কৰোনাৰ বিভিষীকা ৰুধিবলৈ ৰাজ্য চৰকাৰৰ নতুন SOP

Spread the love
Assam May 13:

কৰোনাৰ ভয়াবহতাৰ পৰা জনসাধাৰণক সুৰক্ষা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰে জাৰি কৰিছে কেতবোৰ নতুন নীতি-নিৰ্দেশনা।

সমগ্ৰ দেশৰ লগতে অসমতো অদৃশ্য কৰোনাই ভয়াবহ ৰূপ ধাৰণ কৰিছে।

দৈনিক কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৰোগী আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাইয়েই আছে।

কৰোনা মহামাৰীৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈ চৰকাৰে বিভিন্ন পন্থা অৱলম্বন কৰিও সফল নোহোৱাত সম্প্ৰতি জাৰি নতুন SOP।

পিছে কি আছে নতুনকৈ জাৰি কৰা SOP’ত?

হয়, ৰাজ্য চৰকাৰৰ ফালৰ পৰা জাৰি কৰা নতুন SOP মতে,

১| বৃহস্পতিবাৰৰ কাৰ্যকৰী হোৱাকৈ দিনৰ ২ বজাৰ পৰা ৫ বজালৈকে কাৰ্ফিউ বলৱৎ হব।

২| দিনৰ ১ বজাৰ পৰা সকলো দোকান-পোহাৰ বন্ধ ঘোষণা৷

৩| ১৫ দিনৰ বাবে সাপ্তাহিক বজাৰ বন্ধ ঘোষণা কৰা হৈছে৷

৪| হোটেল, ৰেষ্টুৰেন্ট সমূহত দিনৰ ১ বজাৰ পিছত বাহিৰৰ পৰা অহা গ্ৰাহকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে৷

৫| হোটেলত থকা গ্ৰাহকসকলে লাভ কৰিব ৰুম চাৰ্ভিচৰ ব্যৱস্থা।

৬| ১৫ দিনৰ বাবে সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা কৰা হৈছে৷

৭| সকলো শিক্ষানুষ্ঠান ১৫ দিনৰ বাবে বন্ধ ঘোষণা।

৮| বিবাহ আৰু ঘৰুৱা ধৰ্মীয় অনুষ্ঠানত কেৱল ১০ জন লোকেহে অংশগ্ৰহণ কৰিব পাৰিব৷

৯| কোনেও অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব৷

১০| শেষকৃত্য অনুষ্ঠানত কেৱল ১০ জনকৈ লোকহে উপস্থিত থাকিব পাৰিব৷

১১| সকলো ধৰণৰ ধৰ্মীয় অনুষ্ঠান ১৫ দিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে৷

১২| ৰাজহুৱা পৰিবহণত মাত্ৰ ৩০ শতাংশ যাত্ৰীকহে যাতায়তৰ অনুমতি দিয়া হৈছে৷

১৩| টেম্পো আৰু টেক্সিত চালকসহ মাত্ৰ দুজন যাত্ৰীকহে অনুমতি দিয়া হৈছে৷

১৪| মহিলা আৰু শিশু বাদে দুচকীয়া বাহনত দুজন উঠা নিষিদ্ধ কৰা হৈছে৷

১৫| ই-কমাৰ্চ ব্যৱস্থাৰ হোম ডেলিভাৰী অব্যাহত থাকিব৷

১৬| পুৱা ৫ বজাৰ পৰা ২ বজালৈ বাহনৰ চলাচলত যুগ্ম আৰু অযুগ্ম নীতি প্ৰয়োজ্য থাকিব৷

১৭| স্বাস্থ্যজনিত কাৰনত অহা-যোৱা কৰা ব্যক্তিগত যুগ্ম-অযুগ্মৰ ক্ষেত্ৰত এই নীতি প্ৰয়োজ্য নহব৷

  বৃহস্পতিবাৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ এই নতুন SOP প্ৰয়োজ্য হব৷

ৰাজ্য প্ৰশাসনে জাৰি কৰা নতুন SOP কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অসম আৰক্ষী পূৰ্বতকৈ অধিক কঠোৰ হোৱাৰ ইংগিত পোৱা গৈছে৷

অসম আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ বক্তব্যৰ পৰা এই ইংগিত পোৱা গৈছে।

ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে সকীয়ণি প্ৰদান কৰি কয় যে, অনাহকত ঘূৰি-ফুৰা কোনো ব্যক্তিকেই ৰেহাই দিয়া নহব৷

তদুপৰি বজাৰ বা বাট-পথত জুম বান্ধি থকাসকলৰ ওপৰত আৰক্ষীয়ে লাঠীচালনা কৰিব।

আনহাতে গোপনে কোনো পাৰ্টি বা সভা অনুষ্ঠিত কৰিলে আয়োজকৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হব বুলিও সকিয়াই দিয়ে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই।

ইফালে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা ৫ শতাংশ হলেই কন্টেইনমেন্ট জোন হিচাবে ঘোষণা কৰা হব বুলিও সদৰি কৰে তেওঁ৷

গতিকে ৰাজ্যবাসীলৈ আহ্বানঃ পূৰ্ণাংগ লক ডাউনৰ নৰক যন্ত্ৰণাৰ পৰা বাচি থাকিবলৈ চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দেশনাসমূহ মানি চলক আৰু নিজৰ লগতে ৰাজ্যবাসীক সুৰক্ষিত ৰাখক।

 

By: জুলহাছ আলী আহমেদ  R News India 24 

Leave a Reply

Your email address will not be published. Required fields are marked *