এঘাৰমাইল শংকৰদেৱ শিশু নিকেতন ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত দিনযোৰা বৰ্ণাঢ্য আধ্যাত্মিক কাৰ্যসূচীৰে “শিক্ষক দিৱস” উদযাপন। - R News India 24
Skip to content
“গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ
গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নমঃ”
ভাৰতবৰ্ষৰ মহান দাৰ্শনিক, শিক্ষাবিদ, স্বাধীন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি, দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি, বহুকেইখন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক ভাৰত ৰত্ন ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণ দেৱৰ পৱিত্ৰ জন্মদিনটোৰ প্ৰতি সন্মান জনাই প্ৰতিবছৰে ৫ ছেপ্টেম্বৰ দিনটো দেশত ‘শিক্ষক দিৱস’ হিচাপে উদযাপন কৰি আহিছে।
ৰাধাকৃষ্ণণৰ জন্মদিনটো শিক্ষক দিৱস হিচাবে পালন কৰিবলৈ তেওঁ নিজেই কৈছিল।
সেয়া আছিল ১৯৬২ চনৰ কথা।
১৯৬২ চনত যেতিয়া ড৹ সৰ্বেপল্লী ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল, তেতিয়া তেওঁৰ একাংশ ছাত্ৰ আৰু গুণমুগ্ধই তেওঁৰ জন্মদিনটো উদযাপন কৰাৰ অনুমতি বিচাৰিছিল।
তেতিয়া ৰাধাকৃষ্ণণে তেওঁলোকক উদ্দেশ্যি কৈছিল – “মোৰ জন্মদিনটো সুকীয়াকৈ উদযাপন কৰাৰ পৰিৱৰ্তে ৫ ছেপ্টেম্বৰ দিনটো যদি ‘শিক্ষক দিৱস’ হিচাপে পালন কৰা হয়, তেন্তে মই আটাইতকৈ বেছি গৌৰৱবোধ কৰিম।”
সেয়ে, সেই তেতিয়াৰে পৰা ড৹ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ ইচ্ছা অনুসৰিয়েই তেওঁৰ জন্মদিনটো শিক্ষক দিৱস হিচাবে পালন কৰি অহা হৈছে।
১৯৬২ চনৰ ৫ ছেপ্টেম্বৰ তাৰিখৰ পৰাই ভাৰতত আনুষ্ঠানিকভাৱে শিক্ষক দিৱস উদযাপন কৰা হয় ।
শিক্ষা ব্যৱস্থাক আমোল পৰিবৰ্তন কৰা যুগনায়ক ৰাধাকৃষ্ণণ দেৱৰ জন্ম বাৰ্ষিকী উপলক্ষে Rnewsindia24 পৰিয়ালৰ তৰফৰ পৰাও গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ।
জীৱনৰ আদিপাঠ শিকোৱাৰ পৰা আৰম্ভ কৰি প্ৰতিটো খোজতে প্ৰজ্ঞাৰ সাধনাৰে সু-ভৱিষ্যত গঢ়াত আগভাগ লোৱা সমাজৰ বটবৃক্ষস্বৰূপ শিক্ষক সমাজলৈ আন্তৰিক শুভেচ্ছা তথা গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
আজি শিক্ষক দিৱস উপলক্ষে দেশৰ প্ৰতিখন শিক্ষানুষ্ঠানতে বিভিন্ন কাৰ্যক্ৰম অনুষ্ঠিত কৰে।
তাৰে অংশ স্বৰূপে এঘাৰমাইল শংকৰদেৱ শিশু নিকেতনত ছাত্ৰ-ছাত্ৰী সকলৰ উদ্যোগত দিনযোৰা বৰ্ণাঢ্য আধ্যাত্মিক কাৰ্যসূচীৰে “শিক্ষক দিৱস” উদযাপন কৰে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিকেতনৰ প্ৰধান আচাৰ্য অতুল গোহাঁই।
উপস্থিত থাকে নিকেতনৰ আচাৰ্য বৃন্দ ক্ৰমে- মনোজ বৰা, বিভা বৰা, মৌচুম বৰা, সংগীতা কলিতা, দিপাংকৰ মহন্ত, অঞ্জুমনি দলে, সংগীতা হাজৰিকা, মঞ্জুলা হাজৰিকা, বিবি কলিতা, ৰিজু শইকীয়া, বিশ্বজ্যোতি বৰা, অৰুণজ্যোতি দলে, চন্দন পেগু, নিতুল বৰা, প্ৰশান্ত শইকীয়া, চিলাৰায় দলে, এই অঞ্চলৰ বিশিষ্ট ব্যক্তি, অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ।
উল্লেখ্য যে উক্ত অনুষ্ঠানত নিকেতন খনৰ আচাৰ্য তথা বিশিষ্ট চিত্ৰশিল্পী মনোজ বৰাৰ চিত্ৰকলাৰ প্ৰাক্তন ছাত্ৰ নাসিক চিত্ৰকাৰ শিৰোমণি দলেয়ে উপস্থিত থকা সমূহ আচাৰ্যবৃন্দক শ্ৰদ্ধাভৰা সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে।
নাসিক চিত্ৰকাৰ শিৰোমণি দলেক সংগ দিয়ে R News India 24 ৰ পৰিয়ালৰ অন্যতম সদস্য বাবুল মেদকে।
প্ৰিয় পাঠক,
মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য বাৰ্তা জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰক Rnewsindia24.com