মিচিং স্বায়ত্তশাসিত পৰিষদৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ জৰিয়তে ২৫ গৰাকী শিপিনীক অত্যাৱশ্যকীয় সামগ্ৰী বিতৰন। - R News India 24
Skip to content
মিচিং স্বায়ত্ত শাসিত পৰিষদৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত প্ৰদান কৰা শিপিনী দক্ষতা বিকাশ প্ৰশিক্ষণৰ ২৫ গৰাকী শিপিনীক আজি ঢকুৱাখনা, মাতমৰা লঃয়িদ প্ৰেক্ষাগৃহত আনুষ্ঠানিক ভাৱে প্ৰশিক্ষণৰ সামৰণি আৰু সামগ্ৰী বিতৰনৰ অনুষ্ঠানটি সম্পন্ন হয়।
মিচিং স্বায়ত্ত শাসিত পৰিষদে গ্ৰামীনঞ্চলৰ শিপিনী সকলক অত্যাধুনিক প্ৰশিক্ষণৰ লগতে বজাৰৰ চাহিদা অনুসৰি প্ৰস্ততিত সামগ্ৰী সম্প্ৰসাৰনকে ধৰি বজাৰ দখল কৰাৰ বিভিন্ন কৌশল সৱলম্বনৰ বিষয়ে প্ৰশিক্ষন প্ৰদান কৰি আহিছে।
তাৰে অংশস্বৰূপে পৰিষদৰ পৰিষদীয় সমষ্টিয়ে সমষ্টিয়ে এনেধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহন কৰিছে।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগ
আজি ঢকুৱাখনা, মাতমৰা লঃয়িদ প্ৰেক্ষাগৃহত অনুষ্ঠিত সামৰণি আৰু সামগ্ৰী বিতৰন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, বিভাগীয় কাৰ্যবাহী সদস্যা ইন্দিৰা কুম্বাং, সাধাৰন সদস্যা বিউতি পেগুৰ লগতে সন্মিলিত গণশক্তি অসম, TMPK, MMK, TMMK ৰ নেত্ৰীবিন্দ।
পৰিষদৰ এনে বিভিন্ন কাৰ্যসূচীসমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ চাই থাকিব Rnewsindia24.com
মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।