সাহিত্যিক, নাট্যকাৰ, অভিনেতা তথা নাটসমালোচক সত্যপ্ৰসাদ বৰুৱা :
26 June,Assam:
সত্যপ্ৰসাদ বৰুৱা:
আধুনিক অসমীয়া নাট্য-সাহিত্যৰ ইতিহাসত নাট্যকাৰ, অভিনেতা তথা নাটসমালোচক সত্যপ্ৰসাদ বৰুৱা এক উল্লেখযোগ্য নাম৷
নাটক আৰু অভিনয়কে জীৱনৰ মূলবস্তু কৰি লোৱা সত্যপ্ৰসাদ বৰুৱাই ঐতিহাসিক, সামাজিক, পৌৰাণিক আদি বিবিধ বিষয়বস্তুৰ বহুকেইখন নাটক ৰচনা কৰে৷
মৌলিক নাট্যসৃষ্টিৰ সমান্তৰালভাৱে তেওঁ বহুকেইখন দেশী-বিদেশী বিখ্যাত নাটকৰ অসমীয়া অভিযোজনা তথা অনুবাদো কৰিছিল৷
তেখেতে আঠখন পূৰ্ণাংগ নাট, সাতখন চুটিনাট আৰু একাংকিকা, একাধিক অনুবাদ নাট, কেইবাখনো নাটিকা আদি ৰচনাৰে অসমীয়া নাট্য আন্দোলনক সমৃদ্ধ কৰি থৈ গৈছে৷
তেখেত একাধাৰে এগৰাকী নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক হোৱাৰ লগতে এজন সাহিত্যিক, নিবন্ধকাৰ, সাংবাদিক আৰু নাট্য তত্ত্বৰ বিশিষ্ট গৱেষক।
১৯১৯ চনৰ ২৯ অক্টোবৰত মিজোৰামৰ আইজলত জন্মগ্ৰহণ কৰে।
সত্য প্ৰসাদ বৰুৱাৰ পিতৃ আছিল গুৰু প্ৰসাদ বৰুৱা আৰু মাতৃ আছিল পদ্মৰেখা বৰুৱা।
১৯৩৮ চনত কটন কলেজৰ পৰাই অৰ্থনীতিত অনাৰ্চসহ স্নাতক ডিগ্ৰী লাভ কৰি সত্য প্ৰসাদ বৰুৱাই লগে লগে ওকালতি শিক্ষা আৰম্ভ কৰে।
পিচত শিক্ষা শেষ কৰি আদালতলৈ যায় যদিও ওকালতিৰ কামৰ পৰা বিদায় লয়।
জীৱন জীৱিকাৰ কথা চিন্তা কৰি বৰুৱাই মাতৃৰ স্মৃতিত পদ্ম প্ৰকাশ নামেৰে এটি প্ৰকাশন প্ৰতিষ্ঠান মুকলি কৰে।
উক্ত প্ৰতিষ্ঠানটোৰ পৰাই কেইবাখনো আপুৰুগীয়া গ্ৰন্থ প্ৰকাশ কৰি উলিয়াই।
১৯৪৮ চনত বৰুৱাই অল ইণ্ডিয়া ৰেডিঅ’ত অনুষ্ঠান কাৰ্যবাহী হিচাপে প্ৰথমে চৰকাৰী চাকৰিত যোগ দিয়ে।
১৯৬৫ চনলৈকে ৰেডিঅ’ত কাম কৰি সেই বছৰতে অসম চৰকাৰ তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া সঞ্চালক ৰূপে যোগদান কৰি ১৯৭০ চনত বিভাগটোৰ সঞ্চালকো হয়।
১৯৭২ চনত সাংস্কৃতিক সঞ্চালকালয়ৰ প্ৰতিষ্ঠাপক সঞ্চালক ৰূপে দায়িত্ব গ্ৰহণ কৰি ১৯৭৪ চনত চাকৰিৰ পৰা অৱসৰ লয়।
গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ লগত ওতপ্ৰোতভাবে জড়িত থকা সত্য প্ৰসাদ বৰুৱাই অসমীয়া ৰক্ষণশীল সমাজত নাৰীক পুৰুষৰ লগত অভিনয় কৰোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।
তাৰ ফলস্বৰূপে নাটক সমূহত নাৰী-পুৰুষ সমানে অভিনয় কৰিবলৈ সুবিধা পায়।
তদুপৰি সাংবাদিক হিচাপে তেখেতে চাইক্ল’ৰমা নামৰ এটি শিতান লৈ “দ্যা আছাম ট্ৰিবিউন” কাকতত ১৯৭৬ চনৰ পৰা মৃত্যুৰ আগলৈকে নাটক সমালোচনা কৰাৰ লগতে দৈনিক অসম, দি নৰ্থ-ইষ্ট ক্লেৰিয়ন, নতুন দৈনিক, আজিৰ অসম, প্ৰকাশ, দৈনিক জনমভূমি আৰু বিভিন্ন আলোচনীত বিভিন্ন সাংস্কৃতিক দিশত আলোকপাত কৰে।
তেখেতে অনাতাঁৰ যোগে পাঁচশ খনতকৈ অধিক নাটকত অংশগ্ৰহণ কৰিছিল।
সত্যপ্ৰসাদ বৰুৱাই লিখা “ধৰালৈ যিদিনা নামিব সৰগ” নাটকখন আছিল অল ইণ্ডিয়া ৰেডিঅ’যোগে প্ৰচাৰ হোৱা প্ৰথম অসমীয়া অনাতাঁৰ নাটক।
তেখেত সংস্কৃতৰ উপৰিও প্ৰাচীন ভাৰতীয় ভাষাৰ নাটসমূহৰ উপৰিও বঙালী, পঞ্জাবী, হিন্দী আদি ভালেসংখ্যক ভাৰতীয় আধুনিক ভাষাৰ নাটক অধ্যয়ন কৰিছিল।
সেই সমূহৰ বিষয়ে সত্য প্ৰসাদ বৰুৱাই গ্ৰন্থ, প্ৰবন্ধ ৰচনা কৰি অসমীয়া নাট্য সাহিত্যৰ ভৰাঁল চহকী কৰি থৈ গৈছে।
তদুপৰি তেওঁ গ্ৰীক, নৰৱেজিয়ান, ইংৰাজী, ৰুছ আদি ভাষাৰ নাটক অধ্যয়ন কৰি সেইসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰি অসমৰ নাট্যপ্ৰেমী ৰাইজক উপকৃত কৰিছিল।
১৯৭৮ চনত তেখেতে ইডিপাছ নাটকত কৰা অভিনয়ৰ বাবে সৰ্বভাৰতীয় সমালোচক সংস্থাৰ “শ্ৰেষ্ঠ অভিনেতা বঁটা” লাভ কৰিছিল।
১৯৭৮ চনত নাট্যপ্ৰভাকৰ উপাধি প্ৰদান কৰে।
শৌভিক গোষ্ঠীৰ দ্বাৰা
১৯৯৩ শংকৰদেৱ বঁটা প্ৰদান কৰে।
অসম চৰকাৰৰ দ্বাৰা
১৯৮৬ চনত সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰে।
১৯৭৮ চনত বিশিষ্ট সাহিত্যিক পেঞ্চন তথা কলিকতাৰ অল ইণ্ডিয়া ক্ৰিটিক এছ’চিয়েছনৰ দ্বাৰা ৰজা ইডিপাছ চৰিত্ৰ ৰূপায়ণৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান।
অসমৰ নাট্য জগতখনৰ সৈতে নিবিড়ভাবে জড়িত অসমৰ আধুনিক নাট্য আন্দোলনৰ পিতৃ স্বৰূপ নাট্যপ্ৰভাকৰ সত্য প্ৰসাদ বৰুৱাৰ ২০০১ চনৰ ২৬ জুন তাৰিখে জীৱন নাটৰ সামৰণি পৰে।
এই গৰাকী মহান নাট্যকাৰৰ মৃত্যুবাৰ্ষিকীত সশ্ৰদ্ধ প্ৰনাম।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24 .