“দ্যা আছাম ট্ৰিবিউন” ৰ জন্মদাতা, “দৈনিক অসম”, “অসম বাণী” ৰ প্ৰতিষ্ঠাতা, সমাজ সংগঠক, ক্ৰীড়া উদ্যোক্তা আধুনিক অসমৰ আৰ্হি নিৰ্মাতা’ ” ‘সিংহপুৰুষ’ ৰাধা গোবিন্দ বৰুৱাঃ

Spread the love

ৰাধা গোবিন্দ বৰুৱাঃ ভাৰত বৰ্ষৰ অন্যতম সংবাদ গোষ্ঠী “দ্যা আছাম ট্ৰিবিউন” ৰ জন্মদাতা,
অসমীয়াৰ বুকুৰ আপোন বাতৰি কাকত “দৈনিক অসম“, সাপ্তাহিক বাতৰি কাকত “অসম বাণী” ৰ প্ৰতিষ্ঠাতা, এগৰাকী দূৰদৰ্শী সমাজ সংগঠক আৰু ক্ৰীড়া উদ্যোক্তা আছিল।

১৯০০ চনৰ ১৭ অক্টোবৰত শিৱসাগৰত ৰাধাগোবিন্দ বৰুৱাৰ জন্ম হয়

দেউতাকৰ নাম গুণগোবিন্দ বৰুৱা।

ৰাধাগোবিন্দৰ দুমাহ বয়সতে মাতৃবিয়োগ হয়।

তেতিয়া খুৰীয়েক হৈম্যৱতী বৰুৱাই তেওঁক লালন-পালন কৰে।

শিৱসাগৰতে প্ৰাথমিক শিক্ষা লাভ কৰে।

তাত কেইবছৰমান পঢ়াৰ পাছত দেউতাক নগাঁৱলৈ বদলি হোৱাত তেওঁ নগাঁও হাইস্কুলত পঢ়ে।

দেউতাক পুনৰ ডিব্ৰুগড়লৈ বদলি হোৱাত ডিব্ৰুগড় হাইস্কুললৈ যায় আৰু আৰু তাৰ পৰাই দ্বিতীয় বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।

কটন কলেজৰ প্ৰথম বছৰৰ পৰীক্ষা দি ডিব্ৰুগড়ৰ ঘৰলৈ যোৱাৰ পাছত ৰাধাগোবিন্দ বৰুৱাই ব্যৱসায় কৰিবলৈ মন মেলিলে।

কিছুদিন দেউতাকৰ মেগেলা চাহ বাগিছাত কাম কৰিলে।

তাৰ পাছত এটা ছাপ্লাই এজেন্সি খুলি খেৰ, চূণ, বালি, ইটা আদিৰ যোগানৰ কাম আৰম্ভ কৰিলে।

কানিৰ মহল এটাও এবছৰৰ বাবে ল’লে।

ইয়াৰ পাছত বেলা হালদাৰ নামৰ এগৰাকী মহিলাৰ লগত যুটীয়াভাৱে ৰেলৰ শ্লিপাৰৰ ব্যৱসায়ত লাগে।

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনি
মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

কলিকতাত অশেষ কষ্ট কৰি তেওঁ একাউণ্টেঞ্চি আৰু বুক কিপিঙৰ প্ৰশিক্ষণ ল’বলৈ ধৰিলে।

ইয়াৰ মাজতে ধনৰ জোৰা মাৰিবলৈ বন্ধুৰ সহযোগত চাহৰ দোকান এখনো খুলিছিল।

ৰাধাগোবিন্দই কলিকতাত দেখি অহা ইম্পেৰিয়েল বেংকৰ দৰে প্ৰতিষ্ঠান অসমতো খুলিবলৈ চিন্তা কৰিলে।

সেইমতে ১৯২৩ চনৰ মে’ মাহত কলিকতাৰ পৰা বেংক ব্যৱসায়ৰ জ্ঞান থকা মিঃ কেমেৰন নামৰ ব্যক্তি এজনক আনি নানা চৰকাৰী মেৰপেঁচ আঁতৰাই ডিব্ৰুগড়ত যুটীয়াভাৱে ‘ইম্পেৰিয়েল বেংক’ স্থাপন কৰে।

তেতিয়া তেওঁৰ বয়স মাত্ৰ তেইছ বছৰ।

১৯২১ চনত স্থাপিত হোৱা Imperial Bank of India পাছলৈ ষ্টে’ট বেংক অৱ ইণ্ডিয়াৰ উত্তৰ-পূব ভাৰতত এইটো আছিল প্ৰথম শাখা আৰু ৰাধাগোবিন্দ বৰুৱা ইয়াৰ প্ৰথম অসমীয়া কৰ্মচাৰী

তেওঁক অসমত বীমা ব্যৱসায়ৰ বাটকটীয়া বুলিও ক’ব পাৰি।
অসম, বংগ, বিহাৰ আৰু ঊৰিষ্যাৰ ভিতৰত তেওঁ দুবাৰ শ্ৰেষ্ঠ এজেণ্টৰ সন্মান লাভ কৰিছিল আৰু ফটো সহিতে এই বাতৰি ‘আৱাহন‘ত প্ৰকাশ পাইছিল।

দেউতাকে এটা প্ৰেছ খোলাৰ আগ্ৰহ কৰাত ৰাধাগোবিন্দ ডিব্ৰুগড়লৈ গৈ ‘বৰুৱা প্ৰেছ‘ নামৰ ছপাশাল আৰম্ভ কৰে।

চিঠি, বাগিছাৰ কাগজ-পত্ৰ আদিৰ ছপাৰে এই ব্যৱসায়ে ঠন ধৰি উঠিল।

১৯৩৯ চনত ৰাধাগোবিন্দ বৰুৱাই বৰুৱা প্ৰেছৰ পৰাই এখন ইংৰাজী বাতৰি কাকত উলিওৱাৰ কথা চিন্তা কৰিলে।

তেতিয়া অসমত প্ৰচলিত একমাত্ৰ ইংৰাজী কাকত আছিল ৰাধানাথ চাংকাকতীয়ে প্ৰকাশ কৰা ‘টাইম্‌ছ অৱ আসাম‘।

ইণ্ডিয়ান টি এছ’চিয়েচনৰ ভাইচ চেয়াৰমেন তথা মাইজান চাহ বাগিছাৰ অধীক্ষক আৰ ডি লয়েলৰ পৰামৰ্শ অনুসৰি ৰাধাগোবিন্দই কাকতখনৰ নাম ‘আসাম ট্ৰিবিউন‘ ৰাখিলে।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ আঁচনি
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।

ব্যৱসায়ৰ সহযোগী হিচাপে ভায়েক কৃষ্ণগোবিন্দ বৰুৱা আৰু বিখ্যাত চাহ ব্যৱসায়ী সোমেশ্বৰ বৰুৱাক ল’লে।

১৯৩৯ চনৰ ৪ আগষ্টত ডিব্ৰুগড়ৰ পৰা সাপ্তাহিক ৰূপত আসাম ট্ৰিবিউনৰ প্ৰকাশ আৰম্ভ হ’ল

ৰাধাগোবিন্দ বৰুৱাই টি এছ’চিয়েচন, কলিকতাৰ বিভিন্ন এজেন্সী আৰু কোম্পানীক লগ ধৰি কাকতৰ বাবে বিজ্ঞাপন যোগাৰ কৰিলে।

কিছুদিনৰ পাছত ‘টাইম্‌ছ অৱ আসাম’ বন্ধ হোৱাত ট্ৰিবিউনৰ প্ৰচাৰ বাঢ়ি আহিল

১৯৪৬ চনৰ ৩০ ছেপ্তেম্বৰৰ পৰা আসাম ট্ৰিবিউন দৈনিক কাকত হিচাপে প্ৰকাশ পাবলৈ ধৰিলে

ই অসমৰ পৰা প্ৰকাশ পোৱা প্ৰথমখন দৈনিক কাকতৰূপে পৰিগণিত হ’ল।

ৰাধাগোবিন্দ বৰুৱাই দিল্লী, কলিকতা, বম্বে’, কাণপুৰ আদি ঠাইৰ লগতে লণ্ডনতো কাৰ্যালয় খুলি সাংবাদিক নিযুক্তি দিছিল।

‘আসাম ট্ৰিবিউন এম্‌প্লয়িজ ইউনিয়ন’ৰ লগত তেওঁৰ সু-সম্পৰ্ক আছিল আৰু কামৰ ক্ষেত্ৰত কঠোৰ হোৱা সত্বেও সকলো সৰু-বৰ কৰ্মচাৰীকে মৰম কৰিছিল।

ট্ৰিবিউনৰ ৰূপালী জয়ন্তী উৎসৱ অসমতে সীমাবদ্ধ নাৰাখি শ্বিলং, দিল্লী, কলিকতা আৰু ব’ম্বেতো পতা হৈছিল।

শ্বিলঙত তেতিয়াৰ ৰাজ্যপাল বিষ্ণু সহায়, বিত্তমন্ত্ৰী ফখৰুদ্দিন আলি আহমেদ, কলিকতাত মুখ্যমন্ত্ৰী প্ৰফুল্ল চন্দ্ৰ সেন, ব’ম্বেত মুখ্যমন্ত্ৰী ভি পি নায়ক আৰু দিল্লীত প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীৰ লগতে ইন্দিৰা গান্ধীয়ে ৰূপালী জয়ন্তী উৎসৱত অংশগ্ৰহণ কৰিছিল

গুৱাহাটীত অনুষ্ঠিত মূল অধিবেশনত তেতিয়াৰ শিক্ষামন্ত্ৰী দেৱকান্ত বৰুৱাই সভাপতিত্ব কৰিছিল আৰু মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই মুখ্য অতিথিৰূপে যোগ দিছিল।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ আঁচনি
মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

ট্ৰিবিউনৰ পাছত বৰুৱাই এখন অসমীয়া সাপ্তাহিক কাকত উলিওৱাৰ কথা চিন্তা কৰে।
সেই মৰ্মে ১৯৫৫ চনৰ ১ জুলাইৰ পৰা সাদিনীয়া ‘অসম বাণী‘ৰ প্ৰকাশ আৰম্ভ হয়।

সতীশ চন্দ্ৰ কাকতিক সম্পাদক হিচাপে দায়িত্ব দিয়া হ’ল।

১৯৬৫ চনৰ ৪ আগষ্টৰ পৰা ‘দৈনিক অসম’ৰ প্ৰকাশ আৰম্ভ হ’ল।

গ্ৰন্থ প্ৰকাশৰ কথা চিন্তা কৰি ৰাধাগোবিন্দ বৰুৱাই ট্ৰিবিউন প্ৰেছৰ লগতে ‘সাহিত্য প্ৰকাশ‘ নামৰ এটা প্ৰতিষ্ঠান গঢ়ি তুলিলে।

প্ৰথম অৱস্থান প্ৰকাশনটোৱে ঘাইকৈ ৰজনীকান্ত বৰদলৈ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যকৰ্মসমূহ ছপাই উলিওৱাৰ দিহা কৰিলে।

১৯৬৪ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম শতবাৰ্ষিকীত সাহিত্য প্ৰকাশে নিজাববীয়াকৈ দুটা খণ্ডত ‘বেজবৰুৱা গ্ৰন্থাৱলী‘ ছপাই অসমৰ সাহিত্য জগতলৈ এক গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায়।

প্ৰতিষ্ঠিত লেখকৰ লগতে বহু নতুন লেখকৰো সাহিত্যকৰ্ম এই প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে।

১৯৫২ চনত ডা° ভুৱনেশ্বৰ বৰুৱাক সভাপতি, প্ৰবীণ ফুকনক সম্পাদক আৰু ৰাধাগোবিন্দ বৰুৱা আৰু ডা° কনকচন্দ্ৰ বৰুৱাক উপ-সভাপতি হিচাপে লৈ ‘গুৱাহাটী বিহু সন্মিলনী’ৰ জন্ম হ’ল।

এই সমিতিৰ উদ্যোগতে লতাশিল খেলপথাৰত ১৯৫২ চনত ৰাজহুৱাভাৱে পতা অসমৰ প্ৰথমখন বিহু মঞ্চ আয়োজন কৰা হ’ল

১৯৫৪ চনৰ ১ জানুৱাৰীত ডা° তাৰিণীমোহন বৰুৱা ৰ লগ লাগি ৰাধাগোবিন্দ বৰুৱাই ‘অসম সংগীত সন্মিলনী’ৰ জন্ম দিয়ে।

ডিব্ৰুগড়ৰ মঞ্চত ৰাধাগোবিন্দ বৰুৱাই সফলতাৰে অভিনয় কৰা কেইটামান চৰিত্ৰ আছিল দুৰ্য্যোধন, শকুনিৰ প্ৰতিশোধ, কৰ্ণ, কৰ্ণাৰ্জ্জুন, আকবৰ, আনাৰকলি, চান্দ সদাগৰ, বেউলা, হলকান্ত মনোমতী আদি।

আনকি তেওঁ স্ত্ৰী-চৰিত্ৰ চিত্ৰাংগদাৰ ভাও ৰূপায়িত কৰিছিল।

মিচিং স্বায়ত্ত শাসিত পৰিষদ
মিচিং স্বায়ত্ত শাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

অসমীয়া চলচ্চিত্ৰ ‘মনোমতী‘ আৰু ‘পূবেৰুণ’তো তেওঁ অভিনয় কৰিছিল৷

১৯৬২ চনত নটৰাজ থিয়েটাৰ আৰম্ভ হওঁতে প্ৰথম বছৰেই ৰাধাগোবিন্দ বৰুৱাই গুৱাহাটী টাউন ক্লাবৰ সাহায্যাৰ্থে তেওঁলোকক নিমন্ত্ৰণ কৰিছিল আৰু বাতৰি কাকতত “বিশ্বৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ” বুলি বিজ্ঞাপন দিছিল।

তেতিয়াৰেপৰাই এই অনুষ্ঠান ‘ভ্ৰাম্যমাণ থিয়েটাৰ‘ বুলি জনাজাত হয়।

অসমৰ ক্ৰীড়া জগতলৈ ৰাধাগোবিন্দ বৰুৱাৰ অৱদান অপৰিসীম।

অসমৰ ডেকাসকল স্বাস্থ্যৰক্ষা আৰু ক্ৰীড়াত আগুৱাই যাবলৈ ১৯৩৭ চনত তেওঁ ডিব্ৰুগড়ত ‘অসম অলিম্পিক‘ৰ আয়োজন কৰিছিল।

পাঁচ বছৰলৈ এই খেল পতা হৈছিল।

গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম তেওঁৰ তত্বাৱধানত নিৰ্মাণ কৰা হৈছিল।

এটা দশক জুৰি তেওঁ ‘অসম ক্ৰিকেট সন্থা‘ৰ সভাপতি আছিল।

‘গুৱাহাটী ইন্‌ড’ৰ ষ্টেডিয়াম’, ‘অসম সংগীত সন্মিলনী’, ‘আসাম ফ্লায়িং ক্লাব’, ‘অসম হকী এছ’চিয়েচন’, ‘অসম বেডমিণ্টন এছ’চিয়েচন’ৰ প্ৰতিষ্ঠাতো আগভাগ লৈছিল।

তেওঁৰ একক প্ৰচেষ্টাতে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন হৈছিল।
গুৱাহাটীৰ ‘ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়‘ তেওঁৰ নামতে ৰখা হৈছে।

তেওঁ গুৱাহাটীৰ প্ৰথমগৰাকী মেয়ৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল

আৰ জি নামেৰে তেওঁ প্ৰখ্যাত আছিল।

তেওঁক ‘আধুনিক অসমৰ আৰ্হি নিৰ্মাতা’ “the architect of modern Assam” আৰু ‘সিংহপুৰুষ’ বুলিও অভিহিত কৰা হয়

 

প্ৰতি বছৰে ১৭ অক্টোবৰ ৰ দিনটোত অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ৰাধাগোবিন্দ বৰুৱাৰ জন্মবাৰ্ষিকী উদ্‌যাপন কৰে।

২০০৫ চনৰ ১৭ অক্টোবৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাধাগোবিন্দ বৰুৱাৰ নামৰ দুটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া বঁটাৰ ঘোষণা কৰিছিল

‘অসম ক্ৰীড়া সাংবাদিক সন্থা’ইও ‘ৰাধাগোবিন্দ বৰুৱা শ্ৰেষ্ঠ ক্ৰীড়াবিদ বঁটা’ প্ৰদান কৰে।

২০২১ চনত এই বঁটা লাভ কৰিছে লাভলীনা বৰগোহাঁইয়ে

অসম সাহিত্য সভাই শশীচন্দ্ৰ বৰবৰুৱা ট্ৰাষ্টৰ সহযোগত দিয়া ‘সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা‘২০১০ চনত মৰণোত্তৰভাৱে ৰাধাগোবিন্দ বৰুৱা আৰু আসাম ট্ৰিবিউন বাতৰি কাকত গোষ্ঠীক প্ৰদান কৰা হয়।

১৯৭৮ চনত গুৱাহাটীৰ ফটাশিল, আমবাৰীত তেওঁৰ নামত ‘ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়‘ স্থাপন কৰা হয়।

গুৱাহাটীৰ বাণিজ্য মহাবিদ্যালয়ৰ পৰা গণেশগুৰি সংযোজী ((পথটো তেওঁৰ নামতে RG Barua road ৰখা হৈছে।

নেহৰু ষ্টেডিয়ামৰ ক্ৰীড়াকেন্দ্ৰ তেওঁৰ নামতে ‘RG Baruah Sports complex‘ নাম দিয়া হয়।

১৯৭৭ চনৰ ১৫ জুলাইত গুৱাহাটীৰ চানমাৰীৰ নিজা বাসভৱনত ৰাধাগোবিন্দ বৰুৱাৰ মৃত্যু হয়

তেখেতৰ মৃত্যু বাৰ্ষিকীত Rnewsindia24 পৰিয়ালে গভীৰ শ্ৰদ্ধাঞ্জলী জনাইছোঁ।

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *