Mising Autonomous Council

Kapé MAC

Spread the love

® “শ্বহীদ অঞ্জনা কাপ” শুভাৰম্ভণি।

২০/০৮/২০২৬ তাৰিখে
শ্বহীদ অঞ্জনা কাপ সমিতি আৰু মিংমাং আঞ্চলিক TMPKৰ উদ্যোগত মিচিং স্বায়ত্বশাসিত পৰিষদৰ সহযোগত মিংমাংস্থিত কঠালগুৰি খেলপথাৰত অনুষ্ঠিত হোৱা “শ্বহীদ অঞ্জনা কাপ” ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন প্ৰতিবছৰৰ দৰে এইবাৰো ৫ ছেপ্টেম্বৰ অৰ্থাৎ শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰিব।

উক্ত অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য অনিল পায়েং, TMPKৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চান পাংগিং, শ্বহীদ অঞ্জনা পেগুৰ পৰিয়ালবৰ্গ, শ্বহীদ অঞ্জনা কাপৰ পদক আৰু বিভিন্ন সামগ্ৰীৰ দাতাসকল, গণশক্তি, মিচিং জাতীয় সংগঠন MMK, TMMK, TMPKৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

 

® MACৰ পুঁজিৰে ১৮ নং বগীনদী পৰিষদীয় সমষ্টিত নিৰ্মাণ কৰা আঁচনিৰ শুভাৰম্ভণি।

২০/০৮/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ আৱন্টিত পুঁজিৰে ১৮ নং বগীনদী পৰিষদীয় সমষ্টিৰ ভীমপৰা গাওঁ পঞ্চায়ৰ অন্তৰ্গত কাংকান কক্‌চিৰি গাৱঁত নিৰ্মান কৰা মুৰঙৰ শুভ উদ্বোধন কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য অনিল পায়েঙে।

শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে গণশক্তি, MMK, TMMK, TMPKৰ কেন্দ্ৰীয়, জিলা, আঞ্চলিকৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

 

® MACৰ ৩০নং উজনি মাজুলী পৰিষদীয় সমষ্টিত নিৰ্মান কৰা আঁচনিৰ শুভাৰম্ভণি।

২০/০৮/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২০২৫-২৬ বৰ্ষৰ আৱন্টিত পুঁজিৰ ১০ লাখ টকা ব্যয়ৰে ৩০নং উজনি মাজুলী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ২ নং উজনি ৰতনপুৰ মিৰি গাঁৱত নিৰ্মান কৰা ‘মুৰঙ’ৰ শুভ উদ্বোধন কৰে পৰিষদৰ সাধাৰণ সদস্য নিলকান্ত দলেয়ে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে TMPKৰ কেন্দ্ৰীয় সমিতিৰ সদস্য ৰামগোবিন দলে, মাজুলী জিলাৰ সভাপতি পবিত্ৰ পাতিৰ, ৰতনপুৰমিৰি পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী মঞ্জিলিকা দলে পেগু, প্ৰাক্তন জিলা পৰিষদ সদস্য দেৱজিত পাতিৰ, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

 

® MACৰ সভাকক্ষত বিশেষ বৈঠক।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ দ্বাৰা ৰূপায়িত বিভিন্ন বিভাগৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ আঁচনি সমূহৰ অগ্ৰগতি সম্পৰ্কে বিভাগীয় সহায়ক সকলৰ সৈতে পৰ্য্যালোচনা বৈঠক।

বৈঠকত ২০২৬ বৰ্ষৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক শীঘ্ৰে এককালীন আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিব পৰাকৈ চূড়ান্ত তালিকা প্ৰস্তুত কৰে।

আনহাতে, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ জৰিয়তে মিচিং স্বায়ত্বশাসিত পৰিষদ এলেকাৰ আৰ্থ সামাজিক জৰীপৰ বাবে প্ৰস্তুতি সম্পৰ্কে বিশেষভাৱে আলোচনা কৰে।

উক্ত বৈঠকত উপস্থিত থাকে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনীল কুমাৰ পেগু আৰু অন্যান্য বিষয়ববীয়া।

 

® “চলুং উৎসৱ” উদযাপন সম্পৰ্কে বিশেষ বৈঠক।

২৪/০৮/২০২৬ তাৰিখে চিলাপথাৰ স্থিত মানস হোটেলত আগন্তুক ‘চলুং উৎসৱ’ উদযাপন সম্পৰ্কে এক বিশেষ বৈঠক অনুষ্ঠিত কৰে।

বৈঠকত উপস্থিত থাকি বহু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা MBKৰ সভাপতি পৰমানন্দ চায়েঙীয়াই।

বৈঠকৰ অন্তত বালিয়নী কুম্বাং গাৱঁত ১৯ আৰু ২০ চেপ্তেম্বৰ তাৰিখে উক্ত উৎসৱ উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উপস্থিত থাকে AMBK, MBK, ABK, TMPK, ADISU, TMMK, AAKৰ সভাপতি, সম্পাদক সকল আৰু কেন্দ্ৰীয়, জিলা পৰ্য্যায়ৰ অন্যান্য বিষয়ববীয়া।

 

® TMPKৰ সপ্তদশ সাধাৰণ অধিৱেশনৰ নৱ গঠিত সমিতিৰ শপতগ্ৰহণ।

১৮ আগষ্ট ২০২৬ তাৰিখে ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিয়নী কুম্বাং স্থিত বিশিষ্ট সমাজ কৰ্মীৰ তথা সমাজ সংগঠক শিল্পী সূৰ্য কুমাৰ চিন্তে সোঁৱৰণী ক্ষেত্ৰ প্ৰেক্ষাগৃহত TMPKৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰে।

জ’নাইত অনুষ্ঠিত হোৱা TMPKৰ ১৭ সংখ্যক সাধাৰণ অধিবেশনত নৱ-গঠিত সমিতিক শপত বাক্য পাঠ কৰোৱাই মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে জ’নাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, মিচিং জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি, গাম, সমাজকৰ্মী, MBK, MAK, MMK, MDK, TMMK, TMPKৰ কেন্দ্ৰীয়, জিলা, আঞ্চলিকৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

 

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰক Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *