এছিয়া মহাদেশৰ প্ৰথম ন’বেল বঁটা প্ৰাপ্ত, ভাৰতৰ জাতীয় সংগীতৰ ৰচয়িতা ৰবীন্দ্ৰনাথ ঠাকুৰ।
ৰবীন্দ্ৰনাথ ঠাকুৰঃ
ভাৰতৰ এগৰাকী বঙালী সাহিত্যৰ বিশিষ্ট কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, দাৰ্শনিক, ভাৰতৰ জাতীয় সংগীতৰ ৰচয়িতা, এছিয়া মহাদেশৰ ন’বেল বঁটা লাভ কৰা প্ৰথম ব্যক্তি, ভানুসিংহ ছদ্মনাম, বিশ্বকবি, কবিগুৰু, গুৰুদেৱ নামেৰে প্ৰসিদ্ধ, বঙালী ভাষাৰ চুটিগল্পৰ প্ৰতিষ্ঠাতা, সংগীতজ্ঞ আছিল।
তেওঁ জন্ম হৈছিল ১৮৬১ চনৰ ৭ মে’ তাৰিখে কলকাতাৰ জোড়া সাঁকোৰত।
পিতৃৰ নাম দেবেন্দ্ৰনাথ ঠাকুৰ আৰু মাতৃ নাম সাৰদা দেবী।
তেওঁৰ সৰুতে মতা নাম আছিল ৰবি।
১১ বছৰ বয়সত ১৮৭৩ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে ৰবীন্দ্ৰনাথে পিতৃৰ লগত ভাৰত ভ্ৰমণ কৰিছিল।
১৮৭৭ চনত ‘ভিক্ষাৰিনী‘ নামৰ গল্পটিয়ে বঙালী সাহিত্যৰ প্ৰথম চুটিগল্পৰ মৰ্যাদা লাভ কৰে।
১৮৮২ চনত তেওঁৰ বিখ্যাত কাব্যগ্ৰন্থ ‘সন্ধ্যা‘ সংগীত প্ৰকাশিত হয়।
“নিৰ্ঝৰেৰ স্বপ্নভঙ্গ” নামৰ বিখ্যাত কবিতাটি এই কাব্যগ্ৰন্থৰে অন্তৰ্গত।
১৮৭৮ চনত বেৰিষ্টাৰ হোৱাৰ উদ্দেশ্যে ৰবীন্দ্ৰনাথে ইংলেণ্ডলৈ যাত্ৰা কৰে।
১৮৮০ চনত তেওঁ কোনো ডিগ্ৰী লাভ নকৰাকৈ ভাৰতলৈ ঘূৰি আহে।
১৮৮৩ চনত তেওঁ মৃণালিনী দেৱীক বিয়া কৰায়।
জন্মৰ সময়ত মৃণালিনীৰ ঘৰত মতা নাম আছিল ভৱতাৰিণী।
তেওঁলোকৰ পাঁচটি সন্তানৰ জন্ম হৈছিল যদিও তাৰ মাজতে দুটি শিশুকালতেই মৃত্যুৰ মুখত পৰে।
তেওঁ “জমিদাৰ বাবু” নামেৰেও পৰিচিত আছিল।
১৯০১ চনত ৰবীন্দ্ৰনাথে শিলাইদহ ত্যাগ কৰি শান্তিনিকেতনৰ উদ্দেশ্যে যাত্ৰা কৰে।
তেওঁৰ শান্তিনিকেতনলৈ যোৱাৰ মূল উদ্দেশ্য আছিল এখন আশ্ৰম স্থাপন কৰা।
এই আশ্ৰমত তেওঁ গঢ়ি তোলে এটি মাৰ্বল পাথৰেৰে সুশোভিত মন্দিৰ, এখন বিদ্যালয়, বাগিচা আৰু গ্ৰন্থাগাৰ।
এইছোৱা সময়তেই তেওঁৰ পত্নী আৰু দুটা সন্তানৰ পৰলোকপ্ৰাপ্তি হয়।
১৯০৫ চনৰ জানুৱাৰী মাহৰ ১৯ তাৰিখে তেওঁৰ পিতৃ দেবেন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু ঘটে।
১৯০১ চনত তেওঁৰ ‘নৈবেদ্য‘ কাব্যপুথি আৰু ১৯০৬ চনত ‘খেয়া‘ নামৰ কাব্যপুথি প্ৰকাশিত হয়।
১৯১৩ চনৰ নৱেম্বৰ মাহত তেওঁ “গীতাঞ্জলি” কাব্যপুথিৰ বাবে সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
১৯২১ চনত ৰবীন্দ্ৰনাথে কৃষি অৰ্থনীতিবিদ লিওনাৰ্ড কে এল্মহাৰ্ষ্টৰ লগত মিলি শান্তিনিকেতনৰ সমীপত অৱস্থিত সুৰুল নামৰ গাঁৱত ‘পল্লী পুনৰ্নিমাণ সংস্থা‘ নামৰ এটা প্ৰতিষ্ঠান গঢ়ি তোলে।
পিছত তেওঁ এই প্ৰতিষ্ঠানটোৰ নাম সলনি কৰি “শ্ৰীনিকেতন” ৰাখে।
এই “শ্ৰীনিকেতন“ৰ মাধ্যমেৰে ৰবীন্দ্ৰনাথে মহাত্মা গান্ধী পৰিচালিত স্বাধীনতা আন্দোলনৰ এটি বিকল্প ব্যৱস্থা প্ৰতিষ্ঠাৰ চেষ্টা কৰিছিল।
এই প্ৰতিষ্ঠানত তেওঁ দেশ :- বিদেশৰ বিভিন্ন পণ্ডিত আৰু বিদ্বান লোকৰ সহযোগত গাঁৱৰ লোকসকলক বিনামূলীয়া শিক্ষা দিয়াৰ প্ৰয়াস কৰিছিল।
১৯৩০ৰ দশকত তেওঁ ভাৰতবৰ্ষৰ অস্বাভাৱিক বৰ্ণবিভেদৰ বিষয়ে মতামত প্ৰকাশ কৰা আৰম্ভ কৰে।
তেওঁ এই বৰ্ণবিভেদৰ বিৰূদ্ধে বক্তৃতা, কবিতা, নাটক আদিৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে।
ৰবীন্দ্ৰনাথ ঠাকুৰৰ সকলোতকৈ প্ৰভাৱশালী সাহিত্য হৈছে তেখেতৰ গান আৰু কবিতাবোৰ।
চুটিগল্প, প্ৰবন্ধ, ভ্ৰমণকাহিনী আৰু নাটক ৰচনা কৰিছিল।
গান আৰু কবিতাৰ পিছতে তেখেতৰ আটাইতকৈ প্ৰভাৱশালী ৰচনা হ’ল চুটিগল্প।
তেখেতক বঙালী ভাষাৰ চুটিগল্পৰ প্ৰতিষ্ঠাতা বুলি গণ্য কৰা হয়।
তেখেতৰ গীতাঞ্জলি কাব্যগ্ৰন্থৰ বাবে ১৯১৩ চনত তেওঁ এছিয়া মহাদেশৰ প্ৰথম ব্যক্তি হিচাপে ন’বেল বঁটা লাভ কৰে।
তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰে বঙালী ভাষা আৰু সংস্কৃতি সমৃদ্ধ।
বিশ্বৰ বঙালীভাষী সকলৰ মাজত তেওঁ বিশ্বকবি, কবিগুৰু আৰু গুৰুদেৱ নামেৰে প্ৰসিদ্ধ।
তেখেতৰ ছদ্মনামটো হৈছে ভানুসিংহ।
তেওঁ বিশ্বৰ একমাত্ৰ কবি যি দুখনকৈ দেশৰ জাতীয় সংগীত ৰচনা কৰিছে।
বাংলাদেশৰ জাতীয় সংগীত “আমাৰ সোনাৰ বাংলা” আৰু ভাৰতৰ জাতীয় সংগীত “জন গণ মন” দুয়োটাৰে ৰচয়িতা।
তেখেতৰ উপন্যাস সমূহ হৈছে :- বউ ঠাকুৰাণীৰ হাট, মালঞ্চ, যোগাযোগ, ৰাজৰ্ষি, দুই বোন, শেষেৰ কবিতা, নৌকা ডুবি, প্ৰজাপতিৰ নিৰ্বন্ধ, গোৰা, ঘৰে বাইৰে, চতুৰঙ্গ, চাৰ অধ্যায়, চোখেৰ বালি।
গল্প সংকলন সমূহ হৈছে :-
English Stories, তিনসংগী
গল্পগুচ্ছ, গল্প-চল্প, লিপিকা
অন্যান্য।
তেখেতে ৰচনা কৰা নাটকসমূহ হ’ল :- কালেৰ যাত্ৰা, কাহিনী গুৰু, গৃহপ্ৰবেশ, গোড়ায় গলদ, চণ্ডালিকা, চিত্ৰাঙ্গদা, চিৰকুমাৰ-সভা
ডাকঘৰ, তপতী, তাসেৰ দেশ
নটৰাজ নটীৰ পূজা, নৃত্যনাট্য চণ্ডালিকা, নৃত্যনাট্য চিত্ৰাঙ্গদা ইত্যাদি।
তেওঁৰ অন্যান্য উল্লেখযোগ্য নাটক হৈছে :- চিত্ৰাংগদা, ৰাজা, মায়াৰ খেলা আদি।
ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাত মধ্যযুগীয় বৈষ্ণব পদাৱলী, উপনিষদ, কবীৰৰ দোহাৱলী, লালনৰ বাউল গীত আৰু ৰামপ্ৰসাদ সেনৰ শাক্ত পদাৱলীৰ প্ৰভাৱ পৰিলক্ষিত হয়।
নোবেল ফাউণ্ডেচনে তেখেতৰ এই ‘গীতাঞ্জলী‘ গ্ৰন্থখনক “গভীৰ সংবেদনশীল, উজ্জ্বল আৰু সুন্দৰ কাব্যগ্ৰন্থ” বুলি মন্তব্য কৰিছে।
ৰবীন্দ্ৰনাথ ঠাকুৰ এজন উচ্চ পৰ্যায়ৰ সংগীতজ্ঞ আৰু চিত্ৰকৰ আছিল।
তেখেতে লেখা ২,২৩০টা গান বঙালী সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ।
ৰবীন্দ্ৰনাথ ঠাকুৰৰ গান ৰবীন্দ্ৰ সংগীত হিচাপে পৰিচিত।
তেওঁ ইউৰোপীয় ঔপনিৱেশতাবাদৰ প্ৰতিবাদ কৰিছিল আৰু ভাৰতৰ জাতীয়তাবাদী আন্দোলনক সমৰ্থন কৰিছিল।
তেওঁ ভাৰতবাসীক এই শাসন মানি ল’বলৈ আহ্বান জনাই কয়, “There can be no question of blind revolution, but of steady and purposeful education”.
NE HYGIENE SOLUTIONS
SERVICES :- > Pest control Services
>House keeping Services
>Facility management
>Deep cleaning Services
>Supplying of Hygiene chemicals & Tools
>Marble polishing
>Sofa shampooing
>Glass cleaning
Phone No – 8861255323/ 9980130059
Email: Md@nehygienesolutions.com/Support@nehygienesolutions.com
Website : Nehygienesolitions.com
১৯৪১ চনৰ ৭ আগষ্ট তাৰিখে ৮০ বছৰ বয়সত তেখেত মৃত্যু হয়।
তেখেতে ভাৰতৰ বাবে যিখিনি প্ৰতিষ্ঠা কৰি থৈ গ’ল সেয়া আজীৱন স্মৰণীয় হৈ থাকিব।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24