ড্ৰাই ফুদৰ ৰজা “কাজু বাদাম” কিয় কেতিয়া খাব লাগে আৰু নালাগে ?
কাজু বাদামঃ
ইয়াত যথেষ্ট পৰিমাণৰ ভিটামিন, মিনাৰেল তথা বিভিন্ন পুষ্টিকৰ তত্ত্বও থাকে
যেনে- ছদিয়াম, পটাছিয়াম, ফছফৰাছ, জিংক, ভিটামিন B6, ভিটামিন K আদি পোৱা যায়৷
ইয়াক ইংৰাজীত “Cashew nuts” বুলি কোৱা হয়৷
কাজু বাদামক “ড্ৰাই ফুদৰ ৰজা” বুলিও কোৱা হয়৷
কাজু বাদামত ভাল চৰ্বি থাকে, যিটোৱে বেয়া কলেষ্টেৰল এলভিএলৰ মাত্ৰা কম কৰাত সহায় কৰে।
কাজু বাদাম আমাৰ দেহৰ বাবে কিমান উপকাৰী আৰু অপকাৰী জানো আহকঃ
1. সৰু ল’ৰা-ছোৱালীৰ বাবে কাজু বাদাম অতি উপকাৰী।
৬ বছৰ বয়সৰ পৰা ১৪ বছৰৰ বয়সৰ শিশুৰ ক্ষেত্ৰত তেওঁলোকৰ ভোক অতি অনিয়মীয়া হয় আৰু খাদ্যৰ পৰিমাণও কমি আহে গতিকে তেনে সময়ত শিশুক পুৱা গাখীৰ লগত কাজু বাদাম খাবলৈ দিলে ভোক বঢ়াই আৰু শক্তি প্ৰদান কৰে৷
2. কাজুবাদামত থকা প্ৰটিন আৰু ভিটামিনৰ বাবে হজম শক্তি তথা হজম প্ৰক্ৰিয়া যথেষ্ট সবল কৰি ৰাখে আৰু আমাৰ ভোকক নিয়ন্ত্ৰণ কৰি ৰাখে৷
হজম প্ৰক্ৰিয়া সুস্থিৰ হৈ থাকিলে কম ওজনৰ লোকক ওজন বঢ়োৱা আৰু বেছি ওজনৰ লোকৰ ওজন হ্ৰাস কৰাত সহায় কৰে৷
3. আমাৰ শৰীৰত থকা হৃদয় বা কলিজাক পৰ্যাপ্ত মাত্ৰাত ৰক্ত নাপালে বিভিন্ন ধৰণৰ হাৰ্টৰ সমস্যাই দেখা দিয়ে।
কাজু বাদামত থকা উচ্চ মেগনেছিয়াম উপাদানৰ বাবে তেজৰ অতিমাত্ৰা বাঢ়ি অহা কলেষ্টলৰ পৰিমাণ হ্ৰাস তথা নিয়ন্ত্ৰণ কৰে৷
4. শৰীৰত বাঢ়ি অহা চৰ্বিক নিয়ন্ত্ৰণ কৰিবলৈ কাজু বাদামে যথেষ্ট সহায় কৰে।
কিন্তু ওজন কমোৱাৰ ক্ষেত্ৰত ইয়াক কেতিয়া আৰু কিমান পৰিমাণৰ খাব লাগে তাক জনাটো খুবেই প্ৰয়োজন৷
ওজন কমোৱাৰ বাবে আমি খাদ্য খোৱাৰ আগত মাত্ৰ দুটা কাজু বাদাম খাব লাগে আৰু তাৰ পাছত এগিলাচ গৰম পানী খাব লাগে৷
5. যেতিয়া এগৰাকী গৰ্ভৱৰ্তী মহিলাৰ হৰমন সলনি হৈ থাকে তেতিয়া তেখেতৰ ভোক নালাগে আৰু খাদ্যও খাবলৈ মন নকৰে সেই সময়ত নিয়মীয়াকৈ কাজু বাদাম খালে তেখেত শাৰীৰিক আৰু মানসিক ভাবে সুস্থ সবল হৈ থাকে।
6. ডাইবেটিছ ৰোগত ভুগি থকা সকলে কাজু বাদাম খাব লাগে।
অপকাৰিতাঃ
1. কাজু বাদামে দেহৰ উত্তাপ বৃদ্ধি কৰায় ।
সেয়ে অতি গৰমৰ বতৰত কাজু বাদাম খাব নালাগে।
2. কাজু বাদাম অধিক খালে পেটৰ অসুখ, ডিচেণ্ট্ৰী আদিৰ লগতে নানা পাৰ্শ্বক্ৰিয়া হ’ব পাৰে।
3. ঘনাই মুৰৰ বিষ হোৱা লোকে এই ফল খোৱা উচিত নহয়।
4. কোনো বিশেষ ৰোগৰ চিকিৎসা কৰি থকা বা ঔষধ খাই থকা ৰোগীয়ে ডাক্তৰৰ পৰামৰ্শ মতেহে কাজু বাদাম খোৱা উচিত।
NE HYGIENE SOLUTIONS
SERVICES :-
> Pest control Services
>House keeping Services
>Facility management
>Deep cleaning Services
>Supplying of Hygiene chemicals & Tools
>Marble polishing
>Sofa shampooing
>Glass cleaning
Phone No – 8861255323 / 9980130059
Email: Md@nehygienesolutions.com/Support@nehygienesolutions.com
Website : Nehygienesolitions.com
গতিকে আমি সকলোৱে কাজু বাদাম খাই শৰীৰটো সুস্থ কৰি ৰাখো আহক।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24