শিক্ষক দিৱসৰ কথাৰে!

Spread the love

Assam, September 5:

শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলৰ সন্মানাৰ্থে সমগ্র দেশজুৰি পালিত হয় শিক্ষক দিৱস।

স্বাধীন ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনটোত অৰ্থাৎ প্ৰতি বছৰ ৫ ছেপ্টেম্বত শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলক সন্মান প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰত বা সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক পুৰস্কৃত কৰা হয়।

শিক্ষকসকল হৈছে সমাজ পিতামহস্বৰূপ ৷

শ্ৰদ্ধাৰ শিক্ষক সকলে প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে জীৱনৰ অতি মূল্যবান সময় এগৰাকী শিশুৰ সৈতে অতিবাহিত কৰে৷

সেইহেতুকে সমাজ এখনত প্ৰকৃত মানৱ সম্পদ সৃষ্টি কৰাৰো মূল দায়িত্ব শিক্ষকসকলৰ ওপৰতেই পৰে৷

কেৱল সাধাৰণ শিক্ষা প্ৰদানেই শিক্ষকসকলৰ মূল উদ্দেশ্য নহয়৷

প্ৰখ্যাত শিক্ষাবিদ, চিন্তাবিদ তথা দাৰ্শনিক ড° ৰাধাকৃষ্ণণে বিশ্বাস কৰিছিল যে, শিক্ষাৰ্থীসকলক যদি সঠিক পদ্ধতিৰে শিক্ষা দিয়া হয় তেন্তে সমাজৰ পৰা অনেক অপশক্তিক বিনাশ কৰিব পৰা যাব৷

তেওঁৰ বক্তব্যত যি শিক্ষাৰ কথা উল্লেখ কৰিছিল সেই শিক্ষাৰ অন্তৰালত কেৱল স্কুলীয়া শিক্ষা নাছিল।

তেওঁ ছাত্ৰ-ছাত্ৰী সকলৰ মানৱীয় উৎকৰ্ষ সাধনৰ লগতে নৈতিকভাৱে সুস্থ-সৱল, সচেতন আৰু সহিষ্ণুতাপৰায়ণ কৰি গঢ়ি তোলাৰ ওপৰত জোৰ দিছিল বা তেনে শিক্ষা প্ৰদান কৰাৰ কথাহে কৈছিল৷

শিক্ষাদান মানেই পাঠ্যপুথিৰ শিক্ষা  নহয়৷

বিদ্যালয়ৰ সাধাৰণ শিক্ষাই ছাত্ৰ এজনক ডিগ্ৰী প্ৰদান কৰিব পাৰিব ঠিকেই কিন্তু মানৱীয় উৎকৰ্ষতাৰ শিক্ষা প্ৰদান কৰিব নোৱাৰিবও পাৰে৷

সেয়ে আজিৰ এই পৱিত্ৰ শিক্ষক দিৱসৰ দিনা প্ৰয়াত ৰাষ্ট্ৰপ্ৰধান ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে শিক্ষাৰ ওপৰত আলোকপাত কৰা প্ৰতিটো কথাকে আমাৰ ছাত্ৰ-শিক্ষক সকলোৱে অনুধাৱন কৰা উচিত।

জুলহাছ আলী আহমেদৰ প্ৰতিবেদন R news india 24 

Leave a Reply

Your email address will not be published. Required fields are marked *