডেও অসমতো প্ৰবেশ কৰিছে।
অদৃশ্য কৰোনাৰ আগ্ৰাসী ৰূপ দেখি ইতিমধ্যে অসম চৰকাৰেও জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা।
সেই অনুসৰি ২০ এপ্ৰিলৰ পৰা কাৰ্য্যকৰী হোৱাকৈ সকলো দৈনিক বজাৰ, সাপ্তাহিক বজাৰ, শ্বপিং মল আৰু দোকান-পোহাৰ সন্ধিয়া ৬ বজাতেই বন্ধ কৰিব লাগিব।
সকলোৰে বাবে মাস্ক পিন্ধা বাধ্যতামূলক কৰা হৈছে।
দোকান এখনত এবাৰতে কেৱল ৫ জনকৈ লোকহে প্ৰবেশ কৰিব পাৰিব, এই সময়ছোৱাত দোকানৰ গৰাকীয়ে গ্ৰাহকৰ ৬ ফুট দূৰত্ব নিশ্চিত কৰিব লাগিব।
দোকানীয়ে গ্ৰাহকৰ বাবে চেনিটাইজাৰ আৰু চাবোনেৰে হাত ধোৱাৰ সুব্যৱস্থা ৰাখিব লাগিব৷
তদুপৰি দোকানী আৰু গ্ৰাহকে হেণ্ড গ্লোভছ পিন্ধিব লাগিব।
চেলুন, পাৰ্লাৰসমূহত সকলোৱে মাস্ক, ফেছ কভাৰ, হেণ্ড গ্লোভছ পিন্ধিব লাগিব।
একেই নিয়ম উদ্যোগ, চাহ বাগিচাৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।
কভিড প্ৰটকল মানি সকলোৱে মাস্ক পিন্ধিব লাগিব।
ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব, থাৰ্মেল স্কেনাৰৰ ব্যৱস্থা ৰাখিব লাগিব।
অসম চৰকাৰে কৰোনা সমন্ধীয় জাৰি কৰা এই SOP অমান্য কৰিলে দুৰ্যোগ প্ৰশমন আইন ২০০৫’ৰ দণ্ডবিধি ১৮৮’ৰ ভিত্তিত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
By : জুলহাছ আলী আহমেদ R News India 24
Oh my god. Ki hob