দেৱদূত ৰূপত অৱতীৰ্ণ মুম্বাইৰ এগৰাকী ব্যক্তি
Assam, April 24 :
যিটো সময়ত দেশৰ বিভিন্ন ৰাজ্যত কেৱল অক্সিজেনৰ অভাৱতে বহু লোকৰ মৃত্যু হৈছে, ঠিক সেই সময়তে মুম্বাইৰ এগৰাকী মহান ব্যক্তিয়ে বিনামূলীয়াকৈ অক্সিজেন যোগান ধৰি মানৱতাৰ অনন্য নিদৰ্শন দাঙি ধৰিছে।
ভাৰতৰত্নৰে বিভূষিত অসমৰ সুযোগ্য সন্তান ড° ভূপেন হাজৰিকাই ঠিকেই কৈছিল ‘মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে’ আজি যেন ভূপেন দাৰ সেই কালজয়ী গীতৰ কথাকে শিৰোধাৰ্য কৰি মুম্বাইৰ এই মহান ব্যক্তিজনে কৰোনা মহামাৰীৰ এনে দুৰ্যোগৰ সময়ত ধৰ্ম, জাত-পাতৰ কথা নাভাবি একমাত্ৰ মানুহৰ জীৱন বচোৱাৰ উদ্দেশ্যে নিজৰ সৰ্বস্ব বিলীন কৰি দিবলৈ অকনো কৃপনালি কৰা নাই।
অক্সিজেনৰ অভাৱত মৃত্যুৰ সৈতে যুঁজি থকা আৰ্তজনৰ জীৱন ৰক্ষা কৰিবলৈ ঈশ্বৰ-আল্লাহৰ দেৱদূত (ফেৰেস্তা) ৰূপত অৱতীৰ্ণ হৈছে তেওঁ।
কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৰোগীৰ বাবে তেওঁ দ্বিধাহীনভাৱে অক্সিজেনৰ চিলিণ্ডাৰ যোগান ধৰি আহিছে।
মানৱদৰদী এইগৰাকী শ্বাহনাৱাজ শ্বেখে নিজৰ ২২ লাখ টকীয়া প্ৰিয় SUV গাড়ীখন বিক্ৰী কৰি ৰোগীক যোগান ধৰিছে অক্সিজেন চিলিণ্ডাৰ।
যাৰ কাৰণে আজি তেওঁ সৰ্বত্ৰ অক্সিজেন মেন হিচাপে চৰ্চালৈ আহিছে।
এই সংকটৰ সময়ছোৱাত মানুহ হৈ মানুৰ কাষত থিয় দিয়া শ্বাহনাৱাজ শ্বেখক আমি ভূয়সী প্ৰশংসা কৰাৰ লগতে তেওঁক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।
আশা কৰোঁ দেশৰ প্ৰত্যেকজন নাগৰিকে জাতি-ধৰ্মৰ প্ৰাচীৰ ভাঙি পৰস্পৰে পৰস্পৰৰ সহায়ত মনোনিবেশ কৰিব।
মানৱতাৰ ধ্বজ্বাবাহক শ্বাহনাৱাজ শ্বেখৰ পদাংক অনুসৰণ কৰিব পাৰিলে অৱশ্যেই ভাৰতবৰ্ষৰ বাৰেৰহণীয়া ফুলনিৰ পৰী হৈ শান্তিৰ সুবাস বিলাব আৰু গুনগুনাব সম্প্ৰীতিৰ সুমধুৰ গান।
By : জুলহাছ আলী আহমেদ R News India 24