হৃদৰোগ, নিউমোনিয়া, গ্ৰহনী – এনে মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰান পাবলৈ খাৱক মছন্দৰী ।
মছন্দৰীঃ অসমীয়া সমাজৰ এবিধ প্ৰচলিত শাক।
মছন্দৰী খাই আপুনি কেনে পাই?
মছন্দৰী হৈছে বহল পাতেৰে মাটিত বগাই যোৱা এবিধ লতা জাতীয় ঔষধিযুক্ত বন-উদ্ভিদ।
ইংৰাজীত Chameleon Plant বা Fish mint বুলি কোৱা হয়।
আজিৰ প্ৰজন্মই এইবোৰ চিনিকে নাপাই, তেওঁলোকৰ পছন্দ বোৰো আকৌ সলনি হ’ল।
পিজ্জা, বাৰ্গাৰ, মেগী, পাস্তা আদি বিদেশী খাদ্যবোৰহে তেওঁলোকৰ পছন্দ।
অসমীয়া থলুৱা ব্যঞ্জন বুলিলে নাক কোচাই দিয়ে।
ইয়াৰ বাবে দায়ী কেৱল তেওঁলোকেই নহয়, তেওঁলোকৰ অভিভাৱক সকলহে বেছি দায়ী।
এই থলুৱা খাদ্যবোৰৰ লগত তেওঁলোকক সৰুৰে পৰাই পৰিচয় কৰাই দিয়া উচিত আৰু লগতে ইয়াৰ গুণাগুণো পাৰিলে বুজাই দিব লাগে।
তেতিয়াহে এইবোৰ খাদ্যৰ প্ৰতি তেওঁলোক আগ্ৰহী হ’ব।
এই উদ্ভিদবিধ ব্যঞ্জন হিচাপেও ৰান্ধি খাব পাৰি-সিজাই, নিমখ তেল সানি চাটনি বনাইয়ো খাব পাৰি নাইবা আন শাকৰ পাচলিৰ সৈতে মিহলাইও আঞ্জা বনাই খাব পাৰি।
মোৰ আকৌ মছন্দৰী চাটনীকন বৰ প্ৰিয়।
ভাতৰ কাহীত মছুন্দৰী চাটনীকন গোন্ধ! উফ্ঃ
মছন্দৰী কেঁচা অৱস্থাত বৰ উপকাৰী।
মছুন্দৰীত বেছি পৰিমাণে ভিটামিন A কেৰোটিন আৰু কেলচিয়াম পোৱা যায়।
ইয়াৰ বৈজ্ঞানিক নাম হৈছে :- ‘ৰানুনকুলাচ ৰেণিফ’ৰমিছ’ আৰু ‘ৰামুনকুচাচি’গোত্ৰৰ।
আজি জানোঁ আহক মছন্দৰীত কি কি গুন আছে :-
1. মছন্দৰী খালে শৰীৰৰ ওজন হ্ৰাস কৰাত বিশেষভাৱে সহায় কৰে।
2. আঘাতপ্ৰাপ্ত ছালৰ বিভিন্ন সমস্যা নিৰাময় কৰাত সহায় কৰে।
3. মছন্দৰীৰ পাত খালে দৃষ্টিশক্তি আৰু স্নায়ু সবল হয়।
4.মছন্দৰীয়ে বেক্টেৰিয়াৰ সৈতেও যুঁজ দিব পাৰে।
5. মছন্দৰীৰ পাতে ৰক্তকণিকা বৃদ্ধি, হৃদৰোগ প্ৰতিৰোধ আৰু মাংসপেশী আটিল কৰে।
6.পেটৰ বেমাৰ বিশেষকৈ ‘ক্ৰণিক ডিচেন্ট্ৰী’ত ভোগা ৰোগীৰ বাবে মছন্দৰী উপকাৰী।
7.কেঁচা মছন্দৰী খালে ৰক্ত শৰ্কৰা স্তৰ হ্ৰাস কৰাত সহায় কৰিব পাৰে।
ই ইনছুলিন উৎপাদনত আৰু গ্লুকোজৰ সহনশীলতা উন্নত কৰাত সহায় কৰি ডায়েবেটিচৰ সৈতে যুঁজ দিয়ে।
8. স্বাস্থ্যকৰ কলেষ্টৰেল স্তৰ উন্নত কৰাত মছুন্দৰীয়ে সহায় কৰে।
9. ই গ্ৰহণী, তেজ গ্ৰহণী বা ৰক্তাতিসাৰ, পেটৰ কামোৰণি আদিকে ধৰি পেটৰ বিভিন্ন বেমাৰৰ বাবে উত্তম।
10. নহৰুৰ ৰসৰ সৈতে ইয়াৰ ৰস মিহলাই পান কৰিলে আভোক বা অৰুচি আঁতৰি যায়, পেটৰ বিষ প্ৰশমিত হয়।
11. জালুক আৰু পিপলিৰ চূৰ্ণৰ লগত সামান্য নিমখ মিহলাই ইয়াৰ ৰস পান কৰিলে শ্বাস কষ্ট দূৰ হয়।
12.ব্ৰংকাইটিছ, নিউমোনিয়া জ্বৰ আদিতো ই ফলপ্ৰসূ আৰু উপশমদায়ক।
13. মছন্দৰী খালে আভোক, শৌচ খোলোছা নোহোৱা, বদহজম আদিৰ উপশম হয়।
প্ৰায় মানুহে মছন্দৰী গোন্ধ বেয়া পাই।
গতিকে আজিৰ পৰা মছন্দৰীৰ গোন্ধ ভাল পাবলৈ শিকক আৰু সদায় মছন্দৰী খাই শৰীৰটো সুস্থ-সবল কৰি ৰাখক।
দেহ ভালেই মন ভাল।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24