ভাৰত গৌৰৱ তথা কাৰ্গিল যুদ্ধত শ্বহীদ অসম সন্তান জিণ্টু গগৈ।
ভাৰত গৌৰৱ শ্বহীদ জিণ্টু গগৈ।
১৯৭০ চনৰ ২১ নবেম্বৰ গোলাঘাট জিলাৰ এখন সৰু নগৰ খুমটাইত জন্ম হৈছিল।
তেখেতৰ পিতৃ নাম ঠগিৰাম আৰু মাতৃৰ নাম দুলুপ্ৰভা।
তেখেতৰ পিতৃ ঠগিৰাম বায়ুসেনা বিভাগৰ এজন দক্ষ আৰু অভিজ্ঞ বিষয়া আছিল।
জিণ্টু গগৈৰ ভনীয়েক আছিল লুনা।
জিণ্টু গগৈ ১৭ নং গাড়ৱাল ৰাইফলছৰ কেপ্তেইন আছিল।
সেই সময়ত বাটালিক ছেক্টৰৰ জুবাৰ কমপ্লেক্সৰ কালাপাথৰ ৰিবা লাইন শত্ৰুৰ হাতৰ পৰা মুক্ত কৰিবলৈ দায়িত্ব পাইছিল।
১৯৯৯ চনৰ ২৯ আৰু ৩০ জুনত সেই দায়িত্ব পালন কৰিছিল।
মৰণোত্তৰভাৱে কেপ্তেইন জিণ্টু গগৈক ১৯৯৯ চনৰ স্বাধীনতা দিৱসত বীৰ চক্ৰ আৰু ২০০৮ চনৰ ২৯ জুলাইত বীৰ চিলাৰায় বঁটাৰে সন্মানিত কৰা হয়।
১৯৯৯ চনৰ ৩০ জুনত ২৯ বছৰ বয়স পূৰ নহওঁতেই মৃত্যু হয়। কাৰ্গিল যুদ্ধৰ শ্বহীদ জিণ্টু গগৈৰ মৃত্যু তিথি।
১৯৯৯ চনৰ আজিৰ দিনটোতে দেশ মাতৃৰ বাবে প্ৰাণ আহুটি দিছিল এই গৰাকী সুযোগ্য সন্তানে।
তেখেতৰ মৃত্যুৰ তিথিত শ্ৰদ্ধাঞ্জলী জনাইছোঁ।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24