বলীউডৰ বিশিষ্ট কণ্ঠশিল্পী কৃষ্ণকুমাৰ কুন্নথ (কেকে)ৰ জীৱন যাত্ৰা ।
বলীউডৰ কণ্ঠশিল্পী কৃষ্ণকুমাৰ কুন্নথ ৰ আজি উপজা দিন।
তেওঁক “কেকে” নামেৰে পৰিচিত।
তেখেতে সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদান সমূহৰ বাবে সদায় চিৰস্মৰণীয় হৈ থাকিব।
কণ্ঠশিল্পী গৰাকীৰ জীৱনযাত্ৰাঃ
তেখেত জন্ম হৈছিল ১৯৬৮ চনৰ ২৩ আগষ্ট
দিল্লীত।
চি. এছ. মেনন আৰু কুনাথ কনকভালিৰ সন্তান কৃষ্ণকুমাৰ কুন্নথ।
তেওঁ “কেকে” নামেৰে পৰিচিত।
কেকে দিল্লীত ডাঙৰ দীঘল হৈছিল।
সৰুৰে পৰাই সঙ্গীতৰ পৰিৱেশত ডাঙৰ-দীঘল হৈছিল কে কে।
পিতৃ-মাতৃ দুয়াগৰাকীয়েই অতি ভাল গান গাইছিল।
ককাক আছিল সঙ্গীতৰ প্রশিক্ষক।
বলীউডত প্ৰৱেশ কৰাৰ আগতে তেওঁ ৩৫০০টা জিংগল গাইছিল।
তেওঁ দিল্লীৰ মাউণ্ট ছেইণ্ট মেৰীছ স্কুলৰ প্ৰাক্তন ছাত্ৰ আছিল আৰু দিল্লী বিশ্ববিদ্যালয়ৰ কিৰোৰী মল কলেজ ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।
১৯৯৯ চনৰ ক্ৰিকেট বিশ্বকাপৰ সময়ত ভাৰতীয় ক্ৰিকেট দলৰ সমৰ্থনত তেওঁ “জৌছ অৱ ইণ্ডিয়া” গীতত কণ্ঠদান কৰিছিল।
১৯৯১ চনত কেকে জ্যোতিৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
তেওঁৰ পুত্ৰ নকুল কৃষ্ণ কুনাথে তেওঁৰ সৈতে তেওঁৰ এলবাম “হমচফৰ“ত “মস্তি” নামেৰে এটা গীত গাইছিল।
কেকেৰ তামাৰা কুন্নথ নামৰ এগৰাকী কন্যাও আছিল।
গায়ক কিশোৰ কুমাৰে কেকেক যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰিছিল আৰু কেকেৰ প্ৰিয় আন্তঃৰাষ্ট্ৰীয় গায়ক আৰু বেণ্ডৰ ভিতৰত সংগীত পৰিচালক আৰ. ডি. বৰ্মন, মাইকেল জেকচন, বিলি জোৱেল, ব্ৰায়ান এডামছ, লেড জেপেলিন আদি অন্যতম আছিল।
তেওঁ কয় যে, এজন গায়কৰ মুখখন ভালদৰে দেখা পোৱাটো গুৰুত্বপূৰ্ণ নহয় – গুৰুত্বপূৰ্ণ কথাটো হ’ল “এজন গায়কক শুনিব লাগিব।” কেকেই কেতিয়াও সংগীতৰ বাবে কোনো আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ কৰা নাই।
তেওঁ কণ্ঠদান কৰা গানবোৰৰ ভিতৰত – খুদা জানে, আলবিদা, অ মেৰি জান, কোই কহে কহতা ৰহে, সচ কহে ৰহা হ্যায় দিৱানা, তু হি মেৰা সব হ্যায়, দিল ইবাদত, আদি অতি জনপ্ৰিয়।
কেকেৰ এলবাম সমূহ হৈছে- ২০০২ চনত হমৰাজ, ২০১০ চনত কাভালা, ২০১৩ চনত কেকে বেষ্ট অফ মি, ২০১১ চনত চলফুল ভইচ কেকে, ২০১৪ চনত নাউ প্লেইং কেকে হিটচ, ১৯৯৯ চনত পল,
২০০৮ চনত হমচফৰ, ২০১৫ মিউজিকেল বণ্ড প্ৰিতম আৰু কেকে।
কেকেই “খোদা জানে” গীতৰ বাবে ২০০৯ চনত “শ্ৰেষ্ঠ নেপথ্য গায়কৰ ষ্টাৰ স্ক্ৰীন বঁটা” লাভ কৰিছিল।
তেওঁ হিন্দী, তামিল, তেলেগু, কন্নড়, মালয়ালম, মাৰাঠী, বাংলা, অসমীয়া আৰু গুজৰাটী ভাষাৰ ছবিত গীত বাণীবদ্ধ কৰিছে।
২০০০ চনৰ আটাইতকৈ সফল ভাৰতীয় কণ্ঠশিল্পী সকলৰ ভিতৰত কেকে এজন।

২০২২ চনৰ ৩১ মে’ত ৫৩ বছৰ বয়সত কলিকতাত অনুষ্ঠিত এক সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি থাকোঁতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয়।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24