অসমত কোৰোনা পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে !
Assam, April 28:
ভাৰতবৰ্ষৰ লগতে অসমতো কভিড-১৯’এ ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।
প্ৰতিদিনেই কৰোনা ৰোগীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে, অকালতে মৃত্যুবৰণ কৰিছে অনেকে।
কৰোনা ভাইৰাছৰ দ্বাৰা হোৱা সংক্ৰমণ ৰোধিবলৈ ইতিমধ্যে অসমত জাৰি কৰা হৈছে কাৰ্ফিউ৷
ৰাজ্য চৰকাৰে জাৰি কৰা কাৰ্ফিউ অমান্য কাৰী সকলৰ বিৰুদ্ধে অসম আৰক্ষীক সক্ৰিয় হৈ পৰা দেখা গৈছে।
মাস্ক নিপিন্ধাকৈ যাতে কোনো লোক বিনা কাৰণত বাহিৰলৈ ওলাই নাহে, সেই ক্ষেত্ৰত আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে।
ইফালে সমগ্র অসমৰ লগতে জাগীৰোড আৰক্ষীও কাৰ্ফিউ অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে।
মাস্ক পৰিধান নকৰা তথা কভিড প্ৰটকল নমনা লোকৰ ক্ষেত্ৰত অধিক কঠোৰ হোৱাৰ ইংগিত দিছে জাগীৰোড আৰক্ষী প্ৰশাসনে।
জাগীৰোডৰ জনবহুল ঠাই সমুহত ইতিমধ্যে স্থানীয় যানৱাহন আৰক্ষীযে মাইক যোগে সৰ্বসাধাৰণ ৰাইজক, মাস্ক পৰিধান কৰিবলৈ, সামাজিক ব্যৱধান মানি চলিবলৈ আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে।
জাগীৰোড আৰক্ষী নিবেশৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা আৰু নগৰ উপ পৰিদৰ্শক প্ৰাঞ্জল চেতিয়াই জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্য ৰাইজৰ মাজত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰি এই বুলি সতৰ্ক কৰি দিয়ে যে, এতিয়াৰে পৰা মাস্ক পৰিধান নকৰা ব্যক্তিয়ে জৰিমনা হিচাপে ভৰিব লাগিব ৫০০শ টকাৰ পৰা ১০০০ টকালৈকে।
তদুপৰি কভিডৰ আন প্ৰটকলবোৰ নামানিলেও লোৱা হ’ব আইনগত ব্যবস্থা।
আনহাতে কৰোনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি নিশা ৮বজাৰ পৰা পুৱা ৫বজালৈ অসমত বলবৎ কৰা হৈছে নৈশ সান্ধ্য।
২৭ এপ্ৰিল পৰা কাৰ্য্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰে ঘোষণা কৰা নৈশ সান্ধ্য আইন ১মে’লৈ বাহাল থাকিব।
কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৰোগীৰ সংখ্যা দ্ৰুত বৃদ্ধি পোৱালৈ চাই লোৱা হৈছে এই সিদ্ধান্ত।
অৱশ্যে সান্ধ্য আইন চলাকালীন সময়ত জৰুৰীকালীন সেৱাসমূহক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে।
By: জুলহাছ আলী আহমেদ R News India 24